শেহতীয়া খবৰ
Home / আঞ্চলিক / বন্ধ নহয় ভাৰত সঞ্চাৰ নিগম লিমিটেডঃ সংবাদ মেলত অসম চাৰ্কলৰ মহাপ্ৰবন্ধক সন্দীপ গোভিল

বন্ধ নহয় ভাৰত সঞ্চাৰ নিগম লিমিটেডঃ সংবাদ মেলত অসম চাৰ্কলৰ মহাপ্ৰবন্ধক সন্দীপ গোভিল

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ : শেহতীয়াকৈ দেশ তথা ৰাজ্যজুৰি বি এছ এন এল আৰু এম টি এন এল বন্ধ হ’ব বুলি চলি থকা বাতৰিক সম্পূৰ্ণৰূপে ভুৱা আখ্যা দিছে বি এছ এন এলৰ অসম চাৰ্কোলৰ মুখ্য মহাপ্ৰবন্ধক সন্দীপ গোভিলে। আজি পাণবজাৰস্থিত বি এছ এন এলৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কেন্দ্ৰীয় চৰকাৰে বি এছ এন এল আৰু এম টি এন এল বন্ধ নকৰে বুলি স্পষ্ট কৰি দিছে। এই সন্দৰ্ভত সন্দীপ গোভিলে কয় যে শেহতীয়াভাৱে ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু এম টি এন এলৰ বিৰুদ্ধে ঋণাত্মক প্ৰচাৰ অব্যাহত আছে।

বি এছ এন এল বিগত কেইদিনমান ধৰি বৃহৎ লোকচানৰ সন্মুখীন হৈছে যদিও কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে বি এছ এন এল আৰু এম টি এন এল বন্ধ কৰাৰ চিন্তা কৰা নাই। লোকচানৰ সন্মুখীন হ’লেও বি এছ এন এলে অসম চৰকাৰৰ সৈতে শেহতীয়াকৈ এক চুক্তি স্বাক্ষৰিত কৰিছে। অসম চৰকাৰৰ সৈতে ২৫ কোটিৰ চুক্তিত স্বাক্ষৰ কৰিছে বি এছ এন এলে। ইয়াৰ যোগেদি ৰাজ্যখনত ৭৭টা ডিজিটেল সেৱা কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বি এছ এন এলৰ তৰফৰ পৰা। কাৰ্বি আংলং আৰু ডিমা হাছাওৰ অধিকাংশ ডিজিটেল সেৱা কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰিছে বি এছ এন এলে। এনে অৱস্থাত বি এছ এন এল বন্ধ হোৱাটো সম্পূৰ্ণৰূপে অসত্য বাতৰি বুলি উল্লেখ কৰে অসম চাৰ্কোলৰ মুখ্য মহাপ্ৰবন্ধকগৰাকীয়ে

। আনহাতে অসমৰ ১৮টা স্থানত শেহতীয়াকৈ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ তৰফৰ পৰা ৪-জি সেৱা প্ৰদান কৰা হৈছে। ইপিনে অন্যান্য ব্যক্তিগত টেলিকম কোম্পানীক কটাক্ষ কৰি মহাপ্ৰবন্ধকগৰাকীয়ে কয় যে বি এছ এন এলে প্ৰতিটো প্লেন অনুযায়ী সেৱা প্ৰদান কৰে। অন্যান্য কোম্পানীৰ দৰে প্ৰথমতে বিনামূলীয়া সেৱাৰ প্ৰলোভন দি পৰৱৰ্তী সময়ত অতিৰিক্ত মাচুল নলয়। বি এছ এন এলে প্লেন অনুযায়ী ইনকামিং আৰু আউট গ’য়িঙৰ বাবদ মাচুল লয়। এই নিৰ্ধাৰিত মাচুলৰ বিপৰীতে বিনামূলীয়া সেৱাৰ সুবিধা থাকিলে সেই সেৱা উপলব্ধ কৰায়। কিন্তু আন ব্যক্তিগত কোম্পানীৰ দৰে প্ৰথমতে বিনামূলীয়া কৰি পৰৱৰ্তী সময়ত মাচুলৰ ওপৰত মাচুল নিৰ্ধাৰণ নকৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )