শেহতীয়া খবৰ
Home / আঞ্চলিক / আউনীআটী বিদ্যা নিকেতনৰ শুভ উদ্বোধন অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

আউনীআটী বিদ্যা নিকেতনৰ শুভ উদ্বোধন অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

গুৱাহাটী, ৫ অক্টোবৰ : ‘বৰ্তমান যুগত মূল্যবোধৰ অভাৱ ঘটিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে মানৱ সমাজ আগবাঢ়ি গ’লেও মানৱীয় অনুভূতি আৰু শিষ্টাচাৰ ক্ৰমান্বয়ে কমিবলৈ ধৰিছে। মানৱীয় প্ৰমূল্যবোধৰ দৈন্যই সমাজত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। এনে প্ৰেক্ষাপটত গুণগত শিক্ষাৰ জৰিয়তেহে উন্নত মানৱ সম্পদ গঢ় দি এই সমস্যাসমূহ নিৰাময় কৰা সম্ভৱ।’ আজি ডিব্ৰুগড় নগৰৰ মানকটাৰ কছাৰীবাৰীস্থিত শ্ৰীশ্ৰীআউনীআটী শাখা সত্ৰ প্ৰাঙ্গণত আউনীআটী বিদ্যা নিকেতনৰ শুভ উদ্বোধন কৰি এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়। শিক্ষাগুৰু, পিতৃ-মাতৃ আৰু ছাত্ৰ-ছাত্ৰীৰ মিলিত প্ৰচেষ্টাৰেহে ভাল মানুহ গঢ় দিয়া সম্ভৱ বুলি মন্তব্য কৰি ল’ৰা-ছোৱালীৰ ভাল ব্যক্তিত্ব নিৰ্মাণ কৰাত পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে বিশেষ ভূমিকা ল’ব লাগিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে কয়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰভাৱত সমাজত সংঘটিত বৰ্বৰোচিত ঘটনাসমূহ বেদনাদায়ক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বিজ্ঞান-মনস্কতাৰে সমাজখন আগুৱাই নি এই কুসংস্কাৰৰ পৰা সমাজখনক মুক্ত কৰিব লাগিব। এই ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহে মুখ্যভূমিকা ল’ব লাগিব বুলিও মুখ্যমন্ত্ৰী সোণোৱালে কয়।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানৱীয় প্ৰমূল্যবোধেৰে প্ৰগাঢ় এখন সমাজ নিৰ্মাণৰ বাবে দেশবাসীক আহবান জনাইছে। স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে সমাজৰ পংকিলতা আঁতৰ কৰাৰ লগতে মানুহৰ মনবোৰো পৰিষ্কাৰ কৰি এখন স্বচ্ছ আৰু নিকা ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে তেখেতে পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী সোণোৱালে এই প্ৰসংগতে প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰা ফিট ইণ্ডিয়া মুভমেন্ট, জল সংৰক্ষণকে ধৰি জৈৱবৈচিত্ৰ্য সুৰক্ষিত কৰি মানৱ সভ্যতাক উজ্জীৱিত কৰাৰ বাবে বৃক্ষ ৰোপণৰ পদক্ষেপ ল’বলৈ সকলোকে আহবান জনায়। তদুপৰি স্বচ্ছতাই সেৱা আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দৰে কাৰ্যসূচীক এক গণজাগৰণলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত ৰাইজক সহযোগিতাৰে আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্ৰী সোণোৱালে আহবান জনায়। আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ লগতে সংগতি ৰাখি মুখ্যমন্ত্ৰী সোণোৱালে শ্ৰীশ্ৰীআউনীআটী সত্ৰই প্ৰৱৰ্তন কৰা ২০১৮ বৰ্ষৰ শংকৰদেৱ গৱেষণা বঁটা বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ (ড০) ৰতন কুমাৰ কটকীক প্ৰদান কৰে।

এই বঁটাত আছে নগদ ১৫ হাজাৰ টকা, গ্ৰন্থৰ টোপোলা, প্ৰশস্তি-পত্ৰ আৰু শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ ঐতিহ্যস্বৰূপ বেতৰ বিচনী। উল্লেখ্য যে মাজুলীৰ শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ দ্বাৰা পৰিচালিত হ’বলগীয়া আউনীআটী বিদ্যা নিকেতনত বিদ্যায়তনিক আৰু সত্ৰীয়া এই দুয়োটা শাখাতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ছাত্ৰ-ছাত্ৰীসকলক মানৱীয় প্ৰমূল্যবোধেৰে প্ৰোজ্জ্বল কৰি তোলাৰ লগতে শিষ্টাচাৰ, শৰীৰ-মন সংযমী কৰাৰ শিক্ষা, খাদ্যাভ্যাস আৰু সত্ৰীয়া নৃত্য-গীতৰ শিক্ষা প্ৰদান কৰা হ’ব। শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী প্ৰমুখ্যে ভক্ত-বৈষ্ণৱবৃন্দৰ উপস্থিতিত অনুষ্ঠিত আজিৰ উদ্বোধনী সভাত বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া, কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়কদ্বয় ক্ৰমে প্ৰশান্ত ফুকন আৰু ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰী, অসম ৰাজ্যিক হাউছিং বোৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )