শেহতীয়া খবৰ
Home / আঞ্চলিক / ২২-২৩ অক্টোবৰত গুৱাহাটীৰ ইণ্ডো বাংলাদেশ বিজনেছ ছামিটঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা

২২-২৩ অক্টোবৰত গুৱাহাটীৰ ইণ্ডো বাংলাদেশ বিজনেছ ছামিটঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ অক্টোবৰ : ‘এডভান্টেজ অসম’ৰ পিছত বিনিয়োগক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আজি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমেল পাতি স্থিতি স্পষ্ট কৰে। জনতা ভৱনত আয়োজিত এক সংবাদমেলত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে এডভান্টেজ অসমৰ পিছত ৭৯,০০০ কোটি টকা বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে। উক্ত চুক্তিৰ ভিত্তিতে ইতিমধ্যে কেৱল উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰত বিদেশী উদ্যোগপতিয়ে ৫৩,৪৬৪.১৯ কোটি টকা বিনিয়োগ কৰিছে। একেদৰে পেট্ৰ’লিয়াম ছেক্টৰত ৪২,৭৮২.২৮ কোটি টকা বিনিয়োগ কৰিছে। একেদৰে মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে বাণিজ্য উদ্যোগৰ সমান্তৰালকৈ শক্তি, ইউডিডি, আই টি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, হস্ততাঁত-বস্ত্ৰশিল্পকে আদি কৰি ছয়টা ক্ষেত্ৰত সৰ্বমুঠ ৫৬,৭৭৬.৪৪ কোটি টকা বিনিয়োগ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইতিমধ্যে কেইবাটাও বিদেশী প্ৰতিষ্ঠানে কাম আৰম্ভ কৰিছে অসমত। ঔদ্যোগিক খণ্ড অধিক গতিশীল কৰাৰ লক্ষ্যৰে ছিপাঝাৰত এশ বিঘা ভূমিত ফাৰ্মা পাৰ্ক স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ছিপাঝাৰত ফাৰ্মা পাৰ্কৰ লগতে টেক্সটাইল পাৰ্ক স্থাপন হ’ব।

জাগীৰোডত স্থাপন হ’ব এমএছএমই পাৰ্ক। আনহাতে ছয়গাঁৱত স্থাপন হ’ব মৰাপাটৰ উদ্যোগ। মৰাপাট উদ্যোগৰ বাবে কাম সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। শেহতীয়াকৈ ৰাজ্যৰ চাহ উদ্যোগৰ অৱস্থা শোচনীয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ছয়গাঁৱত ডুবাই টী পাৰ্কৰ আৰ্হিত স্থাপন হ’ব টী পাৰ্ক। আনহাতে বিদেশী ৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক সম্প্ৰসাৰণৰ লক্ষ্যৰে অহা ২২-২৩ অক্টোবৰত মহানগৰীৰ ৰেডিছন ব্লুত ইণ্ডো-বাংলাদেশ বিজিনেছ ছামিট অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। উক্ত বিজনেছ ছামিটত বাংলাদেশৰ ছয়গৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। উক্ত সন্মিলনৰ পিছতেই গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডো-জাপান আৰু ইণ্ডো-কোৰিয়ামিত।

আনহাতে যোগীঘোপাৰ অশোক কাগজ কল চৌহদত মাল্টিমডেল ইন্টাৰনেচনেল লেজিছলেটিভ হাব স্থাপন হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অশোক কাগজ কল চৌহদতে পুনৰ স্থাপন হ’ব নতুনকৈ অশোক কাগজ কল। যি প্ৰতিষ্ঠানে উক্ত স্থানত উদ্যোগ স্থাপন কৰিব সেই প্ৰতিষ্ঠানে অশোক কাগজ কল নামেৰে এটা কাগজ কল স্থাপন কৰিব লাগিব। ইতিমধ্যে বিভিন্ন উদ্যোগক্ষেত্ৰত ৭৯ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে দাবী কৰে। তেওঁ লগতে কয় যে ৬৫ শতাংশ ধূপকাঠী চীনৰ পৰা আহে। অসমত উক্ত উদ্যোগ বৃদ্ধি কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )