শেহতীয়া খবৰ
Home / আঞ্চলিক / চাৰি সমষ্টিৰ উপ-উপনিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত

চাৰি সমষ্টিৰ উপ-উপনিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : ৰাজ্যৰ চাৰি সমষ্টিৰ উপনিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। বিজেপিয়ে ইতিমধ্যে চাৰি সমষ্টিৰ বাবে তিনিজনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰি কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই আজি কংগ্ৰেছে ৰাজীৱ ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কংগ্ৰেছৰ নিৰ্বাচন কমিটীৰ বৈঠকত চাৰি সমষ্টিৰ উপনিৰ্বাচনক লৈ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰে। জনীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী পেনেলত ছজনৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ৰঙাপৰা বিধানসভা সমষ্টিত তিনিজন, সোণাৰি বিধানসভা সমষ্টিত তিনিজন আৰু ৰাতাবাৰী বিধানসভা সমষ্টিত চাৰিজন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হয়। আজিয়েই হাই কমাণ্ডৰ অনুমোদন বিচাৰি প্ৰাৰ্থী পেনেল ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে। দুদিনৰ ভিতৰত চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া যে জনীয়া বিধানসভা সমষ্টিত ২০গৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰিছিল। আটাইকেইগৰাকীৰ ভিতৰত কংগ্ৰেছ নিৰ্বাচন কমিটীয়ে ছয়গৰাকীৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰি দিল্লীলৈ প্ৰেৰণ কৰিছে। উক্ত তালিকাৰ শীৰ্ষত আছে বিশেষকৈ আমিৰুল হুছেইন খান, দেলোৱাৰ হুছেইন আৰু ছামছুল হকৰ নাম। এই তিনিগৰাকীৰ ভিতৰত এগৰাকীয়ে প্ৰাৰ্থিত্ব লাভ কৰাটো নিশ্চিত হৈছে। একেদৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী পেনেলত অন্তৰ্ভুক্ত হৈছে ভীমানন্দ তাঁতী, কাৰ্তিক কুৰ্মী আৰু সুনীলৰ নাম। একেদৰে সোণাৰি সমষ্টিৰ প্ৰাৰ্থী পেনেলত নাম অন্তৰ্ভুক্ত হৈছে উৎপল গগৈ, সুশীল চুড়ী আৰু প্ৰতিমা তাছাৰ নাম। ইপিনে ৰাতাবাৰী সমষ্টিৰ প্ৰাৰ্থী পেনেলত নাম অন্তৰ্ভুক্ত হৈছে কেশৱ প্ৰসাদ ৰজক, দেৱাংকি নন্দন ৰবিদাস, সুৰুচি ৰয় আৰু বুদ্ধ দাস। শেষ মুহূৰ্তত কোনে প্ৰাৰ্থিত্ব লাভ কৰে সেয়া লক্ষণীয় হ’ব।

মন কৰিবলগীয়া যে কংগ্ৰেছৰ দখলত থকা জনীয়া বিধানসভা সমষ্টিটো পুনৰবাৰ নিজৰ দখললৈ অনাৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ। বিশেষকৈ বৰপেটাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আব্দুল খালেকে নিজৰ বিধানসভা সমষ্টিটোৰ পৰা দলীয় প্ৰাৰ্থীক যিকোনো স্বাৰ্থৰ বিনিময়ত জয়ী কৰি আনিবলৈ গোপনে পৰিকল্পনা ৰচনা কৰিছে। জনীয়া সমষ্টিক লৈ কিন্তু আশা এৰি দিয়া নাই এ আই ইউ ডি এফ দলে। লোকসভা নিৰ্বাচনত মুখথেকেচা খোৱা এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে পুনৰবাৰ উপনিৰ্বাচনত দলটোৰ প্ৰাৰ্থিত্ব লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )