শেহতীয়া খবৰ
Home / আঞ্চলিক / ওদালগুৰিৰ  গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দিন দুপৰতে দুবৃত্তই জ্বলাই দিলে মটৰ চাইকেল

ওদালগুৰিৰ  গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দিন দুপৰতে দুবৃত্তই জ্বলাই দিলে মটৰ চাইকেল

গণবাৰ্তা বিশেষ , ওদালগুৰি, ৯ অক্টোবৰঃ  ওদালগুৰিত আজি সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ কাৰ্যালয়ত ৰাখি থোৱা অৱস্তাতে সংগঠনটোৰ কৰ্মী এজনৰ মটৰ চাইকেলত অগ্নি সংযোগ কৰিলে অচিনাক্ত দুবৃত্তই। জানিব পৰা মতে বীৰ বাহাদুৰ ছেত্ৰী নামৰ আগছু কৰ্মী জনে আজি  AS 12F 5280 নম্বৰৰ মটৰ চাইকেল খন কাৰ্যালয় চৌহদত ৰাখি বাক্সালৈ ৰেলেৰে ফুৰিব গৈছিল। কিন্তু দিনৰ ২ মান বজাত গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সভাপতি সোমৰাজ সোণাৰে কাৰ্যালয়লৈ অহাত মটৰ চাইকেলখন দাও দাওকৈ জ্বলি থকা প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে সভাপতি জনে বাইকখনৰ জুই নিৰ্বাপন কৰাৰ চেষ্টা কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নি নিৰ্বাপক বাহিনীয়ে মটৰ চাইকেল খনৰ জুই নুমাবলৈ সক্ষম হৈ মটৰ চাইকেল খন সম্পূৰ্ণ ৰূপে ধংস হৈ যায়। এই ঘটনা সন্দৰ্ভত ওদালগুৰি জিলা আগছুৰ সভাপতি সোমৰাজ সোণাৰে ওদালগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি দুবৃত্তক কৰায়ক্ত কৰাৰ দাবী জনাই।
উল্লেখ যে পূৰ্বতেও সংগঠনটোৰ কাৰ্যালয়ৰ তলা ভাঙি কোনো দুবৃত্তই গেছ জ্বলাই যোৱাৰ ঘটনা পোহৰলৈ আহিছিল। ওদালগুৰি চহৰৰ মাজমজিয়াত তথা ওদালগুৰি আৰক্ষী থানাৰ গাতে লাগি থকা জাতীয় সংগঠন এটাৰ কাৰ্যালয়ত দিনৰ ভাগতে  দুবৃত্তই সংঘটিত কৰি থকা ৰহস্যজনক আক্ৰমণকলৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে ওদালগুৰিত।