শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / VIDEO | অষ্ট্ৰিয়াৰ পিটাৰ হানকেলৈ চলিত বৰ্ষৰ সাহিত্যৰ ন’বেল, পোলেণ্ডৰ সাহিত্যিক অল্গা টোকৰজুকলৈ ২০১৮ৰ ন’বেলঅষ্ট্ৰিয়াৰ পিটাৰ হানকেলৈ চলিত বৰ্ষৰ সাহিত্যৰ ন’বেল, পোলেণ্ডৰ সাহিত্যিক অল্গা টোকৰজুকলৈ ২০১৮ৰ ন’বেল

VIDEO | অষ্ট্ৰিয়াৰ পিটাৰ হানকেলৈ চলিত বৰ্ষৰ সাহিত্যৰ ন’বেল, পোলেণ্ডৰ সাহিত্যিক অল্গা টোকৰজুকলৈ ২০১৮ৰ ন’বেলঅষ্ট্ৰিয়াৰ পিটাৰ হানকেলৈ চলিত বৰ্ষৰ সাহিত্যৰ ন’বেল, পোলেণ্ডৰ সাহিত্যিক অল্গা টোকৰজুকলৈ ২০১৮ৰ ন’বেল

ষ্টকহ’ম, ১০ অক্টোবৰ : অষ্ট্ৰিয়াৰ সাহিত্যিক তথা ঔপন্যাসিক পিটাৰ হানকে (৭৬)লৈ চলিত বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বৃহস্পতিবাৰে ২০১৯ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা লাভ কৰা সাহিত্যিকগৰাকীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৰয়েল ছুইডিছ একাডেমীয়ে। ছুইডেনৰ ৰাজধানী ষ্টকহ’মত ন’বেল ফাউণ্ডেচনে ঘোষণা কৰা অনুসৰি এই বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা অষ্ট্ৰিয়াৰ সাহিত্যিক পিটাৰ হানকেলৈ আগবঢ়োৱাৰ বিপৰীতে ২০১৮ৰ সাহিত্যৰ ন’বেল বঁটা লাভ কৰা সাহিত্যিকগৰাকীৰ নামো আজি ঘোষণা কৰে। ২০১৮ৰ সাহিত্যৰ ন’বেল বঁটা লাভ কৰে পোলেণ্ডৰ সাহিত্যিক অ’ল্গা টোকৰজুকে (৫৭)।

উল্লেখ্য যে ১০ ডিচেম্বৰত আনুষ্ঠানিকভাৱে ন’বেল বঁটা আগবঢ়োৱাৰ প্ৰাক্‌ক্ষণত ছুইডিছ একাডেমীয়ে ঘোষণা কৰিছে চলিত বৰ্ষৰ ন’বেল বঁটাপ্ৰাপকৰ নাম। সেই অনুসৰি আজি ২০১৮ আৰু ২০১৯ৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে ছুইডিছ একাডেমীয়ে। উল্লেখ্য যে ২০১৮ত সাহিত্যৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা নাছিল ছুইডিছ একাডেমীয়ে। ২০১৮ত যৌন আতিশয্যৰ বাবেই সাহিত্যৰ ন’বেল প্ৰাপকৰ নাম ঘোষণা কৰাৰ পৰা বিৰত আছিল ছুইডিছ একাডেমী। সেই বাবে চলিত বৰ্ষত ২০১৯ৰ লগতে ২০১৮ৰো সাহিত্যৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে। উল্লেখ্য যে ২০১৮ৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপকগৰাকীয়ে বিগত বৰ্ষত মেন বুকাৰ ইণ্টাৰনেচনেল প্ৰাইজ লাভ কৰিছিল। আনহাতে তেওঁ হৈছে ১৫ সংখ্যক সাহিত্যৰ ন’বেল বঁটা লাভ কৰা মহিলা সাহিত্যিক।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )