শেহতীয়া খবৰ
Home / আঞ্চলিক / জনসংখ্যা নিয়ন্ত্ৰণ নীতিক লৈ আজমলে আৰম্ভ কৰিছে সস্তিয়া ৰাজনীতি : এআইইউডিএফ প্ৰধানৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল আমছু

জনসংখ্যা নিয়ন্ত্ৰণ নীতিক লৈ আজমলে আৰম্ভ কৰিছে সস্তিয়া ৰাজনীতি : এআইইউডিএফ প্ৰধানৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল আমছু

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ অক্টোবৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে শেহতীয়াকৈ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বিশেষকৈ জন্ম-নিয়ন্ত্ৰণ নীতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, চমুকৈ আমছুৱে। দুটাতকৈ অধিক সন্তান জন্ম দিয়াসকলে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হোৱাই নহয়, পঞ্চায়ত নিৰ্বাচন, নগৰ সমিতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰাও বঞ্চিত হ’ব। সোণোৱাল চৰকাৰৰ জন্ম-নিয়ন্ত্ৰণ নীতিক লৈ শেহতীয়াকৈ একাংশই সংখ্যালঘু ৰাইজৰ মাজত সস্তীয়া ৰাজনীতি আৰম্ভ কৰিছে। পাকে-প্ৰকাৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক লক্ষ্য কৰি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে কয় যে চৰকাৰৰ নতুন জনসংখ্যা নীতিক লৈ অসমৰ একাংশ ৰাজনীতিবিদে নিজৰ ভোটবেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে। ধৰ্মৰ নামত সহজ-সৰল লোকক বিপথে পৰিচালিত কৰিবলৈ উঠিপৰি লাগিছে।

ছাত্ৰ সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আজি আয়োজিত এক সংবাদমেলত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে নতুন জনসংখ্যা নীতিক লৈ সস্তীয়া ৰাজনীতি কৰা ৰাজনীতিবিদসকলক এনেধৰণৰ লেতেৰা কুকাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰে। তেওঁ লগতে কয় যে ভৌগোলিকভাৱে ৰাজ্যখনৰ মুঠ মাটিকালি আৰু আৰ্থ-সামাজিক অৱস্থাৰ প্ৰতি লক্ষ্য কৰিলে জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো অত্যন্ত জৰুৰী। জনসংখ্যা বৃদ্ধিৰ হাৰৰ তুলনাত ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়ন সঠিকভাৱে হৈ থকা নাই। ৰাজ্যৰ বহু অঞ্চলত আজিও আৰ্থ-সামাজিক শৈক্ষিক দিশত কিছু কিছু জনগোষ্ঠীৰ লোক ইমান পিছ পৰা যে প্ৰত্যক্ষ অভিজ্ঞতা নহ’লে কোনেও অনুভৱ কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত গ্ৰহণযোগ্য যদিও কেৱল আইন প্ৰণয়ন কৰি বা চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত কৰাৰ ভয় দেখুৱাই জনসংখ্যা বৃদ্ধিৰ হাৰ কমোৱা বাস্তৱত সম্ভৱ নহয়। তেওঁ লগতে কয় যে জন্মৰ হাৰ নিয়ন্ত্ৰণ কৰিলেই ৰাজ্যখনৰ আৰ্থ-সামাজিক দিশত উন্নয়ন সম্ভৱ নহ’ব।

ৰাজ্য চৰকাৰে প্ৰকৃতাৰ্থত যদি জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ ইচ্ছা কৰিছে তেন্তে দুটাতকৈ অধিক সন্তান জন্ম দিয়াসকলক চৰকাৰী চাকৰি অথবা পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব নিদিবলৈ লোৱা সিদ্ধান্তৰ সমান্তৰালকৈ ৰাজ্যখনৰ অতিকৈ অনগ্ৰসৰ জাতি-জনগোষ্ঠীৰ লোকক সঠিক আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অনগ্ৰসৰ জাতি-জনগোষ্ঠীৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ উপৰি আৰ্থ-সামাজিক উন্নয়নৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলে স্বতঃস্ফূৰ্তভাৱে জন্ম নিয়ন্ত্ৰণ হৈ যাব। শেহতীয়াকৈ জন্ম-নিয়ন্ত্ৰণ নীতিক লৈ একাংশ ৰাজনৈতিক নেতাই যিধৰণে সংখ্যালঘু জনসাধাৰণৰ মাজত বিতৰ্কিত মন্তব্য কৰি তোলপাৰ লগাইছে সেই সন্দৰ্ভত তেওঁ কয় যে ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাটো সকলো জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে দায়িত্ব আৰু কৰ্তব্য। সকলোৰে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাত ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা উচিত।

সহজ-সৰল অশিক্ষিত লোকক ধৰ্মৰ দোহাই দি বিপথে পৰিচালিত কৰি সমাজ-জীৱনত পশ্চাদগামী যাতে কোনেও নকৰে তাৰ বাবে সকলো পক্ষকে সকীয়নি প্ৰদান কৰে। ইপিনে কেবিনেটত ভূমিহীন লোকক ভূমি প্ৰদান কৰা সন্দৰ্ভত যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সন্দৰ্ভত আজিজুৰ ৰহমানে কয় যে ভূমিহীন লোকক ৰাজ্য চৰকাৰে তিনি বিঘাকৈ ভূমি প্ৰদান কৰাৰ লগতে যিসকল লোকৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিয়লৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কিন্তু ঘৰ নিৰ্মাণ কৰিবলৈ নিজৰ মাটি নাই তেনে লোকক পঞ্চাশ হাজাৰ টকা মাটি কিনিবলৈ প্ৰদান কৰিব বুলি লোৱা সিদ্ধান্ত এক উল্লেখযোগ্য তথা আদৰণীয় পদক্ষেপ। কিন্তু ৰাজ্য চৰকাৰৰ মুখপাত্ৰই সংবাদ মাধ্যমত কেৱল উল্লেখিত ৩ বিঘাকৈ ভূমি আৰু ৫০ হাজাৰকৈ টকা কেৱল খিলঞ্জীয়া লোকেহে পাব বুলি কৰা মন্তব্যই ৰাইজক বিভ্ৰান্ত কৰিছে। কিয়নো, অসমত খিলঞ্জীয়া কোন সেয়া চৰকাৰীভাৱে সকলোৰে গ্ৰহণযোগ্যভাৱে আজিলৈকে নিৰ্ধাৰিত হোৱাই নাই।

খিলঞ্জীয়াৰ সংজ্ঞা কি· অসমত জন্ম গ্ৰহণ কৰি অসমৰ বায়ু-পানী সেৱন কৰাৰ লগতে অসমীয়া ভাষা-সংস্কৃতি চহকী কৰা সকলো অসমবাসী ভাৰতীয় নাগৰিকসকল তথাকথিত ‘খিলঞ্জীয়া’ তথা চৰকাৰৰ নতুন ভূমি নীতিৰ আওতাৰ ভিতৰত আছে নে নাই সেয়া স্পষ্ট নহয়। চৰকাৰে প্ৰথমতে খিলঞ্জীয়া শব্দৰ সংজ্ঞা নিৰ্ধাৰণ কৰক। অসমত বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ-ভাষাৰ লোকে বসবাস কৰে। কোন খিলঞ্জীয়া আৰু কোন অখিলঞ্জীয়া সেয়া স্পষ্ট ৰূপত নিৰ্ধাৰণ নহ’লে খিলঞ্জীয়াৰ নামত চৰকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ যাওঁতে বিষয়া-কৰ্মচাৰীসকলে বহুতৰ লগত যে বৈষম্য কৰিব সেয়া অৱধাৰিত। সেয়েহে চৰকাৰৰ নতুন ভূমি নীতি কাৰ্যকৰী কৰাৰ পূৰ্বে খিলঞ্জীয়া শব্দৰ সৰ্বজন গ্ৰহণযোগ্য সংজ্ঞা স্পষ্ট ৰূপত নিৰ্ধাৰণ কৰিবলৈ আমি চৰকাৰক দাবী জনাওঁ। আনহাতে চৰকাৰে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা সন্দৰ্ভত গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন কমিটীয়েও ‘খিলঞ্জীয়া’ শব্দ ব্যৱহাৰ কৰি অসমীয়া লোকক তিনি শ্ৰেণীত বিভক্ত কৰিছে।

ইফালে ডিটেনচন কেম্পত অমানৱীয়ভাৱে বন্দী কৰি ৰাখি উপযুক্ত চিকিৎসা আৰু সময়মতে খাদ্য নিদিয়াৰ ফলত তিল তিলকৈ বন্দীজীৱন অতিবাহিত কৰা দুৰ্ভগীয়া লোকসকলে মৃত্যুবৰণ কৰি আছে। শোণিতপুৰ জিলাৰ বৰছলা আলিছিগা গাঁৱৰ দুলাল পাল, নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ঘোগাৰ ফালু দাস, ওদালগুৰি জিলাৰ ৰৌতাৰ জোববাৰ আলী, লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ কুদ্দুছ আলী সমন্বিতে ২৭জনকৈ লোকে মৃত্যুবৰণ কৰিছে। কিন্তু এই মৃত্যু প্ৰকৃততে মৃত্যু নহয়, এয়া চৰকাৰৰ পৰিকল্পিত হত্যাকাণ্ড। বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষণা কৰাই ডিটেনচন কেম্পত বন্দী কৰি থোৱাৰ পৰিৱৰ্তে, এনে লোকক সংশ্লিষ্ট দেশলৈ প্ৰত্যাৱৰ্তন কৰিব লাগে। তাকে নকৰি ডিটেনচন কেম্পত বন্দী কৰি ৰাখি দৈনন্দিন খাদ্য আৰু প্ৰয়োজনীয় চিকিৎসা নিদিয়াৰ লগতে এক গোহালিসদৃশ ঠাইত একেলগে দুইযতিনিশ লোকক থাকিবলৈ দি তিল তিলকৈ হত্যা কৰি থকা হৈছে।

আজিলৈকে ডিটেনচন কেম্পত বন্দীজীৱন অতিবাহিত কৰি মৃত্যু হোৱা প্ৰতিটো মৃত্যুৰ ঘটনাৰ নিৰপেক্ষ ন্যায়িক তদন্ত দাবী কৰিছো। নিৰপেক্ষ তদন্ত হ’লে প্ৰতিটো মৃত্যু যে পৰিকল্পিত হত্যাকাণ্ড সেয়া প্ৰমাণিত হ’ব। বিদেশী ঘোষিত ব্যক্তিসকলক জীৱিত কালত নিজৰ পৰিয়ালৰ লোকৰ কাষৰ পৰা আঁতৰাই ডিটেনচন কেম্পত বন্দী কৰি ৰাখি মৃত্যুৰ পিছত জোৰ কৰি, ভয় খুৱাই, ধৰ্মৰ দোহাই দি মৃতদেহ পৰিয়ালক চমজাই দিয়াৰ মতলব কি· এনে কৰাতকৈ বিদেশী হিচাপে ঘোষিত হোৱাৰ পিছত চৰকাৰে যিমান যি বণ্ডত চহী কৰাব লাগে কৰাই প্ৰয়োজনত স্থানীয় দল-সংগঠনৰ প্ৰতিনিধিৰ জিম্মাত নিজৰ পৰিয়ালৰ লগতে জীৱন অতিবাহিত কৰিব দিব লাগে বুলি আমি চৰকাৰক দাবী জনাওঁ। আজিৰ সংবাদমেলত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, সাধাৰণ সম্পাদক মোচাৰফ হুছেইন কবিৰ, আব্দুৰ ৰহমান বিশ্বাস, সহকাৰী সাধাৰণ সম্পাদক মিন্নাতুল আহমেদকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )