শেহতীয়া খবৰ
Home / আঞ্চলিক / Video | ১২ অক্টোবৰতপৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা : কেৱল জীপ ছাফাৰীহে কৰিব পাৰিব পৰ্যটকে বিশ্ব ঐতিহ্য ক্ষেত্ৰত

Video | ১২ অক্টোবৰতপৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা : কেৱল জীপ ছাফাৰীহে কৰিব পাৰিব পৰ্যটকে বিশ্ব ঐতিহ্য ক্ষেত্ৰত

গণ বাৰ্তা, বোকাখাত, ১০ অক্টোবৰ : বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গঁড়ৰ বাবে বিখ্যাত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব ১২ অক্টোবৰত । দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰতিবছৰৰ পহিলা নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি থকা হৈছিল যদিও ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পিছত পূৰ্বৰ পৰম্পৰা ভংগ কৰি নতুন চৰকাৰে এমাহ আগতীয়াকৈ, অৰ্থাৎ পহিলা অক্টোবৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ নিয়ম কৰিছিল। অতি পৰিতাপৰ কথা যে এইবাৰ ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকৰী বানপানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহুসংখ্যক বন্যপ্ৰাণীৰ অনিষ্ট কৰাৰ লগতে উদ্যানৰ বাট-পথ, দলং, বন শিবিৰ আদি ভাঙি ধ্বংস কৰে ।

যাৰ ফলত বিজেপি চৰকাৰখনে ইচ্ছা থাকিলেও এইবাৰ পহিলা অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিবলৈ অপাৰগ হয় । ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকে জানিবলৈ দিয়া মতে এইবাৰৰ বানপানীত উদ্যানৰ ভিতৰৰ পৰ্যটকে ভ্ৰমণ কৰা বাট-পথ যথেষ্ট নষ্ট হৈছে । কেইবাখনো দলং বানৰ সোঁতে উটুৱাই নিছে । অন্যহাতে আন বছৰৰ তুলনাত এইবাৰ অত্যধিক বৰষুণ হোৱাত বাট-পথ, দলং আদি মেৰামতি কৰাটো সমস্যা হৈ পৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত পৰ্যটকে ভ্ৰমণ কৰাৰ সুবিধা আছে । ইয়াৰে কেৱল কহঁৰা বনাঞ্চলৰ মিহিমুখত বন বিভাগৰ হাতী আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰে এলিফেন্ট ছাফাৰীৰ সুবিধা আছে ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া চেলিম আহমেদে জানিবলৈ দিয়া মতে কহঁৰা বনাঞ্চল এলেকাত পৰ্যটকে প্ৰায় ২৪ কিলোমিটাৰ জীপ ছাফাৰী কৰিব পাৰে যদিও এইবাৰ মিহিমুখৰ পৰা ভৈচামাৰীলৈকে মাত্ৰ ২২ কিলোমিটাৰহে গাড়ীৰে ভ্ৰমণ কৰিব পাৰিব। অন্যহাতে বন বিষয়া পংকজ বৰাই জানিবলৈ দিয়া মতে বাগৰি বনাঞ্চলত মাত্ৰ আঠ কিলোমিটাৰ দূৰত্বলৈকে পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব । ইয়াৰে ডুঙা দৰ্শন চূড়া আৰু বিমলি তিনিআলি দূৰত্বলৈকে পৰ্যটকে কেৱল জীপ ছাফাৰী কৰিব পাৰিব বুলি বন বিষয়াজনে জানিবলৈ দিয়ে । উল্লেখ্য, পৰৱৰ্তী সময়ত বৰষুণৰ পৰিমাণ কমিলে, অৰ্থাৎ বতৰ শুকান হ’লে ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো বাট-পথ, দলং আদি মেৰামতি কৰি সম্পূৰ্ণ হ’লে পৰ্যটকে উদ্যানৰ সকলো স্থানত জীপ ছাফাৰী কৰিব পাৰিব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

অন্যহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰোহিণী বল্লভ শইকীয়াই জানিবলৈ দিয়া মতে অহা ১২ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা আৰু বাগৰি বনাঞ্চলতহে পৰ্যটকে কেৱল জীপ ছাফাৰী কৰিব পাৰিব । অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চল পৰৱৰ্তী সময়ত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। অন্যহাতে ১২ অক্টোবৰত এলিফেন্ট ছাফাৰী মুকলি কৰাটো সম্ভৱ নহ’ব । কাৰণ এলিফেন্ট ছাফাৰী কৰা, অৰ্থাৎ পৰ্যটকক লৈ হাতী বিচৰণ কৰা এলেকাবোৰত এতিয়াও বোকা আৰু পানী হৈ আছে । বন সংমণ্ডল বিষয়াজনে আৰু জানিবলৈ দিয়া মতে অহা ১২ অক্টোবৰত পুৱা ৰাজ্যখনৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত আদিৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰৰ ফিতা কাটি আনুষ্ঠানিকভাৱে ২০১৯-২০ বৰ্ষৰ পৰ্যটকৰ বাবে মুকলি কৰিব ।

বৰ্তমান পৰ্যটকে ভ্ৰমণ কৰা বাট-পথ, দলং আদিবোৰ বনাঞ্চলিক বিষয়াসকলৰ তত্ত্বাৱধানত তীব্ৰ গতিত মেৰামতি চলি আছে । বনাঞ্চলিক বিষয়াসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকক আদৰণি জনাবলৈ প্ৰৱেশদ্বাৰ, দৰ্শন চূড়া আদিত ৰং সানি আকৰ্ষণীয় কৰাত ব্যস্ত হোৱা দেখা গৈছে। উল্লেখ্য, ইতিমধ্যে বহু আশাৰে গাঁঠিৰ ধন ভাঙি ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ বহুসংখ্যক পৰ্যটকৰ আগমন ঘটিছে কাজিৰঙাত। কাজিৰঙাত উপস্থিত হোৱাৰ পিছত উদ্যান বন্ধৰ কথা জানিব পাৰি নিৰাশ মনে পৰ্যটক কাজিৰঙাৰ পৰা উভতি যাবলৈ বাধ্য হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )