শেহতীয়া খবৰ
Home / ক্ৰীড়া / লুক্সেমবাৰ্গৰ বিৰুদ্ধে পৰ্তুগালৰ জয় : কেৰিয়াৰৰ ৭০০টা গ’ল সম্পূৰ্ণ ৰোনাল্ড’ৰ

লুক্সেমবাৰ্গৰ বিৰুদ্ধে পৰ্তুগালৰ জয় : কেৰিয়াৰৰ ৭০০টা গ’ল সম্পূৰ্ণ ৰোনাল্ড’ৰ

লিছবন, ১২ অক্টোবৰ : পৰ্তুগাল দলৰ হৈ কালি নিশা ইউৰোপীয়ান চেম্পিয়নশ্বিপৰ যোগ্যতা নিৰ্ণায়ক মেচত লুক্সেমবাৰ্গৰ বিৰুদ্ধে এটা গ’ল দি ক্ৰিষ্টিয়ানো ৰোনাল্ড’ৱে কেৰিয়াৰৰ ৭০০টা গ’ল সম্পূৰ্ণ কৰিছে। গ্ৰুপ ‘বি’ৰ মেচখনত ৰোনাল্ড’ৱে পৰ্তুগালৰ হৈ প্ৰতিদ্বন্দ্বী লুক্সেমবাৰ্গৰ বিৰুদ্ধে ৬৫ মিনিটত এটা গ’ল দিয়ে। এই গ’লটোৰে কেৰিয়াত ৭০০টা গ’ল দিয়াৰ গৌৰৱ অৰ্জন কৰিছে ৰোনাল্ড’ৱে। মেচখনত পৰ্তুগাল দলটোৱে প্ৰতিদ্বন্দ্বী লুক্সেমবাৰ্গৰ বিৰুদ্ধে ৩-০ গ’লেৰে জয়লাভ কৰে। মেচখনৰ আৰম্ভণিৰে পৰা দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰা পৰ্তুগালে প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে প্ৰথমটো গ’ল দিয়ে ১৬ মিনিটত। বেৰনাৰ্ড ছিলভাই দলটোৰ হৈ এই গ’লটো দিয়ে।

আনহাতে ৬৫ মিনিটত ৰ’নাল্ডৱে দলটোৰ হৈ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে দ্বিতীয়টো গ’ল দিয়ে। আনহাতে ৮৯ মিনিটত গঞ্জালো গুডিছে দলটোৰ হৈ তৃতীয়টো গ’ল দিয়ে। আনহাতে লুক্সেমবাৰ্গ দলটোৱে পৰ্তুগালৰ বিৰুদ্ধে গ’ল দিয়াৰ বাবে অপ্ৰাণ চেষ্টা চলায় যদিও সফল নহ’ল। ফলত পৰ্তুগালৰ হাতত ৩-০ গ’লত পৰাস্ত হয়।