শেহতীয়া খবৰ
Home / আঞ্চলিক / VIDEO | এনআৰচিৰ পৰা বাদ পৰা ভাৰতীয় নাগৰিককৰ সমস্যাক লৈ বৰাকত মাইনৰিটিছ কনছালটেটিভ কমিটীৰ বৈঠক

VIDEO | এনআৰচিৰ পৰা বাদ পৰা ভাৰতীয় নাগৰিককৰ সমস্যাক লৈ বৰাকত মাইনৰিটিছ কনছালটেটিভ কমিটীৰ বৈঠক

ডিটেনচন কেম্পত মৃত্যু হোৱা লোকৰ আত্মীয়ক ২৫ লাখ ক্ষতিপূণৰ দাবী
ব্ৰহ্মপুত্ৰ-বৰাকৰ মাজত সমন্বয় স্থাপনৰ সংকল্প

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ অক্টোবৰ : চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য প্ৰদান কৰা তথা ডি-ভোটাৰ কিম্বা সংশোধিত বিদেশী ন্যায়াধিকৰণৰ অধিসূচনাৰ কেতবোৰ দফা সন্দৰ্ভত সজাগতা অনাৰ উদ্দেশ্যে আজি বদৰপুৰত আল ইছলাম একাডেমীত মাইনৰিটিজ কনছালটেটিভ কমিটীৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। মাইনৰিটিজ কনছালটেটিভ কমিটীৰ সভাপতি মণ্ডলীৰ অধ্যক্ষ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰি সংগঠনৰ আহবায়ক ছাহজাহান তালুকদাৰে কয় যে এন আৰ চিৰ পৰা প্ৰকৃত ভাৰতীয় লোক বাদ পৰা তথা অনাহকত অবৈধ বিদেশী বুলি চিনাক্ত হৈ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দিশটো বৰাক-ব্ৰহ্মপুত্ৰ উভয় উপত্যকাৰে সমস্যা।

এই উমৈহতীয়া সমস্যা সমাধান কৰাৰ বাবে জাতি, বৰ্ণ, ভাষা সকলোৱে আগবাঢ়ি আহিব লাগিব আৰু এই উমৈহতীয়াভাৱে সমস্যা সমাধান কৰিব লাগিব। উল্লেখ্য যে আজিৰ প্ৰতিনিধিমূলক সভাত নাগৰিকত্ব তথা এন আৰ চি প্ৰকাশ হোৱাৰ পিছত সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত বিস্ত´ত আলোচনা অনুষ্ঠিত হয় আৰু এই সন্দৰ্ভত কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে এন আৰ চি আৰু অনাহকত বাংলাদেশীৰ নামত নিৰ্যাতিত হোৱাৰ সমস্যাক লৈ আজি বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত এক সম্প্ৰীতিৰ এনাজৰী গঢ়ি উঠা পৰিলক্ষিত হয়। উক্ত সমস্যাক লৈ বৰাক-ব্ৰহ্মপুুত্ৰ উভয় উপত্যকাৰ নিৰ্যাতিত-নিপীড়িত হোৱাৰ বাবে আজি বৰাক আৰু ব্ৰহ্মপুত্ৰ উভয় উপত্যকাৰ দল-সংগঠন ওলাই আহে সমাধানৰ উপায় উদ্ভাৱনৰ বাবে।

লক্ষণীয় যে সম্প্ৰতি এনআৰচিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকসকল এতিয়া আতংকিত হৈ আহিছে। ভাৰতীয় নাগৰিক হিচাপে সকলো ধৰণৰ নথি-পত্ৰ থকাৰ পিছতো চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত নোহোৱা বিষয়টোক একাংশই সহজভাৱে ল’ব পৰা নাই। আনকি একাংশ খিলঞ্জীয়া লোকে এতিয়া বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে নাম অন্তৰ্ভুক্তিৰ বাবে আইনী যুঁজত অৱতীৰ্ণ হ’বলগীয়া হোৱা বিষয়টোক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰতীয় হোৱাৰ পিছতো বাৰম্বাৰ নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ কাঠগৰাত থিয় হ’বলগীয়া হৈছে। এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকক আইনী সাহায্য তথা বৰাক-ব্ৰহ্মপুত্ৰ ভেলীৰ লোকসকলৰ মাজত এক সু-সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্যৰে মাইনৰিটিজ কনছালটেটিভ কমিটীয়ে আজি এই বৈঠক অনুষ্ঠিত কৰিছে।

সভাত শীঘ্ৰে এনআৰচিৰ তালিকা প্ৰকাশ কৰাৰ বাবে দাবী উত্থাপন কৰাৰ লগতে বাদ পৰা ১৯ লাখ লোকৰ পুনৰীক্ষণৰ দাবী উত্থাপন কৰা হয়। সভাই কয় যে যিহেতু এই ১৯ লাখ লোকৰ ভিতৰত অধিকাংশই প্ৰকৃত ভাৰতীয়, তেওঁলোকৰ নথি-পত্ৰ থকাৰ পিছতো এনআৰচি তালিকাৰ পৰা বাদ পৰাৰ পিছত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। প্ৰকৃত ভাৰতীয় হৈও এনআৰচিৰ পৰা বাদ পৰাৰ পিছত এওঁলোক মানসিকভাৱে ভাগি পৰিছে। বাদ পৰা এই ১৯ লাখ লোকৰ পুনৰীক্ষণৰ যোগেদি প্ৰকৃত ভাৰতীয়সকলক এনআৰচিত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে আৰজিআইক শীঘ্ৰে ন’টিফিকেচনৰ যোগেদি তালিকা প্ৰকাশ কৰাৰ দাবী উত্থাপন কৰে।

ইয়াৰ উপৰি এনআৰচি তথা বাংলাদেশীৰ নামত একাংশ লোকক লক্ষ্য কৰি হাৰাশাস্তি কৰা বিষয়টো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰাৰ লগতে সংসদৰ বাহিৰে-ভিতৰে ইয়াক সজোৰে যাতে উপস্থাপন কৰিব পাৰি তাৰ বাবে এটা প্ৰতিনিধি দল নিৰ্বাচন কৰি এই দলটোৰ যোগেদি দিল্লীৰ ৰাজনৈতিক দল-সংগঠন, সাংসদসকলক সাক্ষাৎ কৰি সমস্যা সম্পৰ্কে ব্যক্ত কৰাৰ লগতে সংসদত যাতে এই বিষয়টো শক্তিশালী ৰূপত উপস্থাপন কৰি প্ৰকৃত ভাৰতীয় হৈও বাংলাদেশীৰ কলংক লৈ দুৰ্বিষহ জীৱন যাপন কৰিব লগা হোৱা লোকসকলক ন্যায় দিব পাৰি তাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ দল জনতা দল ইউনাইটেডৰ সাংসদক সাক্ষাৎ কৰি অবৈধ বাংলাদেশী আৰু এনআৰচিৰ নামত হোৱা হাৰাশাস্তিৰ সমস্যা উপস্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ সভাই। ইয়াৰ লগতে ভাৰতৰ চাৰিখন মেট্ৰ’ চহৰত এই সন্দৰ্ভত কাৰ্যসূচী গ্ৰহণ কৰি দীৰ্ঘদিন ধৰি এনআৰচি তথা অবৈধ বাংলাদেশীৰ নামত লাখ লাখ লোকে প্ৰকৃত ভাৰতীয় হৈও অত্যাচাৰৰ সন্মুখীন হোৱা বিষয়টো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে তুলি ধৰিব পৰা যায় সেই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লক্ষণীয় যে চৰকাৰৰ ছত্ৰছায়াতে এনআৰচি তথা প্ৰকৃত ভাৰতীয় হৈও অবৈধ বাংলাদেশীৰ বোজা কঢ়িয়াই ডিটেনচন কেম্পত থাকি অমানৱীয় অত্যাচাৰৰ সন্মুখীন হৈ মৃত্যু ঘটা লোকৰ নিকটতম আত্মীয়ক ২৫ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে আজিৰ সভাই।

উল্লেখ্য যে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি জ্বলন্ত সমস্যা সমাধানৰ সংকল্প গ্ৰহণ কৰিছে কমিটীয়ে। প্ৰকৃত ভাৰতীয় হৈও অবৈধ বাংলাদেশীৰ কলংক লৈ নিৰ্যাতিত হ’বলগীয়া হোৱা ঘটনা তথা এনআৰচিৰ পৰা নাম বাদ পৰা ঘটনা অকল এটা ধৰ্ম-ভাষীৰ সমস্যা নহয়, এই সমস্যা বৰাক-ব্ৰহ্মপুত্ৰ উভয় উপত্যকাৰে সমস্যা। এই সমস্যা সমাধানৰ বাবে সকলো ধৰ্ম, ভাষা নিৰ্বিশেষে ৰাইজক ওলাই আহিবলৈ আহবান জনায় সংগঠনটোৰ সভাপতি মণ্ডলীৰ অধ্যক্ষ, জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। সভাত বৰাকৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। সভাৰ অন্তত জামাত-ই-ইছলামী হিন্দৰ চাম্‌ছ আহমেদে শলাগৰ শৰাই আগবঢ়ায়।

সভাত অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তপোধীৰ ভট্টাচাৰ্য, চি আৰ পি চিৰ সাদন পুৰকায়স্থ, চি পি আই নেতা চন্দন চক্ৰৱৰ্তী, প্ৰাক্তন বিধায়ক আতোৱাৰ ৰহমান মাঝাৰভূঞা, প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদ, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া এ এইচ খন্দকাৰ, হাইলাকান্দি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আলী হায়দৰ লস্কৰ, নদুৱাতুত তামিৰৰ ফৰিদ উদ্দিন চৌধুৰী, জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল ৰছিদ, চি আৰ পি চিৰ কিশোৰ ভট্টাচাৰ্য, জামাত-ই-ইছলামী হিন্দৰ নুৰ ইছলাম মাঝাৰভূঞা, অধিবক্তা সুব্ৰত পাল, নৰ্থ-ইষ্ট বাৰ কাউন্সিলৰ সহঃ অধ্যক্ষ তথা শিলচৰ বাৰ এছ’চিয়েচনৰ সভাপতি নিলাদ্ৰী ৰয়, নবীন চন্দ্ৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মুৰ্তাজা হুছেইন, কৰিমগঞ্জ বাৰ এছ’চিয়েচনৰ সম্পাদক আতিকুৰ বাৰী চৌধুৰী, হাইলাকান্দিৰ অধিবক্তা আবজল হুছেইন লস্কৰ, ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ কাৰ্যকৰী সভাপতি আব্দুল বাতিন খন্দকাৰকে ধৰি বৰাক উপত্যকাৰ বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )