শেহতীয়া খবৰ
Home / আঞ্চলিক / আজি মহাষ্টমী : ভক্তি-বন্দনাৰে মুখৰিত ৰাজ্যৰ আকাশ-বতাহ

আজি মহাষ্টমী : ভক্তি-বন্দনাৰে মুখৰিত ৰাজ্যৰ আকাশ-বতাহ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ অক্টোবৰ : ‘যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতাযনমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ…।’ আসুৰিক শক্তিক নাশ কৰি সমাজৰ অসূয়া-অশান্তি দূৰ কৰিবলৈ ধৰাত পদাৰ্পণ কৰা শক্তিদায়িনী, সিদ্ধিদাত্ৰী, অসুৰনাশিনী দেৱী দুৰ্গাৰ এনে বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ। শাৰদীয় বতৰৰ নিয়ম মানি এতিয়া মেঘমুক্ত নিৰ্মল গগন। দিনৰ ভাগত ৰঙিয়াল দিনমণিৰ হাঁহিৰ জিলিকনি। নিশাৰ ভাগত বৰ্ণিল আলোকৰ মায়াজাল। এনে মধুময় পৰিৱেশৰ মাজত এতিয়া প্ৰান্তে প্ৰান্তে উঠিছে শাৰদীয় দুৰ্গোৎসৱৰ মধুৰ আলোড়ন। চৌদিশে কেৱল উছাহৰ ধল। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ উৰুলি, শংখ, ঘণ্টা, কাঁহ, ঢাক-ঢোলৰ ঐকতান, ধূপ-ধূনা, ফুল, নৈবেদ্যৰ সুগন্ধিয়ে মতলীয়া কৰি তুলিছে আবাল-বৃদ্ধ-বনিতাক। ইয়াৰ মাজতে ষোড়শোপচাৰে অহৰহ চলিছে মহিষমৰ্দিনী দেৱী দশভুজাৰ পূজা-অৰ্চনা। মংগলধবনি, জয়ধবনিৰ মাজত কালি সন্ধিয়া ষষ্ঠীৰ বেদীত দুৰ্গতিনাশিনী দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰাৰ পিছত আজি পুৱাৰ পৰা আৰম্ভ হয় দেৱীৰ সপ্তমী যথাবিহিত পূজা-আৰাধনা।

ফৰকাল বতৰত আজি সপ্তমীৰ দিনা হিল-দ’ল ভাঙি পূজাথলীলৈ ওলাই আহে ভক্তিপ্ৰাণ, উৎসৱপ্ৰেমী জনগণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত বিভিন্ন পূজাথলী, বিভিন্ন দেৱালয়, শক্তিপীঠ, দেৱীপীঠত পৰিলক্ষিত হয় ভক্তৰ দীঘলীয়া শাৰী। সন্ধিয়াৰ পৰা মানুহৰ বিৰ দি বাট পাবলৈ নোহোৱা অৱস্থাৰ সৃষ্টি হয় বহুকেইখন পূজাস্থলীত। এনেদৰে ভক্তিৰসত গদগদ উৎসৱপ্ৰেমীৰ উলাহত আজি উথলি উঠিল সপ্তমীৰ পূজাৰ পৰিৱেশ। কাইলৈ দেওবাৰে মহাষ্টমী। আজি কালৰাত্ৰিৰ ৰূপত পূজিত হোৱাৰ পিছত কাইলৈ মহাগৌৰীৰ ৰূপত আয়ুস, যশ, বিজয়দায়িনী দেৱী দুৰ্গালৈ আগবঢ়োৱা হ’ব মহাষ্টমীৰ বিহিত পূজা। মা দুৰ্গাৰ অষ্টম শক্তি মহাগৌৰী। ধৰ্মীয় বিশ্বাস অনুসৰি মহাগৌৰী চতুৰ্ভুজা। সোঁফালৰ প্ৰথম হাতেৰে তেওঁ ভক্তক প্ৰদান কৰে অভয় মুদ্ৰা।

দ্বিতীয় হাতেৰে ধাৰণ কৰে ত্ৰিশূল। বাঁওফালৰ প্ৰথম হাতেৰে ডম্বৰু ধাৰণ কৰাৰ সমান্তৰালভাৱে দ্বিতীয় হাতেৰে আশীৰ্বাদ প্ৰদান কৰে বৰ মুদ্ৰাৰে। শাস্ত্ৰ অনুসৰি মহাষ্টমী আৰু মহানৱমীৰ সন্ধিক্ষণত হোৱা এই সন্ধি পূজাক দেৱী দুৰ্গালৈ বলি নিবেদন কৰি ৰাৱণ নিধনৰ সংকল্প লৈ দেৱীৰ পৰা আশীৰ্বাদ বিচাৰিছিল ভগৱান বিষু্ণৰ দশাৱতাৰৰ এক অন্যতম অৱতাৰ শ্ৰীৰামচন্দ্ৰই। গতিকে এই পৰম্পৰাৰ বিশ্বাসক সাৰোগত কৰিয়ে কাইলৈ সন্ধিপূজাৰ সময়ত প্ৰায়ভাগ শক্তিপীঠত বলি আগবঢ়োৱা হ’ব। ইতিমধ্যে বলিৰ বাবে বিভিন্ন শক্তিপীঠত সাজু কৰি ৰখা হৈছে হাঁহ-পাৰ-ম’হ। এতিয়া কেৱল শাৰদীয় দুৰ্গোৎসৱৰ আনন্দময় পৰিৱেশ। আবাল-বৃদ্ধ-বনিতা শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত বিলীন হৈ গৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )