শেহতীয়া খবৰ
Home / ক্ৰীড়া / ২০২০ত ক্ৰীড়াত ডুব যাব অষ্ট্ৰেলিয়া

২০২০ত ক্ৰীড়াত ডুব যাব অষ্ট্ৰেলিয়া

নতুন দিল্লী, ১২ অক্টোবৰ : আগন্তুক বৰ্ষত ক্ৰীড়াত ডুব যাব সমগ্ৰ অষ্ট্ৰেলিয়া।২০২০ত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব দুখনকৈ ক্ৰীড়া। যাৰ বাবে আগন্তুক বৰ্ষত বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰে ভৰি পৰিব অষ্ট্ৰেলিয়া। উল্লেখ্য যে ২০২০ত অষ্ট্ৰেলিয়াত দুখনকৈ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব। পুৰুষৰ লগতে মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব। যাৰ বাবে ২০২০ত সমগ্ৰ অষ্ট্ৰেলিয়া ক্ৰিকেটত ডুব যাব। ইতিমধ্যে এই দুয়োখন বিশ্বকাপ আয়োজনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে অষ্ট্ৰেলিয়াত। বিশ্বৰ ক্ৰিকেটপ্ৰেমীক আদৰিবলৈ প্ৰস্তুতি চলাই আছে অষ্ট্ৰেলিয়াত। উল্লেখ্য যে আগন্তুক বৰ্ষত অষ্ট্ৰেলিয়াত প্ৰথমে মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব। তাৰ পিছতহে অনুষ্ঠিত হ’ব পুৰুষৰ টি-২০বিশ্বকাপ। ২০২০ৰ ফেব্ৰুৱাৰীৰ পৰা মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ বিপৰীতে বছৰৰ শেষৰ ফালে অৰ্থাৎ অক্টোবৰৰ পৰা আৰম্ভ হ’ব পুৰুষৰ¸ টি-২০ বিশ্বকাপ। এই দুয়োখন বিশ্বকাপলৈ দৃষ্টি ৰাখিছে এতিয়াৰে বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়ে। উল্লেখ্য, মহিলা বিশ্বকাপ ২১ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত হ’ব।

মহিলা টি-২০ বিশ্বকাপত ১০টা দলে অংশ ল’ব। ইয়াৰ ভিতৰত ভাৰতীয় মহিলা দলটো আছে। ভাৰতীয় মহিলা দলটো বৰ্তমান ফৰ্মত আছে যদিও বিশ্বকাপ দখল কৰাটো সহজ নহ’ব। কিয়নো বিগত চেম্পিয়ন অষ্ট্ৰেলিয়াৰ ভূমিতে ২০২০ৰ টি-২০ মহিলা বিশ্বকাপ অনুষ্ঠিত হ’ব। যাৰ বাবে অষ্ট্ৰেলিয়া দলটোৱে কোনোকাৰণতে হাতৰ পৰা বিশ্বকাপ ওলাই যাবলৈ নিদিব। দাঙি ধৰিব দুৰ্দান্ত বেটিং আৰু বলিং প্ৰদৰ্শন। উল্লেখ্য ২০১৮ৰ বিশ্বকাপত অষ্ট্ৰেলিয়া দলটোৱে দুৰ্দান্ত বেটিং আৰু বলিং প্ৰদৰ্শন দাঙি ধৰি চেম্পিয়নৰ খিতাপ দখল কৰিছিল। পুনৰ সেই সুযোগ আহিছে অষ্ট্ৰেলিয়া দলটোৰ হাতত। সেই বাবে ২০২০ৰ মহিলা টি-২০ বিশ্বকাপৰ প্ৰবল অধিকাৰী হিচাপে গণ্য কৰা হৈছে অষ্ট্ৰেলিয়া দলটোক। আনহাতে ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব পুৰুষৰ টি-২০ বিশ্বকাপ। য’ত ১৬টা দলে অংশ ল’ব।

বিশ্বকাপৰ গৰাকী কোন হ’ব তাক লৈ বিশ্বজুৰি চৰ্চা অব্যাহত আছে। যিহেতু বিশ্বকাপ আয়োজন হ’বলৈ এতিয়াও মাজত এটা বছৰ। সেই বাবে বিশ্বকাপৰ চেম্পিয়ন কোন হ’ব তাক লৈ কেৱল মাথোঁ চৰ্চাহে চলি আছে সঠিক লক্ষ্যত উপনীত হ’ব পৰা নাই। বিশ্বকাপৰ বাবে ক্ৰিকেট দলসমূহে নিজকে প্ৰস্তুত কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে। বিশেষকৈ ভাৰতীয় দলটোৱে আগন্তুক টি-২০ বিশ্বকাপলৈ নিজকে সাজু কৰি তোলাৰ চেষ্টা আৰম্ভ কৰিছে। ভাৰতীয় দলটোৱে বিশ্বকাপৰ পূৰ্বে কেইবাখনো টি-২০ ছিৰিজ খেলিব। লক্ষ্য এটাই নিজকে বিশ্বকাপলৈ সাজু কৰি তোলা। ভাৰতে বিশ্বকাপ দখলৰ বাবে চেষ্টা চলাব। ভাৰতে এদিনীয়া বিশ্বকাপত হোৱা ভুলৰ পুনৰাবৃত্তি নকৰিব পাৰে টি-২০ বিশ্বকাপত। এদিনীয়া বিশ্বকাপত হোৱা ভুলৰ পুনৰাবৃত্তি নকৰি ভাৰতে দখল কৰিব পাৰে টি-২০ বিশ্বকাপ। আনহাতে আন দলসমূহেও বিশ্বকাপ দখলৰ প্ৰস্তুতি চলাইছে। যাৰ বাবে কোনো দলৰ বাবে টি-২০ বিশ্বকাপ দখল কৰাটো সহজ নহ’ব। প্ৰতিটো দলে বিশ্বকাপৰ মেচত কঠিন পৰিস্থিতিৰ মুখামুখি হ’ব। যাৰ বাবে আগন্তুক টি-২০ বিশ্বকাপ অধিক ৰোমাঞ্চক আৰু আকৰ্ষণীয় হ’ব।