শেহতীয়া খবৰ
Home / আঞ্চলিক / আজি মহাসপ্তমী : ৰজাৰ ছত্ৰভংগৰ যোগেৰে ঘোঁৰাত ধৰাত দেৱী

আজি মহাসপ্তমী : ৰজাৰ ছত্ৰভংগৰ যোগেৰে ঘোঁৰাত ধৰাত দেৱী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যজুৰি এতিয়া উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছতে ঢাক-ঢোল, মন্ত্ৰ উচ্চাৰণ, দবা, কাঁহ, শংখধবনি, নৈবেদ্যৰে দশভুজাৰ আৰাধনা কৰাত ব্যস্ত এতিয়া ৰাজ্যৰ চৌদিশ। শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যত এতিয়া আনন্দ আৰু উছাহৰ লহৰ পৰিলক্ষিত হৈছে। আজি দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছতে ষষ্ঠীৰ পূজা সম্পূৰ্ণ কৰি নৰকাসুৰ বধিনীক স্তুতি কৰা হয়। ৰজাৰ ছত্ৰভংগৰ যোগেৰে এইবেলি ঘোঁৰাত আগমন ঘটিছে মা দুৰ্গাৰ। ষষ্ঠীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছতে পূজা-অৰ্চনা, মন্ত্ৰ উচ্চাৰণেৰে আৰাধনা কৰা হয়।

 ষষ্ঠী পূজাৰ পিছতে একপ্ৰকাৰ পূজা মণ্ডপসমূহত অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয়। ষষ্ঠীৰ পৰাই পূজাৰ উছাহ-উদ্দীপনা পৰিলক্ষিত হোৱাৰ পিছত কাইলৈ সপ্তমীৰ দিনা ব্যাপক হাৰত ভক্তসকলে পূজা মণ্ডপত দেৱী দৰ্শনৰ লগতে মা দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ’ব। দেৱী দুৰ্গাৰ আৰাধনা কৰাৰ লগতে এতিয়া চৌপাশে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে মণ্ডপসমূহ। মহানগৰীৰ ভৈৰৱতোলাৰ পূজা মণ্ডপে বিশেষ আকৰ্ষণ কৰিছে ভক্তসকলক। জয়পুৰৰ হাৱা মহলৰ আৰ্হিত ভৈৰৱতোলাৰ পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে, যাক লৈ এতিয়া অগণন ভক্তই আগমন ঘটিছে। আনহাতে নুনমাটি শোধনাগাৰত পূজা মণ্ডপৰ বিষয়বস্তু হৈ পৰিছে ভাৰতৰ মহাকাশ অভিযান।

নুনমাটি শোধনাগাৰৰ পূজা মণ্ডপত চন্দ্ৰযান-২ৰ আৰ্হি নিৰ্মাণ কৰাৰ লগতে পূজা মণ্ডপত দেখুওৱা হৈছে লেণ্ডাৰ বিক্ৰম। আনহাতে ইছৰোৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপণ ক্ষেত্ৰৰ পৰা সফলতাৰে উৎক্ষেপণৰ আৰ্হিও প্ৰদৰ্শন কৰা হৈছে। অকল গুৱাহাটীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগতানুগতিক আৰ্হি নিৰ্মাণ কৰি ভক্তসকলক পূজা মণ্ডপলৈ আকৰ্ষণ কৰাৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈ পৰিছে শাৰদীয় দুৰ্গোৎসৱৰ সময়ত। কাইলৈ মহাসপ্তমী উপলক্ষে কামাখ্যা দেৱালয়কে আৰম্ভ কৰি বেলশৰৰ বিলে¤শ্বৰ দেৱালয়ৰ উপৰি ৰাজ্যৰ মুখ্য মুখ্য শক্তি মন্দিৰসমূহত মা দুৰ্গাৰ আৰাধনা অনুষ্ঠিত হ’ব।

 

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )