শেহতীয়া খবৰ
Home / আঞ্চলিক / ৩১ অক্টোবৰ পৰা ৬ নবেম্বৰলৈ মহানগৰীত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

৩১ অক্টোবৰ পৰা ৬ নবেম্বৰলৈ মহানগৰীত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

৬৫খন দেশৰ এশৰো অধিক ছবি প্ৰদৰ্শন কৰা হ’ব : মন্ত্ৰী নৱ দলে

মহানগৰ প্ৰতিবেদক, ৩০ ছেপ্টেম্বৰ : ২-৩ কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে আয়োজন কৰিবলৈ ওলাইছে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই ছবি মহোৎসৱত ৬৫খন দেশৰ এশখনৰো অধিক ছবি প্ৰদৰ্শন কৰা হ’ব।  সংবাদ মেল যোগে এই কথা ঘোষণা কৰিছে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ দলেই।  জ্যোতি চিত্ৰবনত আয়োজিত এখন সংবাদ মেলত মন্ত্ৰী নৱ দলেই উল্লেখ কৰে যে ৩১ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ সপ্তাহজোৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ১২খন দেশৰ ৰাষ্ট্ৰদূতে অংশ ল’ব। সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে এইবুলিও কয় যে এই চলচ্চিত্ৰ মহোৎসৱ শংকৰদেৱ কলাক্ষেত্ৰৰ তিনিটা প্ৰেক্ষাগৃহ আৰু জ্যোতি চিত্ৰবনৰ এটা প্ৰেক্ষাগৃহত দেশী-বিদেশী ছবিসমূহ প্ৰদৰ্শন কৰা হ’ব। আনহাতে এই মহোৎসৱত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ উপৰি ওড়িশা, তামিলনাডু আৰু কেৰালাৰ শিক্ষাৰ্থীয়ে অংশ ল’ব। তেওঁ কয়- লেটিন আমেৰিকাৰ বিভিন্ন দেশৰ পৰা ৮জন ৰাষ্ট্ৰদূতৰ উপৰি জাপান, দক্ষিণ কোৰিয়া, টাইৱান আৰু হাংগেৰীৰ ৰাষ্ট্ৰদূতসকল আহিব বুলি নিশ্চিত কৰিছে। তেওঁ কয়- এইবাৰ ছবি মহোৎসৱত ৮টা শিতান ৰখা হৈছে।

আঠটা শিতানৰ ভিতৰত আছে ৱৰ্ল্ড চিনেমা, ইণ্ডিয়ান শ্ব’কেচ, প্ৰতিযোগিতা শিতান, উত্তৰ-পূব শিতান, শ্ৰদ্ধাঞ্জলি শিতান- য’ত ছবি প্ৰদৰ্শনেৰে স্মৰণ কৰা হ’ব স্বৰ্গীয় গিৰীশ কাৰ্নাড আৰু মৃণাল সেনদেব, পূৰ্বপ্ৰভাৱী শিতান, মহাত্মাৰ ডেৰশ বছৰীয়া উদ্‌যাপন শিতান আৰু ইণ্ডিয়ান পেনোৰামা শিতান। আজিৰ সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে এইবুলিও কয় যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত ছাৰ্বিয়া, ভাৰত আৰু বাংলাদেশৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন তিনিজন পৰিচালক বিচাৰক ৰূপে থাকিব। তেওঁ কয়- এই চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতাত উত্তৰ-পূব ভিত্তিত আয়োজন কৰা হৈছে যদিও এইবাৰৰ প্ৰতিযোগিতা ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত হৈছে। ইতিমধ্যে প্ৰায় দুকুৰি চলচ্চিত্ৰই অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। তেওঁ কয়- এইবাৰৰ ছবি মহোৎসৱৰ কাণ্ট্ৰী অৱ ফ’কাচ হ’ব ইৰান। মহোৎসৱৰ উদ্বোধনীত ইৰানৰ ছবি প্ৰদৰ্শন কৰা হ’ব। আনহাতে এইবাৰৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিখনলৈ আঢ়ৈ লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। আনহাতে এইবাৰৰ মহোৎসৱত বিগত দুবছৰৰ দৰে ৰাজ্যৰ গ্ৰামাঞ্চলৰ পৰা শিক্ষাৰ্থীসকলক গাড়ীৰ যোগেদি চলচ্চিত্ৰ মহোৎসৱলৈ অনা হ’ব। আনহাতে  সংবাদ মেলত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ জৰিয়তে নতুন প্ৰজন্মই ভাল ভাল ছবি চোৱাৰ সুযোগ লাভ কৰিছে। এই চলচ্চিত্ৰ মহোৎসৱৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈ থকাৰ কথা উল্লেখ কৰি জ্যোতি চিত্ৰবনৰ অধ্যক্ষগৰাকীয়ে কয় যে মহোৎসৱৰ ৱেবছাইট যোগে অনলাইন আৰু জ্যোতি চিত্ৰবনত অফলাইন পঞ্জীয়ন কৰিব পাৰিব। তেওঁ কয়- এইবাৰৰ মহোৎসৱৰ মুখ্য অতিথি হিচাপে থাকিব বিশ্ববিখ্যাত ইউৰোপিয়ান চলচ্চিত্ৰ নিৰ্মাতা প’লেণ্ডৰ খ্ৰীষ্টফ জানুছী। আনহাতে এইবাৰৰ মহোৎসৱত ৰিজন অৱ ফ’কাচ হ’ব লেটিন আমেৰিকা আৰু কেৰিবিয়ান দেশ।

সংবাদমেলত এই কথাও উল্লেখ কৰে যে অসমৰ বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, লেখক আৰু অধ্যাপক টাবুৰাম টাইদৰ স্মৃতিত তেওঁৰ জন্মস্থান লখিমপুৰৰ ঘুণাসুঁতিত এটি স্মৃতিসৌধ নিৰ্মাণৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰি থকা হৈছে। এই স্মৃতিসৌধৰ লগত সংলগ্ন কৰি ‘ঘুণাসুঁতিৰ জ্ঞানপ্ৰবাহ’ নামেৰে এটি অত্যাধুনিক দৃশ্য-শ্ৰব্য পুথিভঁৰাল আৰু সংগ্ৰহালয় নিৰ্মাণ, মিচিং ভাষা-সংস্কৃতি, শিক্ষা আৰু সমাজৰ বিকাশৰ বাবে গৱেষণা কেন্দ্ৰ স্থাপনৰ প্ৰস্তুতি চলাই থকাৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰি এই কেন্দ্ৰৰ লগত বিশ্ববিদ্যালয়ৰ সংযোগ স্থাপন কৰি অধ্যাপক টাবুৰাম টাইদৰ নামত বিশ্ববিদ্যালয়ত এখন আসন প্ৰতিষ্ঠা কৰা হ’ব বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰি তেওঁ সমাধিক্ষেত্ৰ চিৰযুগমীয়া কৰিবৰ বাবে সংলগ্ন কাৰ্যালয় থকাৰ উপৰি এক অত্যাধুনিক উদ্যান গঢ়ি তোলা হ’ব। ইয়াৰ বাবে আনুমানিক ১৯,১৬,৮৬,৩৩৭ টকা ধাৰ্য কৰা হৈছে বুলি আজিৰ সংবাদমেলত মন্ত্ৰী নৱ দলেৰ লগতে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে। আজিৰ সংবাদমেলত মন্ত্ৰী নৱ দলে, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ অশোক কুমাৰ ভাৰ্গৱ, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বিষু্ণকমল বৰা আৰু গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালিকা তথা জ্যোতি চিত্ৰবনৰ সচিব মনিতা বৰগোহাঁই উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )