শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / মাৰ্গাৰেট এটউড- বেৰ্নাৰ্ডিন এৱাৰিষ্ট’লৈ যুটীয়াভাৱে ২০১৯ৰ বুকাৰ বঁটা

মাৰ্গাৰেট এটউড- বেৰ্নাৰ্ডিন এৱাৰিষ্ট’লৈ যুটীয়াভাৱে ২০১৯ৰ বুকাৰ বঁটা

লণ্ডন, ১৫ অক্টোবৰ : কানাডিয়ান প্ৰখ্যাত কবি মাৰ্গাৰেট এটউড আৰু ইংলেণ্ডৰ প্ৰখ্যাত সাহিত্যিক বৰ্নাৰ্ডিন এৱাৰিষ্ট’লৈ যুটীয়াভাৱে চলিত বৰ্ষৰ মেন বুকাৰ বঁটা আগবঢ়োৱা হৈছে। বুকাৰ বঁটা নিৰ্বাচক মণ্ডলীয়ে চলিত বৰ্ষত বঁটা প্ৰদানৰ নিয়ম ভংগ কৰি যুটীয়াভাৱে এই বঁটা আগবঢ়াইছে। উল্লেখ্য যে এই বঁটাৰ বাবে নিৰ্বাচিত হৈছিল ভাৰতীয় ঔপন্যাসিক ছলমান ৰুশ্বদীৰ উপন্যাস ‘কুইকচট’ (Quichotte)। বুকাৰ নিয়ম অনুসৰি এই বঁটা যুটীয়াভাৱে প্ৰদান কৰিব নোৱাৰে। কিন্তু এইবাৰ নিৰ্বাচক মণ্ডলীয়ে উল্লেখ কৰা অনুসৰি মাৰ্গাৰেট এটউড আৰু ইংলেণ্ডৰ বৰ্নাৰ্ডিন এৱাৰিষ্ট’ৰ ভিতৰত কোনোজনক এককভাৱে এই বঁটা আগবঢ়োৱাটো অসম্ভৱ হৈ পৰিছে।

এটউডৰ গ্ৰন্থ ‘দ্য টেষ্টামেণ্ট’ আৰু এৱাৰিষ্ট’ৰ ‘গাৰ্ল, ৱমেন, আদাৰ’ৰ কোনো এখন গ্ৰন্থলৈ এই বঁটা আগবঢ়োৱাটো অসম্ভৱ হৈ পৰিছিল। সেই অনুসৰি নিয়ম ভংগ কৰি এই বৰ্ষৰ বুকাৰ বঁটা যুটীয়াভাৱে প্ৰদান কৰা হয় বুলি নিৰ্বাচক মণ্ডলীয়ে উল্লেখ কৰে। উল্লেখ্য যে এই বঁটা ১৯৬৯ৰ পৰা প্ৰদান কৰি আহিছে। ইয়াৰ পূৰ্বে ১৯৯২ চনত দুজন সাহিত্যিকলৈ যুটীয়াভাৱে এই বঁটা আগবঢ়োৱা হৈছিল। তাৰ পিছৰ পৰা নিয়ম ভংগ কৰা হোৱা নাছিল। কিন্তু এইবাৰ পুনৰ নিয়ম ভংগ কৰি যুটীয়াভাৱে বুকাৰ বঁটা আগবঢ়োৱা হৈছে দুই সাহিত্যিকলৈ। পাঁচজনীয়া সদস্যৰ নিৰ্বাচক মণ্ডলীৰ অধ্যক্ষ পিটাৰ ফ্ল’ৰেন্সে উল্লেখ কৰে যে পাঁচঘণ্টীয়া চিন্তা-চৰ্চাৰ অন্তত সিদ্ধান্ত লোৱা হয় যে পূৰ্বৰ নিয়ম ভংগ কৰি এই বৰ্ষৰ বুকাৰ বঁটা প্ৰদান কৰা হ’ব।

এই দুগৰাকী সাহিত্যিকে ৫০ হাজাৰ পাউণ্ড (প্ৰায় ৪৫ লাখ টকা) ভগাই ল’ব। ৭৯ বছৰীয়া কানাডিয়ান কবি এটউডে উল্লেখ কৰে— ‘এৱাৰিষ্ট’ৰ সৈতে পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰাৰ বাবে আনন্দিত হৈছো। যিহেতু মোৰ বয়স বৃদ্ধি হৈ আহিছে, সেই বাবে বহু ধনৰ প্ৰয়োজন নাই। সেই বাবে মই যুটীয়াভাৱে বুকাৰৰ ধন লাভ কৰি সন্তুষ্ট।’ ৬০ বছৰীয়া এৱাৰিষ্ট’ৱে কয়— মাৰ্গাৰেট এটউডৰ সৈতে যুটীয়াভাৱে পুৰস্কাৰ লাভ কৰিবলৈ পাই নথৈ আনন্দিত হৈছো। যিহেতু তেওঁ এগৰাকী প্ৰখ্যাত কবি।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )