শেহতীয়া খবৰ
Home / আঞ্চলিক / ভয়ংকৰ ভূ-জল সংকটৰ দিশত ভাৰতঃ ২০৫০ৰ ভিতৰত বিশ্বৰ ভূগৰ্ভৰপৰা নাইকীয়া হ’ব ৭৯ শতাংশ ভূ-জল

ভয়ংকৰ ভূ-জল সংকটৰ দিশত ভাৰতঃ ২০৫০ৰ ভিতৰত বিশ্বৰ ভূগৰ্ভৰপৰা নাইকীয়া হ’ব ৭৯ শতাংশ ভূ-জল

নতুন দিল্লী,  ৬ অক্টোবৰ : ২০৫০ৰ ভিতৰত বিশ্বত দেখা দিব ভয়ংকৰ ভূ-জল সংকটে। কিয়নো, ২০৫০ৰ ভিতৰত বিশ্বৰ ভূ-গৰ্ভৰ পৰা নাইকিয়া হ’ব ৪২ৰ পৰা ৭৯ শতাংশ ভূ-জল। এই কথা প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় এদল বিশেষজ্ঞই। বিশেষজ্ঞসকলে অধ্যয়নৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। যাক লৈ এতিয়া সমগ্ৰ বিশ্বত বৃহৎ চৰ্চা লাভ কৰিছে। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ অধ্যয়নৰ এই ভয়ংকৰ প্ৰতিবেদন প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় আলোচনী ‘নেচাৰ’ত। আলোচনীখনত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০৫০লৈ বিশ্বৰ ২০০ কোটি লোক ভয়ংকৰ ভূ-জল সংকটৰ সন্মুখীন হ’ব। বিশ্বত ক্ৰমবৰ্দ্ধমান হাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ সমান্তৰালকৈ কৃষিক্ষেত্ৰত অবাধ হাৰত ভূ-জল ব্যৱহাৰ কৰাৰ বাবেই ২০৫০ৰ ভিতৰত এই সংকটে দেখা দিব বুলি প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে। বিশেষজ্ঞসকলৰ মত অনুসৰি ক্ৰমাৎ হ্ৰাস পাই আহিছে বিশ্বত ভূ-জলৰ ভাণ্ডাৰ।

বিশ্বৰ ৩৭টা প্ৰমুখ জলভাণ্ডাৰৰ ১৩টা ভাণ্ডাৰ বৰ্তমান সময়ছোৱাত সংকটজনক। যিহেতু ১৩টা ভাণ্ডাৰৰ জল ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে বুলি বিশেষজ্ঞৰ দলটোৱে প্ৰকাশ কৰিছে। লগতে এই কথাও প্ৰকাশ কৰিছে যে ২০৫০ৰ ভিতৰত বিশ্বৰ নৈ-উপনৈ, খাল-বিল আদিত নাইকিয়া হৈ পৰিব জল। ইয়াৰ প্ৰভাৱ ২০৫০ৰ আগৰ পৰাই দেখা দিব বুলি উল্লেখ কৰিছে বিশেষজ্ঞৰ দলটোৱে। লগতে এই কথাও উল্লেখ কৰিছে যে কমেও ২০ শতাংশ নদীৰ জলস্তৰ ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ ২০ শতাংশ বৰ্তমান সংকটজনক বুলি উল্লেখ কৰিছে বিশেষজ্ঞৰ দলটোৱে। উল্লেখযোগ্য যে চলিত বৰ্ষতেই পানীৰ সংকট বিশ্বৰ লগতে ভাৰতত দেখা দিছে। যিহেতু চলিত বৰ্ষত ভাৰতৰ বিভিন্ন ৰাজ্যত ভয়ংকৰ পানীৰ সংকটে দেখা দিয়ে।

ইতিমধ্যে নীতি আয়োগে প্ৰকাশ কৰিছে যে ভাৰততো ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ভূ-জলস্তৰ। এনে সময়ছোৱাতে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ দলটোৱে প্ৰকাশ কৰা প্ৰতিবেদনে স্পষ্ট কৰি দিছে যে অনাগত সময়ছোৱাত ভাৰতসহ বিশ্বই ভয়ংকৰ ভূ-জল সংকটত উপনীত হ’ব। নীতি আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত যি হাৰত ভূ-জলস্তৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। যদিহে এই প্ৰক্ৰিয়া অব্যাহত থাকে, তেন্তে আগন্তুক ২০৩০লৈ ভাৰতে ভয়ংকৰ ভূ-জলৰ সংকটৰ সন্মুখীন হ’ব। ইমানেই নহয়, ২০২০তেই দিল্লী, বেংগলুৰু, চেন্নাই আৰু হাইদৰাবাদসহ ২১খন চহৰত ভূ-জলস্তৰ শেষ হোৱাৰ দিশে গতি কৰিছে।