শেহতীয়া খবৰ
Home / আঞ্চলিক / বিপ্লৱী কমিউনিষ্ট নেতা কমৰেড অম্বু বৰাৰ দেহাৱসান ঃ মুখ্যমন্ত্ৰীৰ লগতে দল-সংগঠনৰ শোক প্ৰকাশ

বিপ্লৱী কমিউনিষ্ট নেতা কমৰেড অম্বু বৰাৰ দেহাৱসান ঃ মুখ্যমন্ত্ৰীৰ লগতে দল-সংগঠনৰ শোক প্ৰকাশ

মহানগৰ প্ৰতিবেদক, ১৫ অক্টোবৰ : আজীৱন কমিউনিষ্ট ৰাজনীতি কৰা কমৰেড অম্বু বৰাই শেষ নিশ্বাস ত্যাগ কৰিলে। আজি দিনৰ ১১ বজাত বিপ্লৱী কমিউনিষ্ট নেতাগৰাকীয়ে বাৰ্ধক্যজনিত কাৰণত মহানগৰীৰ গণেশগুৰিস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা সৈনিক শিল্পী বিষু্ণ ৰাভাৰ সংগ্ৰামী সতীৰ্থ অম্বু বৰাই ইহসংসাৰত এৰি যায় তিনি পুত্ৰ, এগৰাকী জীয়াৰীসহ এজন জোঁৱাই আৰু পাঁচটি নাতি। উল্লেখ্য যে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টী (আৰ চি পি আই)ৰ আজীৱন সদস্য প্ৰয়াত বৰাই দলটোৰ ৰাজ্যিক সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অসমত সংগঠিত পঞ্চাশৰ দশকৰ ঐতিহাসিক ভূমি আন্দোলনত বৰাই এজন সংগ্ৰামী কৃষক নেতা হিচাপে আগবঢ়োৱা বৰঙনিৰ ফলতেই পৰৱৰ্তী সময়ত ১৯৬২ চনত আধিয়াৰ স্বত্ব সংৰক্ষণ আইন আৰু চিলিং আইন বলৱৎ হৈছিল।

আনহাতে প্ৰয়াত বৰাক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে মুক্তিযুঁজাৰু হিচাপে সম্বৰ্ধনা জনাইছিল। উল্লেখ্য যে ১৯২৯ চনত (সম্ভৱতঃ) জন্মলাভ কৰা প্ৰয়াত অম্বু বৰাই প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল নগাঁও জিলাৰ ৰহা মৌজাৰ হাৰিয়ামুখ গাঁৱৰ হাৰিয়ামুখ প্ৰাথমিক বিদ্যালয়ত। শেহতীয়াকৈ গুৱাহাটী প্ৰেছ ক্লাবত কিশোৰ কুমাৰ কলিতাই সাক্ষাৎকাৰ আৰু সম্পাদনাৰে প্ৰস্তুত কৰা ‘অম্বু বৰা আৰু অসমত আৰ চি পি আইৰ আন্দোলন’ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। এই গ্ৰন্থখনত অম্বু বৰাৰ সৰু কালৰ পৰা আৰম্ভ কৰি বিপ্লৱী কমিউনিষ্ট নেতা হোৱালৈ সকলো কথা সাক্ষাৎকাৰৰ ভিত্তিত উল্লেখ আছে। এইগৰাকী কমিউনিষ্ট নেতাক অন্তিম দৰ্শনৰ বাবে গণেশগুৰিস্থিত নিজা বাসগৃহত অসংখ্য গুণমুগ্ধই ভিৰ কৰে। লগতে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনায় গুণমুগ্ধসকলে। উল্লেখ্য যে অম্বু বৰা ‘দৈনিক গণ অধিকাৰ’ কাকতৰ লগত জড়িত হৈ আছিল।

বৰপেটাৰ পৰা পষেকীয়া ৰূপত ‘গণ অধিকাৰ’ কাকতখন প্ৰকাশ পোৱাৰ ¿পছত ১৯৯৪ চনৰ পৰা নিয়মীয়াকৈ গুৱাহাটীৰ পৰা সাপ্তাহিক ৰূপে প্ৰকাশ পায় ‘গণ অধিকাৰ’ কাকতখন। সেই সময়ছোৱাত অম্বু বৰাৰ ছপাশালতে সাপ্তাহিক গণ অধিকাৰ কাকতখন ছপা কৰা হৈছিল। কাকতখনৰ বিভিন্ন দিশ সম্পৰ্কে সেই সময়ৰ সম্পাদক তথা বৰ্তমানৰ সঞ্চালক ছাহজাহান তালুকদাৰ আৰু কাৰ্যবাহী সম্পাদক গিৰীন্দ্ৰ শইকীয়াক সঘনে দিহা-পৰামৰ্শ আগবঢ়াইছিল অম্বু বৰাই। পৰৱৰ্তী সময়ত অম্বু বৰাৰ একমাত্ৰ কন্যাক গিৰীন্দ্ৰ শইকীয়াই বিবাহ কৰে। আনহাতে ‘দৈনিক গণ অধিকাৰ’ ৰূপে প্ৰকাশ লাভ কৰাৰ ক্ষেত্ৰতো তেখেতৰ অৱদান অতুলনীয়। যিটো দৈনিক গণ অধিকাৰ কাকতে স্বীকাৰ কৰে।

উল্লেখ্য যে কমৰেড অম্বু বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ লগতে দল-সংগঠনসমূহে। প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰিছে যে বিশিষ্ট ৰাজনীতিক, মুক্তি যঁুজাৰু অম্বু বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। এক শোকবাৰ্তাত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে অম্বু বৰাই ৰাজ্যখনত আৰ্থ-সামাজিক দিশলৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে। এগৰাকী অগ্ৰণী কৃষক নেতা আৰু স্বাধীনতা সংগ্ৰামী হিচাপে প্ৰয়াত অম্বু ৰাই যি বৰঙনি আগবঢ়াই গৈছে সেয়া অসমৰ জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব।

তেখেতৰ মৃত্যুত অসমৰ সমাজ-জীৱনৰ বাবে আপুৰুগীয়া ক্ষতি বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। আনহাতে অসম প্ৰদেশ কংগ্ৰেছে এক শোকবাৰ্তাৰ জৰিয়তে অম্বু বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ কথা উল্লেখ কৰিছে। শোকবাৰ্তাত অম্বু বৰাৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শোক প্ৰকাশ কৰাৰ কথা উল্লেখ আছে। শোকবাৰ্তাত এই বুলি উল্লেখ আছে যে বিশিষ্ট মুক্তিযঁুজাৰু তথা কমিউনিষ্ট নেতা অম্বু বৰাৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গভীৰ শোক প্ৰকাশ কৰি কয়— ‘প্ৰয়াত অম্বু বৰা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টী (আৰ চি পি আই)ৰ আজীৱন সদস্য আছিল। পঞ্চাশৰ দশকৰ ঐতিহাসিক ভূমি আন্দোলনত প্ৰয়াত বৰা এজন অগ্ৰণী কৃষক নেতা আছিল। ১৯৬২ চনত আধিয়াৰ স্বত্ব সংৰক্ষণ আইন আৰু চিলিং আইন বলৱৎ হোৱাৰ ক্ষেত্ৰতো তেখেতৰ যথেষ্ট বৰঙনি আছিল। কলাগুৰু বিষু্ণ ৰাভাৰ সংগ্ৰামী সতীৰ্থ প্ৰয়াত অম্বু বৰাক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে মুক্তিযঁুজাৰু হিচাপে সম্বৰ্ধনা জনাইছিল।

তেখেতৰ মৃত্যু কৃষক, শ্ৰমিক তথা সমাজৰ পিছ পৰা শ্ৰেণীৰ বাবে এক অপূৰণীয় ক্ষতি। আনহাতে অম্বু বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ কাৰ্যকৰী সভাপতি আব্দুল বাতিন খন্দকাৰ, এ এইচ খন্দকাৰ, গণ অধিকাৰ ছ’চিয়েল চাৰ্কোলৰ হৈ ছাহজাহান তালুকদাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। আনহাতে ‘দৈনিক গণ অধিকাৰ’ কাকতগোষ্ঠীয়ে অম্বু বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )