শেহতীয়া খবৰ
Home / আঞ্চলিক / পেঙেৰীৰ চিকৰাজানত আলফা সদস্য আটকঃ তিনিচুকীয়াত আলফাৰ কুটাঘাটৰ পৰিকল্পনা বিফল

পেঙেৰীৰ চিকৰাজানত আলফা সদস্য আটকঃ তিনিচুকীয়াত আলফাৰ কুটাঘাটৰ পৰিকল্পনা বিফল

গণ বাৰ্তা, ফিল’বাৰী,৯ অক্টোবৰঃ ৰাজ্যত অব্যাহত আছে বিদ্ৰোহী সদস্যৰ আত্মসমৰ্পনৰ ঘটনা ৷২০১৮ চনত বিদ্ৰোহী সংগঠন আলফাত যোগদান কৰা বহুসংখ্যকেই এতিয়া মূলসূঁতিলৈ ঘূৰি আহিবলৈ লৈছে ৷ভাৰতীয় সেনা আৰক্ষী আৰু সেনাৰ তীব্ৰতৰ অভিযানৰ লগতে ম্যানমাৰ সেনাৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰ ঘাটিত সংঘটিত হোৱা আক্ৰমণৰ পিচতেই সংগ্ৰাম এৰি মূল সূতিলৈ ঘূৰি আহিবলৈ বাধ্য হৈ পৰিছে বিদ্ৰোহী সংগঠন আলফা সদস্যসকল। শাৰদীয় দূৰ্গোৎসৱৰ মাজতেই আলফাৰ চাৰি জনীয়া দলে বাহৰ পাতি তিনিচুকীয়া জিলা খনত কুটাঘাটৰ লক্ষ্য কৰা বুলি চোৰাংচোৱা সুত্ৰৰ খবৰ দিছিল ভাৰতীয় সেনা আৰু অসম আৰক্ষীক।তেনে এক অভিযানৰ নেতৃত্ব দি বৃহৎ সফলতা লাভ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷পেঙেৰী থানাৰ অন্তৰ্গত তৰাণী চিকৰজান গাঁৱত বিজয়া দশমী দিনা বিয়লি ৩.৩০ বজাত এজন যুৱকক সন্দেহজনকভাৱে চিকৰাজান অঞ্চলত ঘূৰি ফুৰা অৱস্থাত  নিৰপত্তাক বাহিনীক দেখি পলাই যাবলৈ চেষ্টা কৰিছিল যদিও নিৰাপত্তা বাহিনিৰ হাতত ধৰা পৰে।বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বিজয়া দশমীৰ দিনা অভিযান চলাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এগৰাকী আলফা কেডাৰ । বিজয়া দশমীৰ দিনা আলফা (স্বাধীন) ওপৰত চলা অভিযানত তিনিচুকীয়া আৰক্ষীৰ সহযোগত সমগ্ৰ অভিযানটোৰ নেতৃত্ব দিয়ে চি আৰ পি এফৰ ২১০ কোব্ৰা বাহিনী, ২৩  পাঞ্জাৱ ৰেজিমেণ্ট আৰু ২১ পেৰা বেটালাইনে৷ সেনা আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰআ আটকাধীন আলফা (স্বাধীন ) সদস্যগৰাকী ডিগবৈ থানাৰ অন্তৰ্গত মাজ মামৰনিৰ গাঁৱৰ শব্দ অসম ওৰফে জংকী বৰা বুলি জানিব আৰক্ষীয়ে ৷ সেনাবাহিনীয়ে আটক কৰা আলফা কেডাৰগৰাকীৰ পৰা অভিযানকাৰী দলে ২ ডাল ইলেকট্ৰিক ডিটনেটৰ, ২ টা আইইডি চাৰ্কিট, ৩টা ৯.৬ ভি বেটেৰী, ১ টা ৰিমট কন্ট’ল ডিভাইছ, ১২ কিলোগ্ৰাম টি এন টি ৰ লগতে অন্যান্য আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আটকাধীন আলফা সদস্য জনৰ পৰা অধিক তথ্য লাভ কৰিবৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে।