শেহতীয়া খবৰ
Home / ক্ৰীড়া / VIDEO | ইউৰোপীয়ান অপেনৰ চেম্পিয়ন এণ্ডে মাৰে

VIDEO | ইউৰোপীয়ান অপেনৰ চেম্পিয়ন এণ্ডে মাৰে

অন্তৱেৰপ (বেলজিয়াম), ২১ অক্টোবৰ: দুবছৰৰ পিছত এটিপি টুৰ্নামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰি ক্ষান্ত নাথাকি ইউৰোপীয়ান অ’পেনৰ চেম্পিয়নৰ খিতাপ দখল কৰিছে এণ্ডি মাৰেই। কালি নিশা অনুষ্ঠিত ইউৰোপীয়ান অ’পেনৰ ফাইনেলত মাৰেই ছুইজাৰলেণ্ডৰ ষ্টান ৱাৱৰিংকাক ৩-৬, ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিছে। অস্ত্ৰোপচাৰ সম্পন্নৰ পিছত মাৰেৰ এইটো প্ৰথমটো একক চেম্পিয়ন খিতাপ। ব্ৰিটেইনৰ প্ৰাক্তন শীৰ্ষ তথা বৰ্তমানৰ ২৪৩ স্থানৰ ৰেংকিংপ্ৰাপ্ত টেনিছ তাৰকা মাৰেই ফাইনেলত প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰে।

বিশ্বৰ ১৮ স্থানৰ ৰেংকিংপ্ৰাপ্ত টেনিছ তাৰকাগৰাকীৰ হাতত ফাইনেলৰ প্ৰথমটো ছেটত পৰাস্ত হ’বলগীয়া হয় যদিও আন দুটা ছেটত দুৰ্দান্ত প্ৰদৰ্শনেৰে জয়লাভ কৰাই নহয়, চেম্পিয়নৰ খিতাপ দখল কৰে। যাক লৈ তেওঁ উৎফুল্ল হৈ পৰিছে। দীৰ্ঘদিনৰ পিছত চেম্পিয়নৰ খিতাপ হাতত লৈ তেওঁক উৎফুল্ল হোৱা দেখা যায়। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ফাইনেলত প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰাৰ বাবে চেম্পিয়নৰ খিতাপ তেওঁৰ হাতত। উল্লেখ্য যে মাৰেই ছেমি-ফাইনেলত ফ্ৰান্সৰ উগো হামবাৰ্টৰে মুখামুখি হৈছিল।

এণ্ডি মাৰেই ছেমিত প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে মেচৰ আৰম্ভণিৰ পৰা দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছিল। দুয়োজনৰ মাজত ছেমি-ফাইনেলখন দুঘন্টা ২৩ মিনিট ধৰি চলিছিল। য’ত এণ্ডি মাৰেই প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ৩-৬, ৭-৫, ৬-২ ছেটত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। উল্লেখ্য যে ইয়াৰ পূৰ্বে কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বী ৰোমানীয়াৰ মাৰিউছ কপিলক ৬-৩, ৬-৭ (৭-৯) ৬-৪ ছেটত পৰাস্ত কৰি ছেমিত প্ৰৱেশ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ প্ৰতিদ্বন্দ্বী উৰুগুৱেৰ পাবলো কেভচক পোনপটীয়া দুটা ছেট ৬-৪, ৬-৩ত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )