শেহতীয়া খবৰ
Home / আঞ্চলিক / চাৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

চাৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

ৰাতাবাৰীত বিজয় মালাকাৰ, জনিয়া তৌফিকুৰ ৰহমান, ৰঙাপৰা ৰাজেন বৰঠাকুৰ, সোণাৰীত নৱনীতা সন্দিকৈক প্ৰাৰ্থীত্ব

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ ছেপ্টেম্বৰ : ৰাজ্যৰ চাৰি সমষ্টিৰ উপনিৰ্বাচনক লৈ কংগ্ৰেছ-বিজেপিৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। বিশেষকৈ সমষ্টি দখলৰ লক্ষ্যৰে দুয়োটা ৰাজনৈতিক দলে গোপনে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। কংগ্ৰেছৰ চাৰি সমষ্টিৰ প্ৰাৰ্থী তালিকা কালি ঘোষণা কৰাৰ পিছত আজি বিজেপিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকা। জনীয়া বিধানসভা সমষ্টিত সম্পূৰ্ণৰূপে এলাগী হ’ল স্থানীয় প্ৰাৰ্থী। বিজেপিয়ে এইবেলি জনীয়া সমষ্টিৰ সৈতে বায়ু-পানীৰ সৈতে সম্পৰ্ক নথকা এজন নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰে। আজি বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকা অনুসৰি ৰাতাবাৰী বিধানসভা সমষ্টিত বিজয় মালাকাৰ, জনীয়া বিধানসভা সমষ্টিত তৌফিকুৰ ৰহমান, ৰঙাপৰা বিধানসভা সমষ্টিত ৰাজেন বৰঠাকুৰ আৰু সোণাৰি বিধানসভা সমষ্টিত নৱনীতা সন্দিকৈক গেৰুৱা দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰে। মন কৰিবলগীয়া যে জনীয়া বিধানসভাৰ উপনিৰ্বাচনৰ প্ৰাৰ্থিত্ব পেনেলত নাম অন্তৰ্ভুক্ত হৈছিল মজিবুৰ ৰহমান খান, আব্দুচ চামাদসহ তিনিজনৰ।

কিন্তু ৰাজ্যিক বিজেপিয়ে কেন্দ্ৰীয় নেতৃত্বলৈ তিনিজনীয়া পেনেল প্ৰস্তুত কৰি প্ৰেৰণ কৰিছিল। কিন্তু জনীয়া বিধানসভা সমষ্টিৰ বাবে আবেদন নকৰা তথা ৰাজ্যিক বিজেপিৰ সিদ্ধান্তক আওকাণ কৰি হঠাৎ তৌফিকুৰ ৰহমানক বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈও গেৰুৱা দলটোৰ ভিতৰচ’ৰাত ব্যাপক চৰ্চা লাভ কৰিছে। ইতিমধ্যে কংগ্ৰেছ প্ৰাৰ্থী চামচুল হকে জনীয়া সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। সমান্তৰালভাৱে এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে আশা এৰি দিয়া নাই। কংগ্ৰেছৰ দখলত থকা সমষ্টিটো পুনৰ দখল কৰিবলৈ কংগ্ৰেছে কোনো ধৰণৰ ত্ৰুটি এৰা নাই। যি কি নহওক বিজেপিৰ অতি দুৰ্বল প্ৰাৰ্থী তৌফিকুৰ ৰহমানে কাৰ অংকত আউল লগায় সেয়া লক্ষণীয় হ’ব। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ হাতত সম্পূৰ্ণৰূপে ধৰাশায়ী হৈছিল ৰফিকুল ইছলাম।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )