শেহতীয়া খবৰ
Home / ক্ৰীড়া / VIDEO | ইনষ্টাগ্ৰাম পোষ্টেৰে ৰোনাল্ড’ৰ বাৰ্ষিকী উপাৰ্জন ৩৪০ কোটি টকা

VIDEO | ইনষ্টাগ্ৰাম পোষ্টেৰে ৰোনাল্ড’ৰ বাৰ্ষিকী উপাৰ্জন ৩৪০ কোটি টকা

মাদ্ৰিদ : বিশ্বৰ প্ৰখ্যাত ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ড’ৱে ইনষ্টাগ্ৰাম পোষ্টৰ পৰা বাৰ্ষিকী উপাৰ্জন কৰে ৩৪০ কোটি টকা। তেওঁ ফুটবলৰ তুলনাত ইনষ্টাগ্ৰাম পোষ্টৰ পৰা বাৰ্ষিকী অধিক উপাৰ্জন কৰি আহিছে। ৰোনাল্ড’ৱে বিগত বৰ্ষত ইনষ্টাগ্ৰাম পোষ্টৰ পৰা উপাৰ্জন কৰিছে কমেও ৩৪০ কোটি টকা। তাৰ বিপৰীতে তেওঁৰ জুভেণ্টাছত বাৰ্ষিকী চুক্তি ২৪২ কোটি টকাৰ। যাৰ বাবে ফুটবল ক্লাবৰ তুলনাত ৰোনাল্ড’ৱে বাৰ্ষিকী ৯৮ কোটি টকা অধিক লাভ কৰে ইনষ্টাগ্ৰামৰ পৰা। উল্লেখযোগ্য যে ৰোনাল্ড’ৰ ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা হৈছে ১৮৬ নিযুত।

খবৰ অনুসৰি তেওঁ প্ৰতিটো ইনষ্টাগ্ৰাম পোষ্টৰ পৰা ৬.৯ কোটি টকাকৈ উপাৰ্জন কৰে। ছ’চিয়েল মিডিয়াত উপাৰ্জনৰ তালিকাত ৰোনাল্ড’ৰ পিছত আছে লিয়নেল মেছী। স্পেনিছ ক্লাব বাৰ্চিলোনাৰ মেছীয়ে ৩৬টা ইনষ্টাগ্ৰাম পোষ্টৰ পৰা বিগত বৰ্ষত ১৬৫ কোটি টকা উপাৰ্জন কৰে। তালিকাত একাদশ স্থানত আছে ভাৰতীয় দলৰ আধিনায়ক বিৰাট কোহলী। তেওঁ বাৰ্ষিকী ৮.৩ কোটি টকা উপাৰ্জনেৰে তালিকাত একাদশ স্থান দখল কৰে। উল্লেখ্য যে ইনষ্টাগ্ৰাম পোষ্টৰ পৰা উপাৰ্জন কৰা ধনৰ ক্ষেত্ৰত ৰোনাল্ড’তকৈ বহু পিছত আছে প্ৰিয়ংকা চোপ্ৰাকে ধৰি বিশ্বৰ বহু প্ৰখ্যাত ছেলিব্ৰিটী।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )