শেহতীয়া খবৰ
Home / আঞ্চলিক / দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা

দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা

গণ বাৰ্তা, কাজিৰঙা, ১২ অক্টোবৰ : উদুলি-মুদুলি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পদূলি । অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । নতুন পৰ্যটন বৰ্ষক আদৰিবলৈ সাজু হৈছে উদ্যান কৰ্তৃপক্ষৰ লগতে সমগ্ৰ কাজিৰঙাবাসী। বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত হোৱা প্ৰলয়ংকৰী বানৰ তাণ্ডৱত উদ্যানখনত যথেষ্টসংখ্যক ক্ষতিসাধন হোৱাত মেৰামতিৰ বাবে উদ্যান কৰ্তৃপক্ষ বহু সমস্যাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পহিলা অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়াটো সম্ভৱপৰ নহ’ল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দিনৰ ১১ বজাত প্ৰথমে বাগৰি বনাঞ্চল আৰু তাৰ পাছতে দিনৰ ১২ বজাত কঁহৰা বনাঞ্চলত ফিতা কাটি দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দ্বাৰ মুকলি কৰি উদ্যানৰ ডোঙা বিল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অৱশ্যে কেৱল জীপ ছাফাৰীৰ বাবেহে প্ৰথম অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হৈছে বুলি বন বিভাগে জানিবলৈ দিয়ে। বিগত ভয়াৱহ বানে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাট-পথসমূহ সম্পূৰ্ণৰূপে তচ্‌নচ্‌ কৰি যাতায়াতৰ বাবে একেবাৰেই অনুপযুক্ত কৰি পেলাইছিল। উল্লেখ্য যে উদ্যানখনৰ অৰণ্যৰ মাজত এতিয়াও ঠায়ে ঠায়ে যথেষ্ট পানী জমা হৈ থকাত হাতী ছাফাৰীৰ বাবে উদ্যানখন উপযোগী হৈ নুঠাৰ বাবে এতিয়াও বন্ধ হৈ থাকিব উদ্যানখনত হাতী ছাফাৰী । উদ্যানখনৰ ভিতৰভাগত জমা হৈ ৰোৱা পানী কিছু শুকালেই পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় উদ্যানখন হাতী ছাফাৰীৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে ।

উল্লেখ্য যে বিগত ভয়াৱহ বানে ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল। একেবাৰেই চিন-মোকাম নাইকিয়া কৰি পেলাইছিল পৰ্যটনৰ সকলো পথ আৰু বন বিভাগৰ টহলদাৰী পথসমূহো । যাৰ বাবে উদ্যানখন মুকলি কৰি দিয়া-নিদিয়াৰ সন্দৰ্ভত এক অনিশ্চয়তাই বিৰাজ কৰিছিল। বিগত বৰ্ষত ২ অক্টোবৰৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল যদিও সম্প্ৰতি বাট-পথসমূহ বিধ্বস্ত হৈ থকাৰ বাবে এই বৰ্ষত উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাত যথেষ্ট পলম হোৱাত অনিশ্চয়তাৰ মাজতে বন বিভাগে যৎপৰোনাস্তি চেষ্টাৰে উদ্যানখনৰ পৰ্যটনৰ পথসমূহৰ ৫০ শতাংশ পথ মেৰামতি কৰিবলৈ সক্ষম হোৱাত আজি ৰাষ্ট্ৰীয় উদ্যানখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে উদ্যানখন ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কেৱল ডোঙা আৰু বিমলী তিনিআলিলৈকে আৰু কহঁৰা বনাঞ্চলত ভৈছামাৰীলৈকে জীপ ছাফাৰীৰ জৰিয়তে দেশী-বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখনৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ আজিৰ এই অনুষ্ঠানটিত তেখেতৰ লগত উপস্থিত থাকে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক এ এম সিং, প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ৰঞ্জনা গুপ্তা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ উপস্থিত থাকে ।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )