শেহতীয়া খবৰ
Home / ক্ৰীড়া / টেষ্ট ছিৰিজ দখলৰ দিশে ভাৰত:  দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৩২৬ ৰানৰ অগ্ৰগতিত কোহলী বাহিনী

টেষ্ট ছিৰিজ দখলৰ দিশে ভাৰত:  দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৩২৬ ৰানৰ অগ্ৰগতিত কোহলী বাহিনী

মুম্বাই, ১২ অক্টোবৰ : প্ৰথমখন টেষ্টৰ পিছত দ্বিতীয়খন টেষ্টত জয়লাভ কৰি ছিৰিজ দখলৰ দিশে আগবাঢ়িছে ভাৰতীয় দলটো। চলিত পুণে টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৩২৬ ৰানৰ অগ্ৰগতিত আছে কোহলী বাহিনী। উল্লেখ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ তিনিখন মেচৰ টেষ্ট ছিৰিজ অনুষ্ঠিত হৈ আছে। ইতিমধ্যে টেষ্ট ছিৰিজৰ প্ৰথমখন টেষ্টত জয়লাভ কৰি ১-০ অগ্ৰগতিত আছে ভাৰতীয় দলটো। দুয়োটা দলৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টৰ তৃতীয় দিনা দক্ষিণ আফ্ৰিকা দলটোৱে ভাৰতৰ বিৰুদ্ধে ২৭৫ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ১০৫.৪ অভাৰত ২৭৫ ৰান সংগ্ৰহ কৰে। ফলত প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩২৬ ৰানৰ অগ্ৰগতিত আছে ভাৰতীয় দলটো। উল্লেখ্য যে প্ৰথম ইনিংছত ভাৰতে ৬০১ ৰান সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা দলটোৱে নিৰাশজনক বেটিং প্ৰদৰ্শন দাঙি ধৰে। ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে ফাফ ডু প্লেছিয়ে। ডু প্লেছিয়ে ১১৭টা বলত নটা চাৰি আৰু এটা ছয়ৰ সহায়ত ৬৪ ৰান কৰে।