শেহতীয়া খবৰ
Home / আঞ্চলিক / বহু আশাৰে কাজিৰঙালৈ আহি নিৰাশ হ’ল বহি:ৰাজ্যৰ পৰ্যটক

বহু আশাৰে কাজিৰঙালৈ আহি নিৰাশ হ’ল বহি:ৰাজ্যৰ পৰ্যটক

গণবাৰ্তা,কাজিৰঙা: কাজিৰঙালৈ আহি নিৰাশ হ’ল বহিৰাজ্যৰ  বহু পৰ্যটক ৷ বহু আশাৰে কাজিৰঙাৰ বন্যপ্ৰাণীৰ লগতে মনোমোহা দৃশ্য স্বচক্ষে উপভোগ কৰাৰ মানসেৰে কাজিৰঙাত উপস্থিত হৈ নিৰাশ হ’ব লগিয়া হ’ল চেন্নাই,পশ্চিমবঙ্গৰ লগতে আনৰাজ্যৰ একাংশ পৰ্যটক ৷ কাৰণ ৰাষ্ট্ৰীয় উদ্যানখন বৰ্তমান পৰ্যটকৰ বাবে মুকলি হোৱা নাই ৷

উল্লেখ্য যে বিগত বৰ্ষত অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ মুকলি কৰা হয় ৷ সেয়েহে পৰ্যটক সকলে এই বৰ্ষতো একে সময়তে উদ্যান মুকলি হোৱা বুলি ভাবি উপস্থিত হৈছিল কাজিৰঙাত ৷ কিন্তু এতিয়া নিৰাশ হৈ উভতি যোৱা পৰ্যটক সকলৰ চৰকাৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ  প্ৰতি আহ্বান যে  পৰ্যটকৰ সুবিধাৰ্থে  উদ্যান মুকলি কৰাৰ সম্পৰ্কে অধিক প্ৰচাৰ কৰক ৷

দুটাকৈ বানে থানবান কৰি যোৱা কাজিৰঙাৰ পৰ্যটক পথ বিলাক মেৰামতি কৰাৰ বাবে বন বিভাগৰ তৎপৰতাৰ বিপৰীতে নেৰানেপেৰা বৰষুণে পুনৰ বাধাৰ সৃষ্টি কৰিছে ৷ চৰকাৰী তথ্য অনুসৰি এক অক্টোবৰত কাজিৰঙা পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷ সেই মতে পৰ্যটক সকলে পূজাৰ বতৰত কাজিৰঙা ফুৰাৰ উৰ্দেশ্যৰে উপস্থিত হ’ল কাজিৰঙা ৷ কিন্তু কাজিৰঙাত উপস্থিত হৈহে জানিব পাৰিলে যে পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ মুকলি হোৱা নাই ৷স্বভাবিকতে বিফল মনোৰথ হৈ উভতি যাব লগিয়া হৈছে পৰ্যটক সকল ৷