শেহতীয়া খবৰ
Home / আঞ্চলিক / কেবৰ বিৰুদ্ধে ৰাজ্যজুৰি কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ ঃ অগণতান্ত্ৰিকভাবে প্ৰতিবাদক বাধা দিয়া হৈছে : অখিল

কেবৰ বিৰুদ্ধে ৰাজ্যজুৰি কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ ঃ অগণতান্ত্ৰিকভাবে প্ৰতিবাদক বাধা দিয়া হৈছে : অখিল

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ : কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে উঠি-পৰি লগাৰ লগতে নাগৰিকত্ব বিধেয়কৰ সংশোধন ঘটাই পূৰ্বৰ তুলনাত অতি ভয়াৱহভাৱে ইয়াক উপস্থাপন কৰি গৃহীত কৰিবলৈ সাজু হোৱাৰ অভিযোগ তুলি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। নতুনকৈ আহিবলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ ষষ্ঠ অনুসূচীৰ অধ্যুষিত অঞ্চল আৰু বিশেষ ৰাজ্যসমূহক বাদ দিয়াৰ পিছতে বিদেশীৰ বোজা অসমে কান্ধত ল’ব লাগিব বুলি অসমবাসীক সকীয়াই দি আজি মেঘদূত ভৱনৰ সমীপত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমতে অভিযান আৰম্ভ কৰি মেঘদূত ভৱনৰ সন্মুখত কেন্দ্ৰীয় কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। পুৱা প্ৰায় ১১ বজাত কৃষক মুক্তিৰ শতাধিক সদস্যই হাতে হাতে প্লেকাৰ্ড লৈ কেববিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰায় আধা ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াৰ লগতে অখিল গগৈ সহিতে শতাধিক প্ৰতিবাদকাৰীক আটক কৰে। অনুমতি নথকাৰ অচিলা লৈ কৃষক মুক্তিৰ প্ৰতিবাদী কাৰ্যসূচীত বাধা দিয়ে আৰক্ষীয়ে। ইপিনে আৰক্ষীয়ে বাধা দিয়াৰ পিছতে প্ৰশাসনৰ বিৰুদ্ধে গৰজি উঠে অখিল গগৈ। গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আধা ঘণ্টাৰ অনুমতি লোৱা হৈছে বুলি উল্লেখ কৰি আৰক্ষীয়ে আটক কৰা কাৰ্যক অগণতান্ত্ৰিক বুলি আখ্যা দিয়ে। লগতে কৃষক নেতাগৰাকীয়ে কয় যে ধৰ্মৰ ভিত্তিত বিজেপিয়ে নাগৰিকত্ব প্ৰদান কৰিব খুজিছে আৰু দুই কোটি হিন্দু বাংলাদেশীক আদৰিব খোজা এই প্ৰস্তাৱ কোনো কাৰণতে অসমবাসীয়ে মানি নলয়। কেব গৃহীত হ’লে অসমত তিনি কোটি ১১ লাখ জনসংখ্যাৰ ওপৰত অতিৰিক্তভাৱে দুই কোটি হিন্দু বাংলাদেশীৰ বোজা আহিব পৰিব আৰু অসমত অসমীয়া ৰাজ্যভাষা হৈ নাথাকিব।

অমিত শ্বাহেই কওক বা প্ৰধানমন্ত্ৰী মোদীয়েই কওক, নতুনকৈ কোনো এজন হিন্দু বাংলাদেশীৰ বোজা অসম বা উত্তৰ-পূৰ্বাঞ্চলে নলয়। উল্লেখ্য যে আজি শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন অঞ্চলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেববিৰোধী আন্দোলন সাব্যস্ত কৰিছে। আজিৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিছে কৃষক মুক্তিয়ে। ইয়াৰ জৰিয়তে গাঁৱে গাঁৱে, ঘৰে ঘৰে গৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। উল্লেখ্য যে কলকাতাৰ নেতাজী ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোদী চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবই আৰু বাংলাদেশ, পাকিস্তান, আফগানিস্তানকে ধৰি চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা অহা হিন্দু, শিখ, খ্ৰীষ্টান, জৈনকে ধৰি ছটা ধৰ্মৰ লোকক ভাৰতত নাগৰিকত্ব প্ৰদান কৰিব। তেওঁলোকক ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিব মোদী চৰকাৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )