শেহতীয়া খবৰ
Home / আঞ্চলিক / বিমুদ্ৰাকৰণ-জিএছটিৰ প্ৰভাৱত ভাৰতীয় অৰ্থব্যৱস্থা সংকটাপন্ন : প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজন

বিমুদ্ৰাকৰণ-জিএছটিৰ প্ৰভাৱত ভাৰতীয় অৰ্থব্যৱস্থা সংকটাপন্ন : প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজন

নতুন দিল্লী, ১৩ অক্টোবৰ : মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজন। সময়ে সময়ে বিমুদ্ৰাকৰণ আৰু জিএছটিৰ সমালোচনা কৰি অহা ৰঘুৰাম ৰাজনে নৰেন্দ্ৰ মোদী চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে। শেহতীয়াকৈ আমেৰিকাৰ ব্ৰান ইড×নিভাৰ্ছিটীত আয়োজিত অ’পি জিন্দল বক্তৃতানুষ্ঠানত অংশ লৈ ভাষণ প্ৰসংগত মোদী চৰকাৰক সমালোচনা কৰি ৰঘুৰাম ৰাজনে কয় যে বিমুদ্ৰাকৰণ আৰু জিএছটিৰ বাবে ভাৰতৰ অৰ্থব্যৱস্থা সংকটৰ দিশলৈ গতি কৰিছে। এছিয়াৰ তৃতীয় বৃহৎ অৰ্থব্যৱস্থাক চিন্তাজনক অৱস্থালৈ ঠেলি দিয়া হৈছে বুলি উল্লেখ কৰে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰগৰাকীয়ে।

তেওঁ কয় যে ২০১৬ৰ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত বিকাশৰ দৰ আছিল ৯ শতাংশ। এতিয়া বিকাশৰ দৰ ৫.৩ শতাংশলৈ হ্ৰাস পাইছে বুলি উল্লেখ কৰে। তেওঁ কয়, চিন্তা-চৰ্চা নকৰাকৈয়ে ভাৰতত বিমুদ্ৰাকৰণৰ ঘোষণা আৰু জিএছটি প্ৰণয়ন কৰাৰ ফলত দেশৰ অৰ্থব্যৱস্থা ভয়ংকৰ দিশেৰে গতি কৰিছে। লগতে এইবুলিও অভিযোগ উত্থাপন কৰি তেওঁ কয় যে মোদী চৰকাৰৰ শাসনকালত দেশৰ চৰকাৰী সংস্থাসমূহক দুৰ্বল কৰি তোলা হৈছে। তেওঁ কয়, দেশৰ অৰ্থব্যৱস্থাৰ বৃদ্ধিৰ দৰ ক্ষন্তেকীয়া।

ভাৰতৰ অৰ্থব্যৱস্থা লেটিন আমেৰিকাৰ দেশৰ দৰে হৈ পৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰঘুৰাম ৰাজনে। তেওঁ কয় যে ভাৰতৰ অৰ্থব্যৱস্থাত আহি পৰা বাধাৰ বাবে মোদী চৰকাৰ জগৰীয়া। বিমুদ্ৰাকৰণ আৰু জিএছটিৰ প্ৰভাৱৰ বাবেই ভাৰতৰ অৰ্থব্যৱস্থা সংকটত বুলি উল্লেখ কৰি তেওঁ এই বুলিও কয় যে মোদী চৰকাৰৰ ওপৰত সকলো শক্তি কেন্দ্ৰীভূত হৈ পৰাৰ বাবে দেশৰ অৰ্থব্যৱস্থাই বিকাশ লাভ কৰিব পৰা নাই।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )