শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য আগবঢ়াবলৈ বৰাকত মাইনৰিটিছ কনছালটেটিভ কমিটীৰ প্ৰতিনিধি

প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য আগবঢ়াবলৈ বৰাকত মাইনৰিটিছ কনছালটেটিভ কমিটীৰ প্ৰতিনিধি

বিশিষ্ট আইনজীৱী আব্দুল মুহিব মজুমদাৰৰ শুভেচ্ছা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ : চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য প্ৰদান কৰা তথা ডি-ভোটাৰ কিম্বা সংশোধিত বিদেশী ন্যায়াধিকৰণৰ অধিসূচনাৰ কেতবোৰ দফা সন্দৰ্ভত সজাগতা অনাৰ উদ্দেশ্যে বৰাকলৈ ৰাওনা হৈছে নৱগঠিত সংগঠন মাইনৰিটিছ কনছালটেটিভ কমিটীৰ প্ৰতিনিধি দল। সভাপতি মণ্ডলীৰ অধ্যক্ষ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিছ ৰচিদ আহমেদ চৌধুৰীৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে অহা ১৫ অক্টোবৰত বদৰপুৰৰ আল ইছলা অকাডেমিত বৰাক উপত্যকাৰ তিনি জিলাৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত কৰিব।

উক্ত সভাৰ জৰিয়তে বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ লোকসকলৰ মাজত থকা সমন্বয়ৰ এনজাৰী আৰু অধিক টনকিয়াল কৰাৰ সংকল্প গ্ৰহণ কৰিব। বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ লোকসকলৰ সমস্যা এটাই। বিশেষকৈ এনআৰচিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকসকল এতিয়া আতংকিত হৈ আহিছে। ভাৰতীয় নাগৰিক হিচাপে সকলো ধৰণৰ নথি-পত্ৰ থকাৰ পিছতো চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত নোহোৱা বিষয়টোক একাংশই সহজভাৱে ল’ব পৰা নাই। আনকি একাংশ খিলঞ্জীয়া লোকে এতিয়া বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে নাম অন্তৰ্ভুক্তিৰ বাবে আইনী যুঁজত অৱতীৰ্ণ হ’বলগীয়া হোৱা বিষয়টোক লৈয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ভাৰতীয় হোৱাৰ পিছতো বাৰম্বাৰ নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ কাঠগৰাত থিয় হ’বলগীয়া হৈছে। এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকক আইনী সাহায্য তথা বৰাক-ব্ৰহ্মপুত্ৰ ভেলীৰ লোকসকলৰ মাজত এক সুসম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্যৰে মাইনৰিটিছ কনছালটেটিভ কমিটীৰ প্ৰতিনিধি দলটোৱে আজি বৰাকলৈ ৰাওনা হৈছে। এই সন্দৰ্ভত কমিটীৰ সভাপতি মণ্ডলীৰ অধ্যক্ষ হাফিছ ৰচিদ আহমেদ চৌধুৰী আৰু সংগঠনটোৰ মুখ্য আহবায়ক ছাহজাহান তালুকদাৰে জানিবলৈ দি কয় যে কেৱল ব্ৰহ্মপুত্ৰ ভেলীয়েই নহয়, বৰাক ভেলীৰো বহু সংগঠনক মাইনৰিটিছ কনছালটেটিভ কমিটী কমিটীত অন্তৰ্ভুক্ত কৰা হ’ব। যিসমূহ সংগঠনে বিভিন্ন জাতি-জনগোষ্ঠীৰ সমস্যাৰ হকে মাত মাতি আহিছে তথা জাতি-বৰ্ণ নিৰ্বিশেষে এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ হকে মাত মাতিছে সেইসকল সংগঠনক উক্ত কমিটীত অন্তৰ্ভুক্ত কৰিব।

মাইনৰিটিছ কনছালটেটিভ কমিটীৰ এনে পদক্ষেপক আদৰণি জনাইছে প্ৰাক্তন আইনমন্ত্ৰী তথা বিশিষ্ট আইনজীৱী আব্দুল মুহিব মজুমদাৰে। এই সন্দৰ্ভত আব্দুল মুহিব মজুমদাৰে কয় যে চূড়ান্ত এনআৰচিক লৈ এতিয়া ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকল বিশেষভাৱে আতংকিত হৈছে। কেৱল এয়াই নহয়, বহু খিলঞ্জীয়া লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সৰ্বসাধাৰণ ৰাইজ আতংকিত হৈ জীৱন অতিবাহিত কৰিব লগীয়া হৈছে। বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে সকলো ভাৰতীয় লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ’ব নে নাই, সেই লৈয়ো এতিয়া প্ৰশ্নৰ উদয় হৈছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলীৰ লোকসকলে দীৰ্ঘদিন ধৰি এনে সমস্যাৰ সন্মুখীন হৈ আহিছে। মাইনৰিটিছ কনছালটেটিভ কমিটীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলীৰ লোকসকলৰ মাজত এক সমন্বয়ৰ সেতু হিচাপে কাম কৰিবলৈ সক্ষম হ’ব বুলি মজুমদাৰে আশা প্ৰকাশ কৰে।

উল্লেখ্য যে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি জ্বলন্ত সমস্যা সমাধানৰ সংকল্প গ্ৰহণ কৰিছে কমিটীয়ে। যাৰ পৰিপ্ৰেক্ষিতত গোৰ্খা কিম্বা ৰাজবংশী সম্প্ৰদায়ৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতেও কমিটীয়ে আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কমিটীৰ সভাপতি মণ্ডলীৰ অধ্যক্ষ তথা জ্যেষ্ঠ অধিবক্তা হাফিছ ৰচিদ আহমেদে কয় যে চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছতেই ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু সংগঠনসমূহৰ লগতে ৰাইজৰ মাজত যি ধৰণৰ পৰিৱেশৰ সূচনা হৈছে, সেই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰি সমাধান সূত্ৰ উলিওৱা হ’ব। বহু প্ৰকৃত ভাৰতীয় নাগৰিক চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰিছে।

নাম বাদ পৰাসকলে বিদেশী ন্যায়িধকৰণৰ কাষ চাপিব পাৰিব যদিও সেইক্ষেত্ৰত ব্যাপক আসোঁৱাহ পৰিলক্ষিত হৈছে। কাৰণ নাম বাদ পৰাসকলৰ আবেদন গ্ৰহণযোগ্য হ’বনে নাই সেয়া বিদেশী ন্যায়াধিকৰণৰ সদস্যজনৰ ওপৰত নিৰ্ভৰ কৰিব। মেৰিটৰ ভিত্তিত যদি বিদেশী ন্যায়াধিকৰণৰ সদস্যই শুনানিৰ জাননী প্ৰেৰণ কৰে তেন্তে এইক্ষেত্ৰত বহু লোক বঞ্চিত হোৱাটো খাটাং বুলি চৌধুৰীয়ে আশংকা ব্যক্ত কৰিছে। কোনো লোক যাতে বঞ্চিত নহয় আৰু কিদৰে আইনী প্ৰক্ৰিয়া আগবঢ়াই নিব লাগিব সেই সন্দৰ্ভত বৰাকবাসীৰ মাজত সজাগতা অনাৰ উদ্দেশ্যেই এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে তেওঁ।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )