শেহতীয়া খবৰ
Home / আঞ্চলিক / ৯ মাহত দেশত বৰষুণ-বানত ১৯০০ জন লোকৰ প্ৰাণহানি: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিলে এই তথ্য

৯ মাহত দেশত বৰষুণ-বানত ১৯০০ জন লোকৰ প্ৰাণহানি: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিলে এই তথ্য

নতুন দিল্লী : চলিত বৰ্ষত দেশত বৰষুণ-বানত ১,৯০০জন লোকৰ প্ৰাণ হানি হৈছে। আজি এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ বাৰিষাৰ সময়ছোৱাত বৰষুণ আৰু বানত ১,৯০০জন লোকৰ মৃত্যু ঘটাৰ লগতে ৪৬জন লোক অন্তৰ্ধান হৈ আছে। ইয়াৰ উপৰি চলিত বৰ্ষৰ বানত ২২খন ৰাজ্যৰ কমেও ২৫ লাখ লোক বানত বেয়াকৈ প্ৰভাৱিত হৈছে বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰষুণ-বান আৰু ভূমি¦খলনত সবাতোকৈ অধিক লোকৰ মৃত্যু ঘটিছে মহাৰাষ্ট্ৰত। চলিত বৰ্ষত মহাৰাষ্ট্ৰত ৩৮২জন লোকৰ মৃত্যু ঘটিছে। আনহাতে মৃত্যু ঘটাৰ তালিকাত দ্বিতীয় স্থানত আছে পশ্চিমবংগ। পশ্চিমবংগত চলিত বৰ্ষত বৰষুণ-বান আৰু ভূমি¦খলনত ২২৭জন লোকৰ মৃত্যু ঘটিছে। লগতে গৃহ মন্ত্ৰালয়ে এই কথাও প্ৰকাশ কৰিছে যে দেশৰ কমেও ৩৫৭খন জিলা বান আৰু ভূমি¦খলনত প্ৰভাৱিত হৈ আছে।

কেন্দ্ৰীয় চৰকাৰে আজি প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ৯ মাহত দেশত ১.০৯ লাখ গৃহ বান-ভূমি¦খলনত সম্পূৰ্ণৰূপে ধবংস হৈছে। আনহাতে ২.০৫ লাখ গৃহৰ সামান্য ক্ষতি হোৱাৰ কথা উল্লেখ কৰাৰ লগতে এই কথাও কয় যে ১৪.১৪ লাখ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ বৰ্ষা ঋতুৰ ৩০ ছেপ্টেম্বৰত অন্ত পৰে। কিন্তু ইয়াৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও বানৰ সৈতে যুঁজ দি থাকিবলগীয়া হৈছে বুলি উল্লেখ কৰিছে গৃহ মন্ত্ৰালয়ে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ বানত মুঠ ১,৮৭৪জন লোকৰ মৃত্যু ঘটিছে। লগতে এই কথাও প্ৰকাশ কিৰছে যে ১৯৯৪ চনৰ পিছত প্ৰথমবাৰলৈ চাৰি মাহত সৰ্বাধিক বৰষুণ পৰে। গৃহ মন্ত্ৰালয়ে এইবুলিও কয় যে মহাৰাষ্ট্ৰৰ ২২খন জিলা এইবাৰৰ বানত প্ৰভাৱিত হয়। য’ত ৩৮২জন লোকৰ মৃত্যু ঘটাৰ লগতে ৩৬৯জন লোক গুৰুতৰভাৱে আহত হয়।

আনহাতে এইবাৰ কেৰালাৰ ১৩খন জিলা বানত প্ৰভাৱিত হয়। য’ত ১৮১জন লোকৰ মৃত্যু ঘটাৰ লগতে কেৰালাত ৭২জন লোক অন্তৰ্ধান হয়। আনহাতে ২,২২৭টা আশ্ৰয় শিবিৰত কমেও ৪.৪৬ লাখজন লোকক আশ্ৰয় দিয়া হয় বুলি উল্লেখ কৰে গৃহ মন্ত্ৰালয়ে। ইয়াৰ উপৰি গুজৰাটৰ ২২খন জিলা এইবাৰৰ বানত প্ৰভাৱিত হয়, য’ত ১৬৯জন লোকৰ মৃত্যু ঘটাৰ লগতে ১৭জন গুৰুতৰভাৱে আহত হয়। আনহাতে কৰ্নাটকত বান আৰু ভূমি¦খলনত ১০৬জন লোকৰ মৃত্যু ঘটাৰ লগতে ১৪জন অন্তৰ্ধান হয়। একেদৰে অসমৰ ৩২খন জিলা এইবাৰ বানত প্ৰভাৱিত হয়। য’ত ৯৭জন লোকৰ মৃত্যু ঘটে। আনহাতে ৫.৩৫ লাখজন লোকক ১,৩৫৭টা আশ্ৰয় শিবিৰত আশ্ৰয় দিয়াৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )