শেহতীয়া খবৰ
Home / আঞ্চলিক / কেব গৃহীত হ’লে অসমৰ থলুৱা লোকসকলক গুৰুত্বহীন হৈ পৰিব :  ড০ হীৰেণ গোহাঁই

কেব গৃহীত হ’লে অসমৰ থলুৱা লোকসকলক গুৰুত্বহীন হৈ পৰিব :  ড০ হীৰেণ গোহাঁই

নুমলীগড় তেল শোধানাগাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ গ’লে কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হ’ব থলুৱা লোক, কেবৰ বিৰোধিত কৰি যাব নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই

মহানগৰ প্ৰতিবেদক, ১৪ অক্টোবৰ : নগাৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে থলুৱা লোকসকল অসমত গুৰুত্বহীন হৈ পৰিব। আজি সংবাদমেল যোগে এই কথা উল্লেখ কৰিছে বিশিষ্ট বুদ্ধিজীৱী তথা চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে। আজি গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব সংশোধনবিৰোধী মঞ্চই আয়োজন কৰা সংবাদমেলত সংগঠনটোৰ অধ্যক্ষ ড০ হীৰেন গোহাঁয়ে কয় যে চৰকাৰে সংখ্যালঘুৰ কথাত গুৰুত্ব দিব নে সংখ্যাগুৰু লোকসকলৰ ওপৰত গুৰুত্ব দিব। সংখ্যাগুৰু লোকসকলক গুৰুত্ব দিলে চৰকাৰে সাংবিধানিক ৰক্ষা কৱচত কিমান আন্তৰিকতা দেখুৱায় সেইটো সন্দেহজনক। তেওঁ কয়, চৰকাৰে জনতাক বিভিন্ন ধৰণে ফুচলনি দি আহিছে। কেবৰ বিৰোধিতা কৰি থকাৰ সময়ছোৱাতে চৰকাৰে সাংবাদিক ৰক্ষাকৱচৰ প্ৰসংগ আনিছে। চৰকাৰৰ ফুচুলনিত ভুল গ’লে অসমৰ বিপদ হ’ব বুলি উল্লেখ কৰি তেওঁ এই বুলিও কয় যে অসমৰ এক ঐতিহাসিক অস্তিত্ব আছে। অন্য সম্প্ৰদায়ৰ লোক, ভাষাৰ প্ৰতি অসমত কোনো ধৰণৰ বিদ্বেষ নাই।

যিসকলৰ নাগিৰকত্ব আছে তেওঁলোক বিনা বাধা, কোনো বিঘ্নিত নোহাৱাকৈ অসমত সুখে- শান্তিৰে থাকিব পাৰে তথা থকাটো বিচাৰোঁ। অসমত শান্তিৰ পৰিৱেশ বিচাৰোঁ বুলি উল্লেখ কৰি তেওঁ কয় যে যদিহে চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে তেন্তে অসমৰ যিখিনি থলুৱা লোক আছে সেইখিনি একেবাৰে গুৰুত্বহীন হৈ পৰিব। আজিৰ সংবাদমেলত তেওঁ এই বুলিও কয় যে নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ যো-জা চলাই আছে চৰকাৰে। যদিহে তেল শোধনাগাৰটো ব্যক্তিগত খণ্ডৰ হাতলৈ যায় তেন্তে ব্যক্তিগত কোম্পানীয়ে সামাজিক দায়বদ্ধতা পালন কৰিব নে নাই সেইটো চিন্তনীয় বিষয়। প্ৰতিটো কৰ্প’ৰেচনৰ সামাজিক দায়বদ্ধতা থাকে। ৰাজ্য তথা স্থানীয় অঞ্চলৰ সামাজিক বিকাশৰ বাবে কৰ্প’ৰেচনে এটা অংশ খৰচ তথা ব্যয় কৰিব লাগে। এইটো নৈতিক নহয়, এক বিধিগত বুলি উল্লেখ কৰি ড০ গোহাঁয়ে এই বুলিও কয় যে নুমলীগড় শোধনাগাৰৰ চৌদিশৰ ৰাস্তা-ঘাট নিৰ্মাণ হৈ আহিছে।

কিন্তু যেতিয়া এই তেল শোধনাগাৰটো ব্যক্তিগত খণ্ডৰ হাতলৈ যাব তেতিয়া বৰ্তমান সময়ছোৱাত শোধনাগাৰটোৱে যি সামাজিক দায়বদ্ধতা পানল কৰি আহিছে সেইটো পালন কৰিব নে নাই, বিষয়টো চিন্তনীয়। কিয়নো ব্যক্তিগত খণ্ডসমূহে সামাজিক দায়বদ্ধতা পালনত আন্তৰিকতা নেদেখুৱায়। আনহাতে, আজিৰ সংবাদ মেলত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ আহবায়ক মনজিৎ মহন্তই কয় যে ছবছৰীয়া অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত স্বাক্ষৰিত অসম চুক্তিৰ ফচল নুমলীগড় শোধনাগাৰটো মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে পৰোক্ষভাৱে ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ ষড়যন্ত্ৰ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ দাবী জনায়। তেওঁ কয় এই শোধনাগাৰটোৰ লগত অসমীয়াৰ আৱেগ-অনুভূতি আৰু বহু ত্যাগ জড়িত হৈ আছে। লগতে এই বুলিও কয় যে নুমলীগড় শোধনাগাৰটো ব্যক্তিগতকৰণৰ কথা চৰকাৰে প্ৰকাশ নকৰিলেও এন আৰ এলৰ ৬১.৬৫ শতাংশ অংশীদাৰিত্বৰ গৰাকী ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (বিপিচিএল)ক ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰি দিছে।

বিপিচিএলত ভাৰত চৰকাৰৰ অংশীদাৰিত্ব প্ৰায় ৫২ শতাংশ। এই ৫২ শতাংশ অংশীদাৰিত্ব চৰকাৰে ব্যক্তিগত খণ্ডক বিক্ৰী কৰিলে বিপিচিএলৰ মালিকীস্বত্ব ব্যক্তিগত খণ্ডৰ হাতলৈ যাব আৰু সেয়া হ’লে নুমলীগড় তেল শোধনাগাৰো (৬১.৬৫শতাংশ অংশীদাৰিত্ব) আপোনা আপুনি ব্যক্তিগত খণ্ডৰ হাতলৈ যাব। এয়া অসমীয়াৰ ওপৰত আন এক মাধমাৰ হ’ব বুলি উল্লেখ কৰি তেওঁ এই বুলিও কয় যে বৰ্তমান নুমলীগড় তেল শোধনাগাৰত কৰ্মৰত নিয়মীয়া আৰু ঠিকাভিত্তিক কৰ্মচাৰীৰ ৯০ শতাংশ আৰু বিষয়া তথা অভিযন্তাৰ ৮০ৰ পৰা ৮৫ শতাংশই থলুৱা লোক। ব্যক্তিগতকৰণ হ’লে অসমীয়াই এই সুবিধা হেৰুৱাব। নুমলীগড় শোধনাগাৰত অসমীয়া শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি পোৱাৰ বাট বন্ধ হ’ব আৰু বৰ্তমান কৰি থকাসকলৰো বৃহৎ সংখ্যকক অব্যাহতি দিয়া হ’ব। অসমীয়াৰ বিৰুদ্ধে এনে চৰকাৰী ষড়ÿযন্ত্ৰ কাৰ্যকৰী হ’বলৈ দিয়া উচিত নহয়। এই বিষয়ত ৰাজ্যজুৰি দল-সংগঠনে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা উচিত।

অসম চুক্তিৰ স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাই বিষয়টো গুৰুত্বসহকাৰে লৈ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা উচিত। য’ত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ প্ৰস্তুত বুলি উল্লেখ কৰে মনজিৎ মহন্তই। আনহাতে, তেওঁ কয় নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে অসমীয়াই মানি নলয়। মোদী চৰকাৰে ভালকৈ জানি থোৱা ভাল যে কোনো কাৰণতেই অসমীয়া ৰাইজে নাগৰিকত্ব আইনৰ সংশোধনী ঘটাবলৈ নিদিয়ে। নাগৰিকত্ব আইনৰ প্ৰস্তাৱিত সংশোধনীয়ে ভাৰতীয় সংবিধানৰ ১৪ নং অনুেচ্ছদ সম্পূৰ্ণৰূপে উলংঘা কৰিব। এনে সংবিধানবিৰোধী কাম এখন চৰকাৰৰ উদ্যোগ হ’বলৈ গৈ আছে আৰু ইয়াৰ বিপৰীতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে ভাৰতীয় সংবিধানৰ পৱিত্ৰতাৰ ৰক্ষাৰ বাবে যঁুজ দি আছে। যিকোনো পৰিস্থিতিতে দেশৰ সংবিধান উলংঘা হ’ব দিয়া নহ’ব।

বিভিন্ন সময়ত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তেওঁলোকৰ অসমীয়া এজেণ্টসকলে অসমীয়া ৰাইজৰ প্ৰতিবাদক নেওচা দি দাম্ভিকভাৱে নাগৰিকত্ব আইন সংশোধনী শীঘ্ৰেই কৰা হ’ব বুলি কৰি অহা ঘোষণাৰ প্ৰতিক্ৰিয়াৰ অন্তিম পৰিণতি কি হ’ব পাৰে তাৰ হয়তো অনুমানো বিজেপি চৰকাৰখনে কৰিব পৰা নাই। সংসদীয় ৰাজনীতিত কৌশলেৰে ৰাইজৰ ভোটা আদায় কৰাৰ অৰ্থ যদি নাগৰিত্ব আইন সংশোধনীৰ পক্ষত অসমীয়া ৰাইজৰ মত বুলি বিজেপি চৰকাৰে ভাবিছে তেন্তে তেওঁলোক সকলো মূৰ্খৰ স্বৰ্গৰ একো একোজন আৱাসী। অসমীয়াই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কি পৰ্যায়লৈ যঁুজ দিব পাৰে তাৰ খতিয়ান ইতিহাসত স্পষ্ট হৈ আছে।

গাৰ বলেৰে ৰাইজে নিবিচৰা এনে এখন সংশোধিত আইন অসমীয়াৰ ওপৰত জাপি দিলে তাৰ সকলোধৰণৰ পৰিণতিৰ বাবে বিজেপি চৰকাৰ আৰু ক্ষমতাৰ বাবে তেওঁলোকৰ সমৰ্থকৰ ৰূপত অৱতীৰ্ণ হোৱা ৰাজনৈতিক দলসমূহ দায়ী হ’ব লাগিব। দুৰ্ভাগ্যৰ কথা মিজোৰাম, মণিপুৰ, অৰুণাচল, নাগালেণ্ড, মেঘালয়ৰ দৰে উত্তৰ- পূৰ্বাঞ্চলৰ সৰু সৰু ৰাজ্যৰ চৰকাৰেসমূহে এনে জাতিধবংসী আইনৰ বিৰুদ্ধে মুকলি মাত মাতি সাহসেৰে থিয় দিয়াৰ সময়ত আমাৰ অসমৰ চৰকাৰ বিজেপি, অগপ আৰু বিপিএফ প্ৰমুখ্যে ৰাজনৈতিক দলসমূহৰ মিলিজুলি চৰকাৰে ফুচফুচাই শব্দ এটাও উচ্চৰাণ কৰিবলৈ সাহস গোটাব পৰা নাই। ইয়াৰ উপৰিও উমৰাংছু জলবিদ্যুৎ প্ৰকল্পত সংঘটিত প্ৰলয় সম্পৰ্কত নাগৰিকত্ব আইন সংশোধনীবিৰোধী মঞ্চই কয় যে এনে ভয়ংকৰ প্ৰলয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰেই মূলতঃ জগৰীয়া।

ধনৰ আবণ্টনত গাফিলতিৰ বাবেই নিয়মীয়া মেৰামতি কৰিব পৰা হোৱা নাছিল। এয়া অতিকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি মঞ্চই এই বুলিও কয় যে কৰ্মৰত অৱস্থাত থকা চাৰিজনকৈ কনিষ্ঠ অভিযন্তাৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে। এইসকল অসমীয়া বিষয়াৰ মৃত্যুৰ দায়িত্ব কোনে মূৰ পাতি ল’ব আৰু তেওঁলোকৰ দুৰ্ভগীয়া পৰিয়ালৰ জীৱন নিৰ্বাহৰ কি ব্যৱস্থা কৰা হ’ব চৰকাৰক তাৎক্ষণিকভাৱে ৰাইজক জনাবলৈ দাবী জনাইছে। আজিৰ সংবাদমেলত তেওঁলোকৰ উপৰি উপস্থিত থাকে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, বিশিষ্ট সাংবাদিক হায়দৰ হুছেইন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আব্দুল মান্নান।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )