শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গভীৰ সংকটত ৰাজহুৱা বিমান কোম্পানী এয়াৰ ইণ্ডিয়াঃ একেলগে ১২০ জন পাইলটৰ পদত্যাগ

গভীৰ সংকটত ৰাজহুৱা বিমান কোম্পানী এয়াৰ ইণ্ডিয়াঃ একেলগে ১২০ জন পাইলটৰ পদত্যাগ

দৰমহা বৃদ্ধি-পদোন্নতী নোহোৱাৰ বাবেই পদত্যাগ

নতুন দিল্লী, ১৩ অক্টোবৰ : মোদী চৰকাৰৰ শাসন কালত ক্ৰমাৎ ধবংসৰ দিশলৈ গতি কৰিছে ৰাজহুৱা খণ্ডৰ বিমান কোম্পানী এয়াৰ ইণ্ডিয়া। যি সময়ছোৱাত এয়াৰ ইণ্ডিয়া ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ বাবে যো-জা চলাই আছে, সেই সময়তে একেলগে ১২০জন পাইলটে পদত্যাগ কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১২০জন পাইলটে একেলগে পদত্যাগ কৰাৰ পিছত এয়াৰ ইণ্ডিয়া কোম্পানী আৰু অধিক সংকটত পৰিছে। মাহিলি দৰমহা আৰু পদোন্নতি নোহোৱাৰ বাবেই পাইলটসকলে পদত্যাগ কৰিছে।

জানিব পৰা মতে অধিকসংখ্যক পাইলটে দীৰ্ঘদিনে তেওঁলোকৰ দৰমহা বৃদ্ধি নোহোৱা আৰু পদোন্নতি নোহোৱাৰ বাবেই এয়াৰ ইণ্ডিয়াৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰিছে। উল্লেখ্য যে এয়াৰ ইণ্ডিয়া কোম্পানীৰ এয়াৰৱেজ এ-৩২০ৰ পদত্যাগ কৰিছে পাইলটসকলে। স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ৬০ হাজাৰ কোটি টকাতকৈ অধিক ঋণত ডুব গৈ থকা চৰকাৰী বিমান খণ্ডটোৰ অধিকসংখ্যক অংশীদাৰিত্ব বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। এনে সময়ছোৱাতে এয়াৰ ইণ্ডিয়াৰ এই অনুৰূপ ঘটনা সংঘটিত হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )