শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটীৰ হাতীগাঁৱত অসম ইছলামিক সাহিত্য সভাৰ বৈঠক

গুৱাহাটীৰ হাতীগাঁৱত অসম ইছলামিক সাহিত্য সভাৰ বৈঠক

গণ বাৰ্তা, খাৰুপেটীয়া, ৫ অক্টোবৰ : ইছলামিক সাহিত্যৰ প্ৰসাৰ আৰু বিকাশ, শিক্ষা, কলা-সংস্কৃতি তথা সৰ্বাংগীণ উন্নয়নৰ হকে গঠিত (তদৰ্থ) অসম ইছলামিক সাহিত্য সভাৰ এখন জৰুৰী সভা আজি গুৱাহাটীৰ হাতীগাঁৱৰ আল হালাল ডাইনিং প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সাহিত্য সভাৰ সভাপতি তথা অৱসৰী কেন্দ্ৰীয় অসামৰিক প্ৰশাসনিক বিষয়া আলহাজ শ্বেইখ ইফতিখাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কাৰ্যকৰী সভাপতি ৰেইজাউদ্দিন আহমেদ, সম্পাদকপ্ৰধান মৌলানা ফজলুল কৰিম কাছিমী, অসম মাদ্ৰাছা ব’ৰ্ডৰ অৱসৰী সঞ্চালক আব্দুল কায়্যুম আল আমান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ইছমাইল হুছেইন, অৱসৰী কৃতী শিক্ষক তথা সমাজসেৱক, দৰঙৰ মুক্তাৰুল ইছলাম, দৰং জিলা ইছলামিক সাহিত্য সভাৰ সাধাৰণ সম্পাদক মুফতি নছিউৰ ৰহমান, খাৰুপেটীয়াৰ বিশিষ্ট সাংবাদিক ইমদাদুল ইছলাম, মহিউদ্দিন ছিদ্দিকী, মৌলানা নছিম আহমেদ আৰু দৰং-ওদালগুৰি ইত্তেফাকুল উলামাৰ সাধাৰণ সম্পাদক মৌলানা ওসমান গণি কাছিমী প্ৰমুখ্যে কে’বাজনো বিশিষ্ট লোকে মূল্যৱান বক্তব্য দাঙি ধৰে।

সভাখনত গুৱাহাটী, দৰং জিলা, বৰপেটা, নলবাৰী, তিনিচুকীয়া, বিশ্বনাথ, গোলাঘাট, ধুবুৰী আদিকে ধৰি বিভিন্ন জিলাৰ প্ৰতিনিধিসকল উপস্থিত থাকি সৰ্বসন্মতিক্ৰমে অহা ১১, ১২ আৰু ১৩ এপ্ৰিল (২০২০) তাৰিখত হাজোৰ আদাবাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে ইছলামিক সাহিত্য সভাৰ এখন অভিৱৰ্তন অনুষ্ঠিত কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। উল্লেখ্য যে অভিৱৰ্তনৰ পূৰ্বে অহা ১০ ডিচেম্বৰত হাজোৰ আদাবাৰীত এখন প্ৰস্তুতিৰ পৰামৰ্শমূলক সভা অনুষ্ঠিত হ’ব বুলি সৰ্বসন্মতিক্ৰমে সভাত প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখ্য যে সভাত অভিৱৰ্তনখনত ইছলামিক সাহিত্য চৰ্চাৰ ওপৰত কে’বাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হ’ব বুলি ইছলামিক সাহিত্য সভাৰ সম্পাদকপ্ৰধানে জানিবলৈ দিয়ে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )