শেহতীয়া খবৰ
Home / আঞ্চলিক / Video | শুৱালকুছিত মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ গুৰু জনাৰ ৫৭১ তম জন্ম উৎসৱ পালন 

Video | শুৱালকুছিত মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ গুৰু জনাৰ ৫৭১ তম জন্ম উৎসৱ পালন 

পুলিন দাস, শুৱালকুছি, ০৯ অক্টোৱৰ:  সমগ্ৰ ৰাজ্যৰ লগতে বস্ত্ৰনগৰী শুৱালকুছিতো  চাৰদিনীয়াকৈ বিভিন্ন কাৰ্যসূচিৰে উদযাপন কৰা হল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭১ তম জন্ম জয়ন্তী। উল্লেখযোগ্য যে মহাপুৰুষ গুৰু জনাৰ জন্ম জয়ন্তী আজিৰ পৰা ১০২ বছৰ পূৰ্বে পোন প্ৰথমবাৰৰ বাবে সমগ্ৰ অসমৰ ভিতৰত শুৱালকুছিৰ শ্ৰী শ্ৰী হাটীসত্ৰত অনুষ্ঠিত হৈছিল তাৰ পিছতে লাহে লাহে সমগ্ৰ  অসমবাসীয়ে পালন কৰিবলৈ ললে । (এই কথা বহুকেইখন ধৰ্মীয় গ্ৰন্থত ইতিমধ্যে প্ৰকাশ হৈছে) গুৰু জনাৰ জন্ম জয়ন্তীৰ প্ৰথম দিনটোক গন্ধ বুলি কোৱা হয়।গন্ধৰ দিনাখন শুৱালকুছি ৰাজপথত  পৰাম্পৰাগত    ভাৱে চলি অহা গুৰু জনাৰ অমৰ সৃষ্টি  ভক্ত প্ৰহ্লাদ, অভিমন্যূ বধ,চাৰি সিদ্ধৰ কৃষ্ণ দৰ্শন,বৃত্তাশূৰ বধ আদিকে ধৰি কেইবাখনো বাট ভাওনা প্ৰদৰ্শিত হয়।

বাট ভাওনা ৰ পিচতে শংকৰদেৱ নামঘৰ আৰু শংকৰদেৱ ধামৰ ভকত বৈষ্ণৱ সকলে শুৱালকুছিৰ ৰাজপথত ভাগৱত শোভাযাত্ৰ কৰে । গন্ধৰ দিনা নিশাৰ ভাগত শুৱালকুছি শংকৰদেৱ মন্দিৰ সভাঘৰত অপূৰ্ব বায়নৰ পৰিচলনাত মহিলাসকলে বজাৱালি ভাষাত ৰজা হৰিচন্দ্ৰ নাট প্ৰদৰ্শন কৰে । গন্ধ পিচদিনা পুৱা ৰ পৰা শুৱালকুছি সকলো ৰাজপথত পৰা আৰম্ভ হোৱা গুৰু জন্ম উৎসৱৰ  নগৰত হৰি নাম কীৰ্তন প্ৰদৰ্শন । সমগ্ৰ শুৱালকুছি ৰাজপথ হৰিনামৰে মুখৰিত কৰি গুৰুজনাক স্মৰন কৰে । পুৱাৰ পৰা শুৱালকুছিৰ প্ৰতিটো সত্ৰ নামঘৰৰ লগতে শুৱালকুছি শংকৰ দেৱ মন্দিৰ আৰু শুৱালকুছি শংকৰ ধামত গুৰ বন্দনাৰে আলোকিত হোৱা দৃশ্যই দ্বিতীয় বকুণ্ঠ পুৰিলৈ ৰূপান্তিৰত কৰাৰ প্ৰায়স শুৱালকুছিৰ ভকত বাপ সকলৰ ।একতাৰ বাণীৰে সমজাক এক কৰা গুৰু জয়ন্তীৰ এই প্ৰবিত্ৰ ক্ষণত সমগ্ৰ শুৱালকুছিতে হৰি নামৰে গুঞ্জৰীত হোৱা দেখা যায়  ।