শেহতীয়া খবৰ
Home / আঞ্চলিক / ৫ নৱেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰ পুষ্কৰ, ধাৰ্মিক পৰ্যটনৰ যোগেদি দুই কোটি উপাৰ্যনৰ লক্ষ্য পৰ্যটন বিভাগৰ

৫ নৱেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰ পুষ্কৰ, ধাৰ্মিক পৰ্যটনৰ যোগেদি দুই কোটি উপাৰ্যনৰ লক্ষ্য পৰ্যটন বিভাগৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ : নমামি ব্ৰহ্মপুত্ৰৰ যোগেদি মহা আয়োজন অনুষ্ঠিত কৰি ব্ৰহ্মপুত্ৰত পূজা-অৰ্চনা কৰিছিল ৰাজ্য চৰকাৰে। অৱশ্যে কোটি কোটি টকা খৰচ কৰি নমামি ব্ৰহ্মপুত্ৰ অনুষ্ঠিত কৰাৰ পিছত কোনো ফল নধৰিল। ওলোটাই ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াৰ প্ৰকোপ দুগুণ বৃদ্ধি পালে। ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰৰূপ নিয়ন্ত্ৰণৰ বাবে পূজা নহয়, বিজ্ঞানসন্মত দৃষ্টিভংগীৰহে প্ৰয়োজন বুলি সচেতন মহলে মাত মাতি আহিছে বুলিও পুনৰ এবাৰ অনুষ্ঠান-প্ৰতিষ্ঠান আয়োজন কৰাত আগ্ৰহী চৰকাৰখন ব্ৰহ্মপুত্ৰক পূজা-অৰ্চনা কৰিবলৈ আগবাঢ়িছে। লক্ষণীয় যে পূৰ্বতে নমামি ব্ৰহ্মপুত্ৰ অনুষ্ঠিত কৰি কোটি কোটি টকা খৰচ কৰাৰ পিছতে সৰ্বানন্দ সোণোৱাল চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

নমামি ব্ৰহ্মপুত্ৰ চলি থকাৰ সময়ত প্ৰবল বৰষুণে বিধিপথালি দিয়াত কোটি কোটি টকা পানীত পৰিছিল ৰাজ্য চৰকাৰৰ। তেনে অৱস্থাত পুনৰ এবাৰ ধাৰ্মিকতাৰ দিশটো প্ৰতিফলিত কৰি ৰাজ্য চৰকাৰে আয়োজন কৰিবলৈ ওলাইছে পুষ্কৰ। লক্ষণীয় যে এইবেলি ধাৰ্মিক পৰ্যটনৰ যোগেদি খৰচ নহয়, ৰাজহ সংগ্ৰহহে কৰিব ৰাজ্য চৰকাৰে। আজি সংবাদমেলত এই কথা প্ৰকাশ কৰি পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে পৰ্যটনৰ যোগেদি ৰাজহ কেনেদৰে আহৰণ কৰিব পাৰি সেয়া দেখুৱাবলৈ লোৱা হৈছে। উল্লেখ্য যে অহা ৫ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ ‘ব্ৰহ্মপুত্ৰ পুষ্কৰ’ অনুষ্ঠিত হ’ব। এই দিনকেইটাত দাক্ষিণাত্যৰ পৰা অহা পুৰোহিতে পাপ নিবাৰণৰ বাবে ব্ৰহ্মপুত্ৰত পূজা-অৰ্চনা কৰিব।

মহালক্ষ্মী চেৰিটেবল ট্ৰাষ্ট আৰু তিৰুপতি বালাজী সেৱা সমিতি গুৱাহাটীৰ সহযোগত পৰ্যটন নিগমে অনুষ্ঠিত কৰিবলৈ ওলাইছে পুষ্কৰ। এই পুষ্কৰত দাক্ষিণাত্যৰ পৰা দুই লাখতকৈও অধিক ভক্তৰ সমাগম ঘটিব বুলি উল্লেখ কৰি পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে ভক্তৰ বাবে কোনো বিনামূলীয়া সেৱা নাথাকিব। আনহাতে কম খৰচত গুৱাহাটীত আন পৰ্যটনস্থলীসমূহ পৰিদৰ্শনৰ ব্যৱস্থা কৰিব পৰ্যটন নিগমে। ইয়াৰ যোগেদি দুই কোটি টকা ৰাজহ উপাৰ্জনৰ লক্ষ্য স্থিৰ কৰা হৈছে। আনহাতে ১২-২৪ ৰাস-পূৰ্ণিমাৰ সময়ত মাজুলীত পৰ্যটনৰ ব্যৱস্থা কৰা হৈছে। ৰাসৰ সময়ত গুৱাহাটী, লখিমপুৰ আৰু ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ ৰাজ্যিক পৰিবহণ নিগমৰ এচি বাছ সেৱা উপলব্ধ থাকিব।

গুৱাহাটীৰ পৰা ৬ হাজাৰ টকাৰ বিনিময়ত মাজুলী পৰিদৰ্শন কৰিব পাৰিব ৰাসৰ সময়ত। দুটা নিশা আৰু তিনিটা দিনৰ বাবে এই পেকেজ থাকিব আৰু গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ হ’ব। কাজিৰঙাত দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত মাজুলীলৈ যাত্ৰা আগবাঢ়িব। এইবেলি ৰাসৰ সময়ত মাজুলীত পৰ্যটকৰ বাবে পৰ্যটন নিগমৰ তৰফৰ পৰা আধুনিক টেন্টৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )