শেহতীয়া খবৰ
Home / আঞ্চলিক / মন্ত্ৰী ছুম’ ৰংহাঙৰ নেতৃত্বত ছজনীয়া প্ৰতিনিধি দলৰ পৰ্যবেক্ষণ উমৰাংছু জলবিদ্যুৎ প্ৰকল্প

মন্ত্ৰী ছুম’ ৰংহাঙৰ নেতৃত্বত ছজনীয়া প্ৰতিনিধি দলৰ পৰ্যবেক্ষণ উমৰাংছু জলবিদ্যুৎ প্ৰকল্প

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ : উমৰাংছু কপিলী জলবিদ্যুৎ প্ৰকল্প পৰ্যৱেক্ষণ কৰিলে মন্ত্ৰী ছুম’ ৰংহাঙৰ নেতৃত্বত ছজনীয়া এটা প্ৰতিনিধি দলে। এই প্ৰতিনিধি দলত আছিল নীপকোৰ স্বতন্ত্ৰ সঞ্চালক বিজয় গুপ্তা। আজি জলবিদ্যুৎ প্ৰকল্প পৰ্যৱেক্ষণ কৰি নীপকোৰ সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে পানী পৰিবাহী টানেলট কোনোধৰণৰ কাৰিকৰী বিসংগতি হোৱা নাইছিল। আওপকীয়াকৈ তেওঁ জল পৰিবাহী টানেলত কোনো কূটাঘাত সৃষ্টি কৰাৰহে আশংকা প্ৰকাশ কৰিছে। তেওঁ কয়, টানেলত ফাট মেলাৰ কাৰণ তদন্ত কৰিলেহে প্ৰকৃত তথ্য ওলাই পৰিব। সঞ্চালগৰাকীয়ে এই বুলিও কয় যে টানেলত যি ধৰণৰ ফাট দেখা পোৱা গৈছে এনে ফাট পূৰ্বতে মেলা নাছিল।

সেইবাবে ইয়াৰ তদন্ত হোৱাটো অতিকৈ প্ৰয়োজন বুলি উল্লেখ কৰে। তেওঁ কয়, বিস্ফোৰক বিশেষজ্ঞ, মেট’ল’জিকেল বিশেষজ্ঞ আৰু হাইড্ৰল’জিকেল বিশেষজ্ঞই তদন্ত কৰাৰ পিছতহে টানেলত ফাট মেলাৰ প্ৰকৃত ৰহস্য ওলাই পৰিব। তেওঁ কয়, পানী পৰিবাহী দুটা টানেলত ফাট মেলা দেখা পোৱা গৈছে। উল্লেখ্য যে এসপ্তাহৰ পিছতো উমৰাংছু জলবিদ্যুৎ প্ৰকল্পৰ জল পৰিবাহী টানেলত মেলা ফাটৰ বাবে এতিয়াও দুশ ফুট উচ্চতাৰে পানীৰ কোহাৰ উঠি আছে। আনহাতে নীপকোৰ চাৰিজন বিষয়া আৰু কৰ্মচাৰী বৰ্তমানো সন্ধানহীন হৈ আছে। আজি প্ৰতিনিধি দলটোৱে সন্ধানহীন পৰিয়ালসকলক সাক্ষাৎ কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )