শেহতীয়া খবৰ
Home / আঞ্চলিক / Videos | পুনৰ ঘূৰি আহিছে অসমীয়া চিনেমাৰ সুদিন : কাঞ্চনজংঘাৰ পিছত ৰত্নাকৰলৈ ৰাজ্যজুৰি সঁহাৰি

Videos | পুনৰ ঘূৰি আহিছে অসমীয়া চিনেমাৰ সুদিন : কাঞ্চনজংঘাৰ পিছত ৰত্নাকৰলৈ ৰাজ্যজুৰি সঁহাৰি

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ : এখনৰ পিছত এখন সফল চিনেমাৰ পিছত পুনৰ যেন ঘূৰি আহিছে অসমীয়া চিনেমাৰ সুদিন। ৰাজ্যৰ ছবিগৃহসমূহত এটা সময়ত অসমীয়া চিনেমাৰ দপ্‌দপনি আছিল যদিও চলচ্চিত্ৰ উদ্যোগটো মৃত্যুৰ মুখলৈ গতি কৰাৰ পিছতেই অসমীয়া চিনেমাৰ দৰ্শক হেৰাই যাবলৈ ধৰিছিল। দুই-এখন চিনেমা মুক্তি লাভ কৰিছিল যদিও দৰ্শকৰ অভাৱত বৃহৎ লোকচানৰ সন্মুখীন হৈছিল। এনে কাৰণতে ছবিগৃহৰ পৰা অসমীয়া চিনেমা হেৰাই যাবলৈ ধৰিছিল। কিন্তু শেহতীয়াকৈ দুখনকৈ চিনেমাই দৰ্শকক পুনৰ ছবিগৃহলৈ টানি আহিবলৈ সক্ষম হোৱাৰ পিছতে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে।

মিছন চাইনাৰ যোগেদি জুবিন গাৰ্গে পুনৰ অসমীয়া ছবিৰ ধাৰাটো ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা মুক্তি পোৱাৰ পিছতেই ৰাইজে হিলদল ভাঙি ছবিগৃহলৈ ঢাপলি মেলিছিল। চিনেমা এখন চলোৱাৰ বাবে মনোৰঞ্জনধৰ্মী ছবিৰ লগতে দৰ্শকক দুঘণ্টা ধৰি ছবিগৃহত ধৰি ৰাখিবলৈ প্ৰয়োজনীয় মচলা আৰু ব্যাপক প্ৰচাৰ কাৰ্য যে প্ৰয়োজন সেয়া প্ৰমাণিত কৰিছিল জুবিন গাৰ্গে। কাঞ্চনজংঘাৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰচাৰকাৰ্য চলাইছিল জুবিন গাৰ্গে। লক্ষণীয় যে মুক্তিৰ দিনাই জুবিন গাৰ্গৰ কাঞ্চনজংঘাই ৪০ লাখ টকা উপাৰ্জন কৰি এক ইতিহাস সৃষ্টি কৰিছিল। কিন্তু কাঞ্চনজংঘাৰ মুক্তিৰ প্ৰায় এমাহ পিছত কালি মুক্তি লাভ কৰা যতীন বৰাৰ ৰত্নাকৰে কাঞ্চনজংঘাতকৈয়ো অধিক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

মুক্তিৰ দিনাই ছবিখনে ৪১ লাখ সংগ্ৰহ কৰি কাঞ্চনজংঘাৰ অভিলেখ ভংগ কৰিছে। ছবিগৃহত সম্পূৰ্ণ হাউছফুল ৰত্নাকৰৰ আগন্তুক তিনিদিনৰ টিকট বুক হৈ আছে। অসমৰ ৫৯টা ছবিগৃহৰ লগতে মুম্বাই, পুনে, দিল্লী, হাইদৰাবাদ আৰু বাংগালুৰুৰ এঘাৰটা ছবিগৃহত সগৌৰৱে চলি আছে ৰত্নাকৰ। লক্ষণীয় যে এটা সময়ত হিন্দী চিনেমাৰ বাবে অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ সঁহাৰি কমি গৈছিল যদিও শেহতীয়াভাৱে ইয়াৰ ওলোটা প্ৰতিচ্ছবি এখন দেখিবলৈ পোৱা গৈছে। কালি মুক্তি লাভ কৰা প্ৰিয়ংকা চোপ্ৰা আৰু ফাৰান আখতাৰৰ ছবি দ্য স্কাই ইছ পিংকে অসমৰ ছবিগৃহত প্ৰভাৱ বিস্তাৰ কৰাত ব্যৰ্থ হৈছে। অসমত সম্পূৰ্ণৰূপে ফ্লপ হৈছে প্ৰিয়ংকা চোপ্ৰাৰ দ্য স্কাই ইছ পিংক। যতীন বৰাৰ ৰত্নাকৰৰ প্ৰতি দৰ্শকৰ সঁহাৰিৰ বাবেই প্ৰিয়ংকা চোপ্ৰাৰ হিন্দী ছবিখনে মুখথেকেচা খাবলগীয়া হৈছে। ই নিশ্চয়কৈ অসমীয়া চিনেমাৰ প্ৰতি এক ইতিবাচক দিশ।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )