শেহতীয়া খবৰ
Home / আঞ্চলিক / ৫০ বুদ্ধিজীৱিৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰঃ প্ৰধান মন্ত্ৰীলৈ পত্ৰ লেখাই কাল

৫০ বুদ্ধিজীৱিৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰঃ প্ৰধান মন্ত্ৰীলৈ পত্ৰ লেখাই কাল

কংকনা ৰানাৱাট, অনুৰাগ কাশ্যপ, ৰামচন্দ্ৰ গুহ, মণি ৰত্নমৰ বিৰুদ্ধে দেশৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ চেষ্টাৰ অভিযোগ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ অক্টোবৰ : দেশত অসহিষু্ণতা আৰু মোদীৰ অন্ধ ভক্তিৰ পৰিমাণ দিনকদিনে যে বৃদ্ধি পাইছে তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মোদী সমৰ্থকে। দেশৰ গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত মাত মতাৰ বাবে ৫০জনকৈ চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি আৰু সমাজকৰ্মীৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পূৰ্বেও মোদী সমৰ্থক তথা সংঘ পৰিয়ালৰ সদস্যসকলে সময়ে সময়ে একাংশ জ্যেষ্ঠ সাংবাদিক, বুদ্ধিজীৱীৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰি গৃহবন্দী পৰ্যন্ত কৰিছিল। ইয়াৰ উপৰি অকল চৰকাৰবিৰোধী তথা হিন্দু সন্ত্ৰাসৰ বিৰুদ্ধে মাত মতাৰ বাবে কে’বাজনো বুদ্ধিজীৱী আৰু জ্যেষ্ঠ সাংবাদিকক হত্যা কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে। নাগৰিক অধিকাৰ সংগ্ৰামী নেতা গৌতম নাওলাখাকো গোচৰৰ মাজলৈ টানি আনি প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।

তেনে সময়তে দেশৰ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম ব্যক্তি হিচাপে পৰিচিত অনুৰাগ কাশ্যপ, কংগনা ৰানাৱত, মণিৰত্নম, অপৰ্ণা সেন, ৰামচন্দ্ৰ গুহ, অদূৰ গোপালকৃষ্ণন, শোভা মুডগল, কংকণা সেন, সৌমিত্ৰ চট্টোপাধ্যায়, বিনায়ক সেন, ৰূপম ইছলাম, আশীষ নন্দী, ৰিড্ডী সেনকে আদি কৰি সৰ্বমুঠ ৫০জন ব্যক্তিৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে দেশত চলি থকা গণপ্ৰহাৰৰ ঘটনাৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক অৱগত কৰাবলৈ চলচ্চিত্ৰ পৰিচালক আৰু অভিনেত্ৰীকেইগৰাকীৰ উপৰি কে’বাজনো বিশিষ্ট বুদ্ধিজীৱীয়ে পত্ৰ প্ৰেৰণ কৰিছিল। প্ৰায় দুমাহ আগতে এইসকল তাৰকাই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ পত্ৰ লিখিছিল, কিন্তু বিহাৰ ন্যায়ালয়ৰ সুধীৰ কুমাৰ ওজা নামৰ এজন লোকে বুদ্ধিজীৱীসকলে এনে পত্ৰ লিখি দেশৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানত আঘাত হানিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। লক্ষণীয় যে বিহাৰৰ চি জে এম আদালতৰ ন্যায়াধীশ সূৰ্যকান্ত তিৱাৰীয়ে গোচৰটো ৰুজু কৰে।

সুধীৰ কুমাৰ ওজাৰ আবেদনৰ ভিত্তিত গোচৰটো ৰুজু কৰাৰ পিছতে নিকটৱৰ্তী পাটনাৰ সদৰ থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হয়। এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আই পি চিৰ অধীনত ব্যক্তিগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছে। আনহাতে পত্ৰৰ সময়ত তাৰকাসকলে উল্লেখ কৰিছিল যে দেশৰ বিভিন্ন ধৰ্মাৱলম্বী লোকক ‘জয় শ্ৰীৰাম’ ধবনি দিবলৈ কেন্দ্ৰীয় চৰকাৰে বাধ্য কৰাইছিল। যি সম্পূৰ্ণৰূপে মানৱতাবিৰোধী। লক্ষণীয় যে চৰকাৰ এখনক সমালোচনা কৰি দোষ আঙুলিয়াই দিয়াটো নাগৰিক, সাংবাদিক তথা বুদ্ধিজীৱীৰ গণতান্ত্ৰিক অধিকাৰ। তৎসত্ত্বেও এনেদৰে বিজেপি চৰকাৰৰ দোষ আঙুলিয়াই দিয়াৰ পিছতে মোদীৰ সমৰ্থনকাৰীয়ে দেশৰ বিশিষ্ট লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অন্তৰালত গভীৰ ৰহস্য লুকাই আছে। জনতাৰ প্ৰতিবাদী কণ্ঠক আইনী মেৰপাকেৰে ৰুদ্ধ কৰাৰ বাবে বিজেপিৰ পালি-প্ৰহৰীসকল যে উঠি-পৰি লাগিছে সেয়া ৫০জন বিশিষ্ট লোকৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ বিৰুদ্ধে ৰুজু কৰা ঘটনাই স্পষ্টভাৱে প্ৰমাণ কৰিছে।

লক্ষণীয় যে ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লগতে অসমতো মোদী চৰকাৰৰ নীতিৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত, কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যিক বিজেপি চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে নিজাববীয়াকৈয়ে গোচৰ ৰুজু কৰিছিল। এনে ঘটনাই বিজেপিৰ ফেচীবাদী নীতিটোকে স্পষ্ট কৰিছে। হিন্দুত্বৰ শ্ল’গান আওৰাই দেশৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ নিৰ্মূল কৰাৰ বিপৰীতে তেনে সমস্যাসমূহ আঙুলিয়াই দিয়াৰ বাবেই বিজেপিৰ পালি-প্ৰহৰীসকল যে সংবাদকৰ্মী, বুদ্ধিজীৱীৰ ওপৰত জঁপিয়াই পৰিছে সেয়া পুনৰ এবাৰ এই ঘটনাই প্ৰমাণ কৰিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )