শেহতীয়া খবৰ
Home / ক্ৰীড়া / প্ৰিমিয়াৰ লীগত ড্ৰ খেলিলে মানচেষ্টাৰ ইউনাইটেড-লিভাৰপুলে

প্ৰিমিয়াৰ লীগত ড্ৰ খেলিলে মানচেষ্টাৰ ইউনাইটেড-লিভাৰপুলে

অ’ল্ড ট্ৰেফোৰ্ড, ২১ অক্টোবৰ : প্ৰিমিয়াৰ লীগৰ মেচত ড্ৰ খেলিছে মানচেষ্টাৰ ইউনাইটেড আৰু লিভাৰপুলে। কালি নিশা অ’ল্ড  ট্ৰেফোৰ্ডত অনুষ্ঠিত মেচখনত দুয়োটা দলে ১-১ গ’লেৰে ড্ৰ খেলে। দুয়োটা দলৰ মাজৰ মেচখনত অধিক ৰোমাঞ্চকৰ আছিল। দুয়োটা দলে মেচখনত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰে। হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত মেচখনত দুয়োটা দলে সমানে যুঁজ দিয়ে। যাৰ বাবে মেচৰ আৰম্ভণিৰ পৰা বহু সময়লৈ দুয়োটা দলে গ’ল দিবলৈ সক্ষম হোৱা নাছিল। কিন্তু মেচৰ প্ৰথম অৰ্ধ শেষ হ’বলৈ কিছু সময় বাকী থকাৰ সময়ত মানচেষ্টাৰ ইউনাইটেডে প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে এটা গ’ল দিয়াৰ সুযোগ পায়। সেই সুযোগ কোনোকাৰণতে হাতৰ পৰা ওলাই যাবলৈ নিদিলে মানচেষ্টাৰ ইউনাইটেডে।

সুযোগৰ সদ্ব্যৱহাৰ কৰি ৩৬ মিনিটত প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে মানচেষ্টাৰ ইউনাইটেডে প্ৰথমটো গ’ল দিয়ে। দলটোৰ হৈ গ’লটো দিয়ে এম ৰাছফৰ্ডে। গ’লটোৰ সহায়ত মেচখনত মানচেষ্টাৰ ইউনাইটেড ১-০ গ’লৰ অগ্ৰগতিত থাকে। ইয়াৰ মাজতে প্ৰথম অৰ্ধ অন্ত পৰে। আৰম্ভ হয় দ্বিতীয় অৰ্ধ। দ্বিতীয় অৰ্ধৰ বহু সময়লৈ দুয়োটা দলে গ’ল দিবলৈ সক্ষম নহ’ল। মেচ অন্ত পৰাৰ দিশে আগবাঢ়িছিল। জয়ৰ দিশে গতি কৰিছিল মানচেষ্টাৰ ইউনাইটেড। কিন্তু এনে সময়ছোৱাতে লিভাৰপুলে প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে প্ৰথমটো গ’ল দিয়াৰ সুযোগ পায়। ৮৫ মিনিটত গ’ল দিয়াৰ সুযোগ পায় লিভাৰপুলে। সেই সুযোগৰ সদ্ব্যৱহাৰ কৰি ৮৫ মিনিটত লিভাৰপুলে প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে প্ৰথমটো গ’ল দিয়ে। গ’লটো দিয়ে এল এ লালনে। ফলত মেচখনত ১-১ত থাকে দুয়োটা দল। তাৰ পিছত দুয়োটা দলে দ্বিতীয়টো গ’ল দিয়াৰ বাবে অপ্ৰাণ চেষ্টা চলাই যদিও সফল নহ’ল। ইয়াৰ মাজতে অন্ত পৰে মেচখন। যাৰ বাবে ১-১ গ’লেৰে ড্ৰ হৈ ৰয় মেচখন।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )