শেহতীয়া খবৰ
Home / আঞ্চলিক / সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫তম জন্ম জয়ন্তী উদ্‌যাপনৰ প্ৰস্তুতি মহানগৰীত

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫তম জন্ম জয়ন্তী উদ্‌যাপনৰ প্ৰস্তুতি মহানগৰীত

মহানগৰ প্ৰতিবেদক : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫সংখ্যক জন্মজয়ন্তী উদ্‌যাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে মহানগৰীত। সোমবাৰে গুৱাহাটী মহানগৰীত উলহ-মালহেৰে ড×দ্‌যাপন কৰা হ’ব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫সংখ্যক জন্মজয়ন্তী। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিৰক্ষা সমিতিয়ে উল্লেখ কৰা অনুসৰি জন্মজয়ন্তী উপলক্ষে মহানগৰীত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। সোমাবাৰে দিনজোৰা কাৰ্যসূচীৰে সাহিত্যৰথীগৰাকীৰ জন্মজয়ন্তী উদ্‌যাপন কৰা হ’ব বুলি উল্লেখ কৰিছে স্মৃতিৰক্ষা সমিতিয়ে।

সংবাদ মেলত প্ৰকাশ কৰা অনুসৰি গুৱাহাটী ক্লাবস্থিত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ চাৰিওকাষে জন্মজয়ন্তীৰ দিনা সন্ধিয়া ৫ বজাত ১৫৫ গছি বন্তি প্ৰজ্বলন কৰা হ’ব। তাৰ পিছত অৰ্থাৎ ৬.৩০ বজাত দীপক কুমাৰ পাণ্ডাৰ ৰচিত ‘বেজবৰুৱা আৰু সম্বলপুৰ’ ইংৰাজী ভাষাৰ গ্ৰন্থখনৰ ক্ৰমে অসমীয়া, বঙালী, দেউৰী আৰু নেপালী ভাষালৈ অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰা হ’ব। অসম সাহিত্য সভাৰ সহযোগত সাহিত্য সভাৰ প্ৰাংগণত গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হৈছে।

আনহাতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিৰক্ষা সমিতিৰ মুখপত্ৰখনো উন্মোচন কৰা হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে। সংবাদমেলত উল্লেখ কৰা অনুসৰি তেওঁলোকৰ মুখপত্ৰখন পংকজ কুমাৰ দত্তই সম্পাদন কৰি উলিয়াইছে। লগতে এই কথাও কয় যে উন্মোচনী সভাত ওড়িশাৰ সম্বলপুৰৰ দীপক কুমাৰ পাণ্ডা আৰু তেওঁৰ সহধৰ্মিণী উপস্থিত থাকিব। আনহাতে, অসম সাহিত্য সভাৰ উদ্যোগত আঁহতগুৰি আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত পুৱা ১০ বজাত এখন সভাৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে।

উক্ত সভাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিৰক্ষা সমিতিয়ে সম্পূৰ্ণ সহায়- সহযোগিতা আগবঢ়াইছে বুলি উল্লেখ কৰে। আনহাতে, সংবাদমেলত স্মৃতিৰক্ষা সমিতিয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫সংখ্যক জন্মজয়ন্তীৰ দিনটোত ৰাজ্যৰ সমূহ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু ¦³¨লৰ প্ৰাংগণত এগছি মাটিৰ চাকি জ্বলাই তেওঁলৈ সন্মান প্ৰদৰ্শন কৰিবলৈ আহবান জনাইছে। আজিৰ সংবাদমেলত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক ৰণ্টু ডেকাকে ধৰি আন বহুজন উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )