শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজেপিৰ হিন্দু বাংলাদেশী প্ৰীতিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’বই, হিন্দুত্ব ধবজা উৰুৱাই কলকাতাত শ্বাহৰ হুংকাৰ

বিজেপিৰ হিন্দু বাংলাদেশী প্ৰীতিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’বই, হিন্দুত্ব ধবজা উৰুৱাই কলকাতাত শ্বাহৰ হুংকাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ : অসমীয়াৰ আৱেগ-অনুভূতিক জলাঞ্জলি দি পুনৰ এবাৰ মোদী চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা পৰিলক্ষিত হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, জৈন, খ্ৰীষ্টান, বৌদ্ধ, পাৰ্চী শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে বিজেপি চৰকাৰে পূৰ্বতে বিধেয়কখন উত্থাপন কৰিছিল যদিও ইয়াৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চল ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হ’ব বুলি প্ৰতিবাদৰ ঢৌ উঠাৰ পিছতে ৰাজ্যসভাত গৃহীত কৰাৰ পৰা ব্যৰ্থ হৈছিল। পুনৰবাৰ শাসনলৈ আহি অধিকাংশ আসন দখল কৰাৰ পিছতে সংখ্যাগত দিশত শক্তিশালী হৈ পৰা বিজেপিয়ে হিন্দুত্বৰ ধবজা উৰুৱাবলৈয়ে পুনৰবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ সময়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি হুংকাৰ প্ৰদান কৰিছিল।

আৰু পুনৰবাৰ চৰকাৰ গঠন কৰাৰ পিছত এই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে একপ্ৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ তৎপৰ হৈ পৰিছে। আনকি অসমত আহিও অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবৰ বাবে ঘোষণা কৰিছে। লক্ষণীয় যে অবৈধ হিন্দু বাংলাদেশীৰ বোজা কোনো কাৰণতে অসমে মানি নলয় বুলি ৰাজ্যবাসীয়ে হুংকাৰ প্ৰদান কৰাৰ লগতে প্ৰবল প্ৰতিবাদ গঢ়ি তোলাৰ পিছতো শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা ৰাজ্যৰ জনগাঁথনি আৰু অৰ্থনীতি থানবান কৰি দিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰৰ মনত অসম আৰু অসমীয়াৰ প্ৰতি তিলমানো যে সহানুভূতি আৰু শ্ৰদ্ধা নাই সেয়া জলজল-পটপট হৈ ওলাই পৰিল আজি। কলকাতাৰ নেতাজী ইনড’ৰ ষ্টিডিয়ামত অনুষ্ঠিত এন আৰ চি জাগৰণ অভিযানত অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে মোদী চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি ঘোষণা কৰাৰ লগতে ভাৰত চৰকাৰে মুছলমান আধিপত্য দেশত আক্ৰমণৰ বলি হোৱা হিন্দু, জৈন, বুদ্ধ, শিখ আৰু খ্ৰীষ্টানসকলৰ যিসকলে ভাৰতৰ শৰণাপন্ন হৈছে তেওঁলোকক সাংবিধানিক অধিকাৰ প্ৰদান কৰিব।

হিন্দু, শিখ, জৈন, বুদ্ধ আৰু খ্ৰীষ্টান শৰণাৰ্থীক নাগৰিকত্ব ৰাজনৈতিক অধিকাৰ আৰু প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ প্ৰদান কৰিবলৈ মোদী চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। পশ্চিমবংগত এন আৰ চিৰ কাম আৰম্ভ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি হুংকাৰ প্ৰদান কৰে অমিত শ্বাহে। আনহাতে এন আৰ চিৰ বিৰুদ্ধে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূলৰ মুৰববী মমতা বেনাৰ্জী অপপ্ৰচাৰত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে। লক্ষণীয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অসম ক্ষতিগ্ৰস্ত হোৱাটো নিশ্চিত। অসম তথা উত্তৰ-পূৰ্বাঞ্চল এই বিধেয়কৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনীয়তাৰ বাবে এন ডি এৰ অংশীদাৰ হ’লেও মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেউফিউ ৰিঅ’ৱে নেডাৰ বৈঠকতে ‘কেব’ৰ বিৰোধিতা কৰিছিল।

কিন্তু অসমৰ আৱেগ-অনুভূতি আৰু স্বকীয়তাক জলাঞ্জলি দিয়া এই বিধেয়খনৰ বিৰুদ্ধে তিলমানো মাত মতাৰ বাবে জাগি উঠা নাছিল জাতি-মাটি-ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব আৰু সততে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা অগপৰ তথাকথিত আঞ্চলিকতাবাদী নেতৃত্ব। এনে অৱস্থাত পুনৰ এবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কলকাতাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও অসমবিৰোধী বিধেয়ক এখন গৃহীত নকৰিবলৈ কেন্দ্ৰক সৈমান কৰিবলৈ মুখ্যমন্ত্ৰী কিমান প্ৰতিশ্ৰুতিবদ্ধ সেয়া লক্ষণীয় বিষয়।

 

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )