শেহতীয়া খবৰ
Home / আঞ্চলিক / ‘কেব’এ ধবংস কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ পৰিকাঠামোঃ সংবাদমেলত সৰৱ নৰ্থ-ইষ্ট ফ’ৰাম ফৰ ইণ্ডিজেনাচ পিপল

‘কেব’এ ধবংস কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ পৰিকাঠামোঃ সংবাদমেলত সৰৱ নৰ্থ-ইষ্ট ফ’ৰাম ফৰ ইণ্ডিজেনাচ পিপল

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ জাতিধবংসী নাগৰিকত্ব বিল-২০১৬ আনি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰিকাঠামো ধবংস কৰাৰ যি ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে তাক শীঘ্ৰে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে নৰ্থ-ইষ্ট ফ’ৰাম ফৰ ইণ্ডিজেনাছ পিপ’লৰ উপ-সভাপতি তথা আসাম লীগ অৱ এববজিনছ ৰাইট মুভমেণ্ট (এলাৰ্ম)ৰ সমন্বয়ক বিক্ৰম হান্সেই। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে পৰৱৰ্তী অধিৱেশনৰ সংসদত পুনৰ অসমধবংসী বিল উত্থাপন কৰিব বুলি কোৱা কথাষাৰৰ প্ৰতিবাদ জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে বিক্ৰম হান্সেই। আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ নেতা অৰিন্দম প্ৰিন্স পাংগিঙে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বাংলাদেশীৰ ৰক্ষক আৰু বাংলাদেশীৰ দালালৰ দৰে অসাংবিধানিক কাৰ্যকলাপক কোনোপধ্যে গ্ৰহণ কৰা নহ’ব।

গতিকে অসম চৰকাৰ-কেন্দ্ৰীয় চৰকাৰে ‘কেব-২০১৬’ অতিশীঘ্ৰে বাতিল কৰিব লাগে আৰু জাতি-জনজাতিৰ মাজত থকা শান্তি-সম্প্ৰীতিৰ যি এনাজৰী তাত ব্যাঘাত জন্মোৱা জাতিধবংসী নাগৰিকত্ব বিল পুনৰ উত্থাপন নকৰিবলৈও সকীয়নি প্ৰদান কৰিছে পাংগিঙে। আজিৰ সংবাদমেলত সংগঠনটোৰ নেতৃবৰ্গই বহু বিতৰ্কিত বিধেয়কখন শীঘ্ৰেই বাতিল কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কেববিৰোধী বেনাৰ-প’ষ্টাৰ প্ৰদৰ্শন কৰি চৰকাৰক চৰম সকীয়নি প্ৰদান কৰে। কোনো কাৰণতে বিধেয়কখন মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )