শেহতীয়া খবৰ
Home / আঞ্চলিক / উপ-নিৰ্বাচনত ৩ প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰঃ ২০ প্ৰাৰ্থীৰ চাৰিজন কোটিপটি

উপ-নিৰ্বাচনত ৩ প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰঃ ২০ প্ৰাৰ্থীৰ চাৰিজন কোটিপটি

মহানগৰ প্ৰতিবেদক : অসমৰ চাৰি সমষ্টিৰ উপ-নিৰ্বাচনত ২০গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ২১ অক্টোবৰত জনীয়া, ৰঙাপৰা, ৰাতাবাৰী আৰু সোণাৰি সমষ্টিত অনুষ্ঠিত হ’বলগীয়া চাৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ আজি এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্ম (এডিআৰ)এ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি প্ৰতিদ্বন্দ্বিতা কৰা ২০গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিজনৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ আছে। ইয়াৰে দুজনৰ বিৰুদ্ধে গুৰুতৰ ফৌজদাৰী গোচৰ আছে বুলি উল্লেখ কৰিছে এডিআৰে। এডিআৰৰ প্ৰতিবেদন অনুসৰি জনীয়া সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰা ৰফিকুল ইছলামৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ থকাৰ লগতে চিপিআই(এম)ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰুষ্টম আলীৰ বিৰুদ্ধেও আছে ফৌজদাৰী গোচৰ।

আনহাতে, ৰঙাপৰা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰা কাৰ্তিক কুৰ্মীৰ বিৰুদ্ধেও আছে ফৌজদাৰী গোচৰ। আনহাতে, তেওঁলোকে এই কথাও উল্লেখ কৰিছে যে ৪ সমষ্টিৰ উপ- নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ২০গৰাকী প্ৰাৰ্থীৰ ভিতৰত কেৱল এগৰাকীহে মহিলা প্ৰাৰ্থী। আনহাতে ২০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪গৰাকী কোটিপতি। উল্লেখ্য যে এইবাৰৰ উপ-নিৰ্বাচনত প্ৰাৰ্থীসকলে ব্যয় কৰিব পাৰিব ৪২.৮২ লাখ টকা। এডিআৰৰ প্ৰতিবেদন অনুসৰি, জনীয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে ছামছুল হকে। ৫১ বছৰীয়া ছামছুল হকৰ শিক্ষাগত অৰ্হতা স্নাতক হোৱাৰ লগতে তেওঁৰ মুঠ সম্প¿Mৰ পৰিমাণ ৭৫,৯৬,১৬০ টকা। আনহাতে, বিজেপি প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে তফিকুৰ ৰহমানে। ৬৭ বছৰীয়া তফিকুৰ ৰহমান দ্বাদশ উত্তীৰ্ণ হোৱাৰ লগতে মুঠ সম্পত্তিৰ পৰিমাণ ৬১,১৪,৭১৬ টকা। আনহাতে নিৰ্দলীয় প্ৰাৰ্থীৰূপে জনীয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে আব্দুল জলিল তালুকদাৰে।

৬১ বছৰীয়া আব্দুল জলিল তালুকদাৰ দ্বাদশ উত্তীৰ্ণ হোৱাৰ লগতে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৫,৯০,০০০ টকা। আনহাতে, এআইইউডিএফৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে জনীয়া সমষ্টিত ৰফিকুল ইছলামে। ৪৪ বছৰীয়া ৰফিকুল ইছলামৰ ডক্টৰেট ডিগ্ৰী থকাৰ লগতে তেওঁৰ বিৰুদ্ধে আছে দুটাকৈ ফৌজদাৰী গোচৰ। আনহাতে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩২,৯৭,৬১৪ টকা। আনহাতে, এনপিপিৰ হৈ জনীয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ছান মহম্মদে। ৩২ বছৰীয়া ছান মহম্মদ দ্বাদশ উত্তীৰ্ণ হোৱাৰ লগতে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৭ লাখ। আনহাতে আম আদমী পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ফাৰুক খানে।

৪৩ বছৰীয়া ফাৰুক খান স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪ লাখ টকা। আনহাতে ডেম’ক্ৰেটিক পাৰ্টী অৱ ইণ্ডিয়াৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ৰফিকুল ইছলামে। ৩৯ বছৰীয়া ৰফিকুল ইছলামৰ মুঠ সম্পত্তি ২ লাখ টকা। আনহাতে চিপিআই(এম)ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ৰুষ্টম আলীয়ে। ৩৪ বছৰীয়া ৰুষ্টম আলীৰ বিৰুদ্ধে আছে এটা অপৰাধৰ গোচৰ। আনহাতে, নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৫ বছৰীয়া সুভাষ সূত্ৰধৰে। ইফালে, ৰঙাপৰা সমষ্টিত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাজেন বৰঠাকুৰে। ৫৪ বছৰীয়া ৰাজেন বৰঠাকুৰ দ্বাদশ উত্তীৰ্ণ। আনহাতে কংগ্ৰেছৰ হৈ ৰঙাপৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে কাৰ্তিক কুৰ্মীয়ে। কাৰ্তিক কুৰ্মীৰ বিৰুদ্ধে আছে এটা ফৌজদাৰী গোচৰ। ৫০ বছৰীয়া কাৰ্তিক কুৰ্মী দ্বাদশ উত্তীৰ্ণ। আনহাতে ভাৰতীয় গণ পৰিষদৰ হৈ ৰঙাপৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৫ বছৰীয়া অৰূপ কুমাৰ চৌধুৰীয়ে। তেওঁ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ।

আনহাতে, চিপিআই(এম)ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৮ বছৰীয়া ৰয়েল চোৰেঙে। তেওঁ অষ্টম শ্ৰেণী উত্তীৰ্ণ। একেদৰে এছইউচিআই(চি)ৰ প্ৰাৰ্থীৰূপে ৰঙাপৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৰঞ্জিত ৰাজবংশীয়ে। আনহাতে ৰাতাবাৰী সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে কেশৱ প্ৰসাদ ৰাজাকে। ৫৭ বছৰীয়া কেশৱ প্ৰসাদ ৰাজাক দশম শ্ৰেণী উত্তীৰ্ণ। আনহাতে, বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজয় মালাকাৰে। ৩৯ বছৰীয়া বিজয় মালাকাৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। আনহাতে নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ৪৯ বছৰীয়া পৰীক্ষিত ৰয়ে। তেওঁ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। আনহাতে এছইউচিআই(চি)ৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে ৰবীন্দ্ৰ ৰবিদাসে। তেওঁ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। আনহাতে সোনাৰি সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে সুশীল কুমাৰ চুড়ীয়ে। ৫১ বছৰীয়া সুশীল কুমাৰ চুড়ী স্নাতকোত্তৰ। আনহাতে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে মহিলা প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে। ৪৮ বছৰীয়া নৱনীতা সন্দিকৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )