শেহতীয়া খবৰ
Home / আঞ্চলিক / নাগৰিক্তব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক তৎপৰতা কৃষক মুক্তি : ১১ অক্টোবৰৰ পৰা গাঁৱে গাঁৱে সজাগতা অভিযান

নাগৰিক্তব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক তৎপৰতা কৃষক মুক্তি : ১১ অক্টোবৰৰ পৰা গাঁৱে গাঁৱে সজাগতা অভিযান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শীঘ্ৰেই বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি হুংকাৰ দিয়াৰ পিছতেই সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। কালি কলকাতাত অনুষ্ঠিত অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে ‘কেব’ গৃহীত কৰি শৰণাৰ্থীসকলক নাগৰিকত্ব, ৰাজনৈতিক অধিকাৰ দিয়াৰ উপৰি প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতাও প্ৰদান কৰিব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে শীঘ্ৰেই নৰেন্দ্ৰ মোদী চৰকাৰে মুছলমান সংখ্যাগৰিষ্ঠ দেশৰ পৰা অহা হিন্দু, শিখ, জৈন, খ্ৰীষ্টান, বৌদ্ধ ধৰ্মাৱলম্বী লোকক সাংবিধানিক অধিকাৰ দিব বুলি হুংকাৰ প্ৰদান কৰিছিল। লক্ষণীয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পূৰ্বৰে পৰাই অসম আৰু অসমীয়াই বিপৰীত স্থিতিত অৱস্থান গ্ৰহণ কৰি আহিছিল আৰু প্ৰবল প্ৰতিবাদ গঢ়ি তুলিছিল। কিন্তু ইয়াৰ পিছতো কেন্দ্ৰৰ বিজেপি চৰকাৰে অসম আৰু অসমীয়াৰ আৱেগক তিলমানো গুৰুত্ব নিদি কেন্দ্ৰত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ পিছতেই সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি।

পূৰ্বৰে পৰাই অসমে অবৈধ বাংলাদেশীৰ বোজা বৈ অহাৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়ক হ’লে হিন্দু বাংলাদেশীৰ বোজা ব’ব লাগিব ৰাজ্যখনে। যাৰ ফলত অসমত জনগাঁথনিৰ পৰিৱৰ্তন হোৱাৰ লগতে অসমতে অসমীয়া সংখ্যালঘুত পৰিণত হোৱা নিশ্চিত। কেন্দ্ৰৰ অসমবিৰোধী স্থিতিৰ বিৰুদ্ধে সৰৱ হৈ উঠি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ মোদী চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু শীতকালীন অধিৱেশনত অসমবিৰোধী এই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব। কিন্তু বিজেপিৰ এই কাৰ্যত কোনেও বাধা দিব নোৱাৰিব। লক্ষণীয় যে পূৰ্বৰ তুলনাত সংখ্যাগত দিশত লোকসভা আৰু ৰাজ্যসভাত বিজেপিৰ সাংসদৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। যাৰ ফলতে যিকোনো বিধেয়ক আইনত পৰিণত কৰাৰ ক্ষেত্ৰত পথ সুগম হৈ পৰিছে মোদী চৰকাৰৰ। এনে কাৰণতে প্ৰবল বিৰোধিতাৰ পিছতো অসমৰ আৱেগক পদাঘাত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি লাখ লাখ হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ বাবে উঠিপৰি লাগিছে বিজেপি।

হিন্দুত্বৰ ধবজা উৰাবলৈয়ে পূৰ্বৰে পৰাই বিজেপিয়ে অবৈধ হিন্দু বাংলাদেশী প্ৰীতি গ্ৰহণ কৰি আহিছে আৰু সময়ে সময়ে ৰঙা দলিচা পাৰি দি আহিছে। লক্ষণীয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখি অহা ১১ অক্টোবৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গাঁৱে গাঁৱে, ঘৰে ঘৰে গৈ ৰাইজক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিব। ইয়াৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যিক অভিৱৰ্তনো অনুষ্ঠিত কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আজি সংবাদমেলত এই কথা জানিবলৈ দি অসমৰ ৰাইজক পুনৰ মাৰ বান্ধি থিয় হ’বলৈ আহবান জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। লক্ষণীয় যে অসম আৰু অসমীয়াৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিধেয়কখনৰ প্ৰতি ৰাজ্যৰ সংগঠনসমূহে সৰৱ স্থিতি গ্ৰহণ কৰিছে যদিও অসমৰ একমাত্ৰ আঞ্চলিকতাবাদী দল অগপই ইয়াক লৈ যেন অকণো চিন্তিত নহয় সেয়া পৰিলক্ষিত হৈছে। একমাত্ৰ মন্ত্ৰিত্বৰ গাদী ৰক্ষাৰ স্বাৰ্থতে অগপৰ সভাপতি তথা শীৰ্ষ নেতৃত্বই নৰম স্থিতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে যি সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে কলকাতাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি সদম্ভে ঘোষণা কৰিছে, সেই সময়ত অগপৰ সভাপতি তথা মিত্ৰজোঁট চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই এই সমস্যা আলাপ-আলোচনাৰ মাজেৰে সমাধান কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰিছে। লক্ষণীয় যে পূৰ্বতেও আলাপ-আলোচনাৰ মাজেদি ‘কেব’ৰ বিৰোধিতা কৰিছিল অগপই। পৰৱৰ্তী পৰ্যায়ত সংসদত বিধেয়ক উত্থাপন কৰাৰ পিছতে মন্ত্ৰিত্ব ত্যাগ কৰিছিল অগপৰ নেতৃত্বই। এতিয়া সংখ্যাগত দিশত শক্তিশালী হোৱাৰ পিছত বিজেপিয়ে সদনত বিধেয়ক গৃহীত কৰিব বুলি হুংকাৰ দিয়াৰ পিছত পুনৰবাৰ যে অগপই আৱেগৰ নাটকৰ পুনৰাবৃত্তি কৰিব সেয়া স্পষ্ট হৈ পৰিছে অগপ সভাপতি অতুল বৰাৰ ভাষ্যৰ পৰা। এনে অৱস্থাত পুনৰবাৰ মন্ত্ৰিত্ব ত্যাগৰ নাটক অনুষ্ঠিত হ’ব নেকি— সেয়াহে লক্ষণীয় হ’ব।