শেহতীয়া খবৰ
Home / আঞ্চলিক / ভাৰাতীয় শিক্ষকেৰে চলিছে চৰাঞ্চলৰ শ-শ বিদ্যালয়

ভাৰাতীয় শিক্ষকেৰে চলিছে চৰাঞ্চলৰ শ-শ বিদ্যালয়

নাই মধ্যাহ্ন ভোজন, নাই বিদ্যালয় গৃহঃ কাগজে -কলমে চলিছে অংগনাবাদী কেন্দ্ৰ

পূব কাজিয়া চৰৰ পৰা আৰিফুল হক : সবকা সাথ সবকা বিকাশৰ শ্ল’গান আওৰাই চৰকাৰ তথা শিক্ষা বিভাগে আমূল পৰিৱৰ্তন হোৱা বুলি যিমানেই ফটা ঢোল বজালেও সনা-পিটিকা আৰু আপোচৰ নীতিৰে চলিছে কেতবোৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা । তাকেই পৰিস্ফুট কৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত চৰাঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহত চলি থকা বিভিন্ন অনিয়ম আৰু পয়ালগা ছবিসমূহে। আমাৰ চৰজমিন তদন্তত পোহৰলৈ আহিছে তেনে কিছুমান ভয়ংকৰ তথ্য। জিলাখনৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা পূব কাজিয়া চৰৰ এইসমূহ বিদ্যালয়। গৰাখহনীয়াত নিঃশেষ হোৱা কালাৰ চৰৰ কিছু লোকে সম্প্ৰতি আশ্ৰয় গ্ৰহণ কৰিছে এইখন সৰু চৰত । তাত থকা বিদ্যালয়সমূহো স্থানান্তৰ কৰি স্থাপন কৰি লৈছে ইয়াত।

ওপৰত টিনপাট দি নল-খাগৰি-মৰাপাটৰ ঠাৰি, খেৰ আদিৰ বেৰ দি কিছুমান বিদ্যালয়ত পাঠদান কৰি থকা হৈছে যদিও কিছুমান বিদ্যালয়ৰ বেৰসমূহ মুক্ত হৈয়ে আছে । প্ৰায়বোৰ বিদ্যালয় এজনীয়া শিক্ষকেৰে চলিছে । পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে নাজানে মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীৰ নাম। জানিবই বা কিয় · আপোনালোকৰনো দায়বদ্ধতা কিমানহ্ল পশ্চিম কালাৰ চৰ প্ৰাথমিক বিদ্যালয় ঃ ১৯৭৯ চনতে স্থাপন হোৱা এইখন বিদ্যালয়ৰ শিক্ষক দুজন । ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭৭জন । প্ৰধান শিক্ষক আদম আলী চৌধুৰী আৰু সহঃ শিক্ষক সঞ্জয় সূত্ৰধাৰ। কিন্তু দুয়োগৰাকী শিক্ষকৰে বিদ্যালয়ত উপস্থিতি অনিয়মীয়া । ঘৰত বহিয়ে লাভ কৰি আছে উচ্চ নিৰিখৰ দৰমহা। সেয়েহে নিয়োগ কৰা হৈছে ভাৰাতীয়া শিক্ষক । ৰজৱ আলী নামৰ এজন স্থানীয় যুৱকৰ দ্বাৰাই চলি আছে পাঠদান । ছাত্ৰ-ছাত্ৰীয়ে নাপায় নিয়মিত মধ্যাহ্ন ভোজন।

বালাৰ চৰ প্ৰাথমিক বিদ্যালয় ঃ এইখন বিদ্যালয়ৰ ৫৯জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষকৰ সংখ্যা এক। এজনীয়া শিক্ষকেৰে টিনৰ চালিৰ তলত চলিছে ডিজিটেল ইণ্ডিয়াৰ পাঠদান । তাকো আছে গৰু নাবায় হাল, হোৱাতকৈ নোহোৱাই ভাল অৱস্থা । প্ৰবীণ মালাদি নামৰ শিক্ষকগৰাকী মাজে মাজে পৰিদৰ্শন কৰি থাকে বিদ্যালয়খন । যাৰ বাবে এগৰাকী স্থানীয় মহিলাই চমজি লৈছে পাঠদান আৰু চলাই গৈছে পাঠদান প্ৰক্ৰিয়া । পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে নাজানে অসমৰ মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীৰ নাম । হাজীৰ চৰ প্ৰাথমিক বিদ্যালয় ঃ গৰাখহনীয়াৰ কবলত নিঃচিহ্ন হোৱাৰ পিছত প্ৰায় দুমাহ পূৰ্বে বিদ্যালয়খন স্থানান্তৰিত কৰি এটা টিনৰ চালিৰ ঘৰত চলি আছে পাঠদান । প্ৰধান শিক্ষকগৰাকীয়েও গ্ৰহণ কৰিছে অৱসৰ । ৰহিম আলী আৰু দীপক কুমাৰ বৈৰী নামৰ দুজন শিক্ষকৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১০৭জন ।

প্ৰায় তিনিমাহ ধৰি বিদ্যালয়খনত নাই মধ্যাহ্ন ভোজনৰ ব্যৱস্থা । দীপক কুমাৰ বৈৰী বিদ্যালয়ত নাথাকে নিয়মীয়াকৈ । পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সাধাৰণ জ্ঞানৰ নমুনা অতি পুতৌ লগা । স্থানীয় লোকে জানিবলৈ দিয়া মতে চৰাঞ্চলৰ প্ৰায়ভাগ বিদ্যালয়তে অনিয়মীয়া শিক্ষকৰ উপস্থিতি । নিৰ্দিষ্ট সময়তকৈ বহু পূৰ্বে দিয়ে বিদ্যালয় ছুটী । মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো সংঘটিত হয় ব্যাপক অনিয়ম। বিভাগীয় কৰ্তৃপক্ষৰ নাই কাণসাৰ । সকলোবোৰ মেনেজ হৈ চলি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। আনহাতে সমাজ কল্যাণ বিভাগৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰো তথৈবচ অৱস্থা । একো একোখন চালিৰ তলত একোখন বেনাৰ । নাই কৰ্মী-সহায়িকা । নাই শিশু । নাই খাদ্য, শিক্ষা । কেৱল কাগজে-পত্ৰই চলি আছে এইসমূহ কেন্দ্ৰ । এই ক্ষেত্ৰত স্থানীয় ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । কিমান দিনলৈ আৰু চলি থাকিব এনেকৈ শিক্ষা ব্যৱস্থা । চকু মেল খাবনে শিক্ষামন্ত্ৰী মহোদয়ৰ · এইসকল দুখীয়া লোকৰ সন্তানে লাভ কৰিবনে সু-শিক্ষা, চৰকাৰী সুবিধা·

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )