শেহতীয়া খবৰ
Home / আঞ্চলিক / কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

দক্ষিণ অসম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক পি কে দত্তক ঘটনাৰ তদন্তৰ দায়িত্ব

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ : ডিমা হাছাও জিলাৰ উমৰাংছুত থকা কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত দুৰ্ঘটনা সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নীপ্‌কো কৰ্তৃপক্ষৰ সৈতে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত এক আলোচনাত মিলিত হয়। ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত মুখ্যমন্ত্ৰীয়ে কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত ঘটনা সন্দৰ্ভত নীপ্‌কো কৰ্তৃপক্ষৰ পৰা সবিশেষ বুজ লোৱাৰ উপৰি এই ঘটনা সংঘটিত হোৱাৰ পিছত লোৱা সুৰক্ষা তথা অন্যান্য বিষয়সমূহৰো বুজ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে উপযুক্ত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ দিশত যাৱতীয় পদক্ষেপ ল’বলৈও নীপ্‌কো কৰ্তৃপক্ষক কয়।

আনহাতে মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্তৰ বাবে দক্ষিণ অসম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক পি কে দত্তক নিৰ্দেশ দিয়াৰ উপৰি পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাঙৰ নেতৃত্বত এটা উচ্চস্তৰীয় গোটক ঘটনাস্থলী পৰিদৰ্শন কৰি সবিশেষ বুজ লোৱাৰ বাবেও নিৰ্দেশ দিয়ে। চুম ৰংহাঙৰ নেতৃত্বত গঠিত পৰিদৰ্শন গোটত সাংসদ হৰেনছিং বে’, বিধায়কদ্বয় ক্ৰমে বীৰভদ্ৰ হাগজেৰ, ডাঃ নোমল মমিন আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱোলাল গাৰ্লোচাক অন্তৰ্ভুক্ত কৰা হৈছে। এই গোটটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীক অৱগত কৰিব।

আজিৰ এই বৈঠকত পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাং, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, গৃহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, এপিডিচিএলৰ অধ্যক্ষ বিনোদ কুমাৰ পিপাৰচেনীয়া, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ লগতে নীপ্‌কোৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )