শেহতীয়া খবৰ
Home / আঞ্চলিক / চাবুৱাৰ মিৰিগাঁও টেঙাবাৰীৰ গৰাখহনীয়া পৰিদৰ্শন

চাবুৱাৰ মিৰিগাঁও টেঙাবাৰীৰ গৰাখহনীয়া পৰিদৰ্শন

দ্ৰুত গতিত গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

গুৱাহাটী, ৫ অক্টোবৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুলুক গাঁৱৰ পৰা নাৱৰে গৈ মিৰিগাঁও টেঙাবাৰীত উপস্থিত হৈ ডিব্ৰু নৈয়ে অঞ্চলটোত সৃষ্টি কৰা গৰাখহনীয়াৰ বুজ লয়। মুখ্যমন্ত্ৰী সোণোৱালে গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰো পৰ্যালোচনা কৰে। জলসম্পদ বিভাগৰ বিষয়াসকলে মুখ্যমন্ত্ৰী সোণোৱালক অৱগত কৰে যে ইতিমধ্যে মিৰিগাঁও টেঙাবাৰীৰ গৰাখহনীয়া ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ৫ কোটি টকা ব্যয় সাপেক্ষে পাৰ্কুপাইন সংস্থাপনৰ কাম আৰম্ভ কৰা হৈছে। এই কাম প্ৰায় ৬০ শতাংশ সম্পূৰ্ণ হৈছে। বিষয়াসকলে মুখ্যমন্ত্ৰী সোণোৱালক লগতে অৱগত কৰে যে মিৰিগাঁও টেঙাবাৰীৰ দাঁতি-কাষৰীয়া ৰংমলা অঞ্চলত হোৱা গৰাখহনীয়া ৰোধৰ বাবে ৰাজ্য চৰকাৰে এছডিআৰএফৰ অধীনত ৫ কোটি টকাৰ আন এক প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিছে।

গৰাখহনীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জলসম্পদ বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী সোণোৱালে বিভাগক দ্ৰুত গতিত পাৰ্কুপাইন সংস্থাপনৰ কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি মিৰিগাঁও টেঙাবাৰীত বৰ্তমানে ৰূপায়ণ কৰি থকা আঁচনিৰ পুঁজি পৰ্যাপ্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী সোণোৱালে বিভাগক অতিৰিক্ত পুঁজি আবণ্টনৰ বাবে প্ৰস্তাৱ দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে। উল্লেখ্য যে ডিব্ৰু নৈৰ লগতে ব্ৰহ্মপুত্ৰ আৰু অনন্ত নলাই মিৰিগাঁও টেঙাবাৰীৰ লগতে বৃহত্তৰ অঞ্চলটোত গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে। ইয়াৰ উপৰি শদিয়াৰ ছৈখোৱা ঘাটৰ পৰা ৰহমৰীয়া মাইজান পৰ্যন্ত বিস্তীৰ্ণ অঞ্চল এই গৰাখহনীয়াৰ কবলত পৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰে গৰাখহনীয়া ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগৰ ভিত্তিত বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নীতি আয়োগৰ উপাধ্যক্ষৰ অধ্যক্ষতাত উত্তৰ-পূব জল ব্যৱস্থাপনা প্ৰাধিকৰণ গঠন কৰিছে আৰু জলশক্তি মন্ত্ৰালয়েও গৰাখহনীয়া ৰোধৰ বাবেও পদক্ষেপ গ্ৰহণ কৰি আহিছে। মিৰিগাঁও টেঙাবাৰীত গৰাখহনীয়া পৰিস্থিতিৰ বুজ লোৱাৰ উপৰি মুখ্যমন্ত্ৰী সোণোৱালে চৰকাৰৰ ধবজাবাহী আঁচনিৰ স্থানীয় হিতাধিকাৰীৰ ঘৰলৈ গৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ সম্পৰ্কে চৰজমিন পৰ্যবেক্ষণ কৰে। তেখেতে স্থানীয় বাসিন্দাৰ সৈতে এই ক্ষেত্ৰত মত বিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে গৰাখহনীয়া পৰিস্থিতিৰ বুজ লোৱাৰ সময়ত চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত সঞ্জয় দত্তৰ লগতে জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )