শেহতীয়া খবৰ
Home / আঞ্চলিক / তিনি চৰকাৰী কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কেন্দ্ৰীয় চৰকাৰৰ

তিনি চৰকাৰী কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কেন্দ্ৰীয় চৰকাৰৰ

চলিত বিত্তীয় বৰ্ষতেই বিক্ৰী কৰিব নীপকো, কনকাৰ, টিএইচডিচি ইণ্ডিয়া লিমিটেড

নতুন দিল্লী  : কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষতে চৰকাৰী তিনি কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চলিত বিত্তীয় বৰ্ষতেই কেন্দ্ৰীয় চৰকাৰে নীপকো, কনকাৰ আৰু টি এইচডিচি ইণ্ডিয়া লিমিটেডক অংশদীদাৰিত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ এই তিনি কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ অনুমতি প্ৰদানৰ পিছতেই আৰম্ভ হৈছে অংশদীদাৰিত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে এই তিনি কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ বাবে আমন্ত্ৰণ জনাইছে কেইবাজনো আগশাৰীৰ বিনিয়োগকাৰীক। উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত মাহতে কেন্দ্ৰীয় মন্ত্ৰীসভাই কনকাৰৰ ৩০ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰাৰ প্ৰস্তাৱক মঞ্জুৰী দিছে। এতিয়া এই কোম্পানীটোৰ চৰকাৰী অংশীদাৰিত্ব আছে ৫৪.৮০ শতাংশ।

ইয়াৰ শক্তি উৎপাদন কোম্পানী টিএইচডিচি ইণ্ডিয়া লিমিটেড আৰু নৰ্থ- ইষ্টাৰ্ন ইলেকট্ৰিক পাৱাৰ কৰ্প’ৰেচনৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰিছে এনটিপিচিক শ্চনেচনেল থাৰ্মল পাৱাৰ কৰ্প’ৰেচনগ্গ। উল্লেখ্য যে চৰকাৰে এই তিনি কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰী কৰি ১.০৫ লাখ কোটি টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চলিত বিত্তীয় বৰ্ষতে এই তিনি কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আনহাতে, কেন্দ্ৰীয় চৰকাৰে ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড শ্চবিপিচিএলগ্গৰ ৫৩.২৯ শতাংশ আৰু ভাৰতীয় ছিপিং কৰ্প’ৰেচনৰ ৬৩.৭৫ শতাংশ বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )