শেহতীয়া খবৰ
Home / ক্ৰীড়া / ব্ৰঞ্জৰ পদকত সন্তুষ্ট হ’ব লাগিব তিনি ভাৰতীয় বক্সাৰ

ব্ৰঞ্জৰ পদকত সন্তুষ্ট হ’ব লাগিব তিনি ভাৰতীয় বক্সাৰ

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছেমিত পৰাস্ত মেৰী কম, লাভলিনা, যমুনা

উলান উদে (ৰাছিয়া), ১২ অক্টোবৰ : অলিম্পিক পদক বিজেতা ভাৰতীয় মহিলা ব’ৰ এম চি মেৰী কমে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট হ’ব লাগিব। ৰাছিয়াত অনুষ্ঠিত হৈ থকা চেম্পিয়নশ্বিপৰ ছেমি-ফাইনেলত মেৰী কমে তুৰস্কৰ বুছেনাজ চাকিগ্ল­ুৰ হাতত পৰাস্ত হয়। ৰাছিয়াৰ উলান উদেত চলি থকা চেম্পিয়নশ্বিপৰ ছেমিত তুৰস্কৰ প্ৰতিদ্বন্দ্বীৰ হাতত ১-৪ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ পিছত স্বৰ্ণপদক অৰ্জনৰ স্বপ্ন ভংগ হয় মেৰী কমৰ। উল্লেখ্য যে কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বী কলম্বিয়াৰ ইনগ্ৰীট ভেলেন্সিয়াক একপক্ষীয়ভাৱে ৫-০ৰে পৰাস্ত কৰি ছেমি-ফাইনেলত প্ৰৱেশ কৰাৰ সমান্তৰালকৈ পদক নিশ্চিত কৰিছিল মেৰী কমে।

চেম্পিয়নশ্বিপত তেওঁ ভাৰতৰ হৈ ৫১ কিলোগ্ৰাম শাখাত অংশ লৈছে। আনহাতে আজি ৫৪ কিলোগ্ৰাম শাখাত যমুনা বড়ো ছেমি-ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট হ’বলগীয়া হয়। যমুনা বড়োৱে ছেমি-ফাইনেলত চীন টাইপেইৰ ছিয়াঅ’ ৱেনৰ হাতত ০-৫ৰ ব্যৱধানত পৰাস্ত হ’বলগীয়া হয়। আনহাতে ভাৰতীয় মহিলা বক্সাৰ লাভলিনা বুঢ়াগোহাঁয়ে চীনৰ য়াং লিউৰ হাতত ২-৩ৰ ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকত সন্তুষ্ট হ’বলগীয়া হয়।