শেহতীয়া খবৰ
Home / আঞ্চলিক / এনআৰচিক লৈ মূৰ নঘমায় বাংলাদেশ চৰকাৰে ঃ দিল্লীত ঘোষণা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

এনআৰচিক লৈ মূৰ নঘমায় বাংলাদেশ চৰকাৰে ঃ দিল্লীত ঘোষণা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

নতুন দিল্লী, ৪ অক্টোবৰ : চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে যে তেওঁলোকৰ চৰকাৰে অসমৰ এনআৰচিক লৈ মূৰ নঘমায়। বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনআৰচিয়ে কোনো প্ৰভাৱ নেপেলায় বাংলাদেশত। যিহেতু নৰেন্দ্ৰ মোদীয়ে এনআৰচিত বাংলাদেশত প্ৰভাৱ নেপেলায় বুলি স্পষ্ট কৰিছে। সেইবাবে অসমৰ এনআৰচিক লৈ তেওঁলোকে কোনো চিন্তা নকৰে তথা মূৰ নঘমাই বুলি উল্লেখ কৰিছে শ্বেখ হাছিনাই। উল্লেখ্য যে শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক অধিৱেশনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা।

সেই বৈঠকতেই মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আশ্বাস প্ৰদান কৰিছিল যে এনআৰচিয়ে বাংলাদেশত কোনো প্ৰভাৱ নেপেলায়। সেই আশ্বাস লৈয়ে সংবাদ মাধ্যমৰ আগত শ্বেখ হাছিনাই উল্লেখ কৰিছে যে অসমত উন্নীতকৰণ হোৱা এনআৰচিয়ে তেওঁলোকক প্ৰভাৱিত নকৰে। যিহেতু এনআৰচিক লৈ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক কৰা হৈছে। উল্লেখ্য যে কালি চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী। শ্বেখ হাছিনাই ৱৰ্ল্ড ইকোন’মিক ফ’ৰামৰ ইণ্ডিয়ান ইকোন’মিক সন্মিলনত অংশ লোৱাৰ বাবে ভাৰতত আহি উপস্থিত হৈছে। কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )