শেহতীয়া খবৰ
Home / আঞ্চলিক / ৪ নৱেম্বৰৰ পৰা গুৱাহাটীত চলিব বৈদ্যুতিক বাছ

৪ নৱেম্বৰৰ পৰা গুৱাহাটীত চলিব বৈদ্যুতিক বাছ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ অক্টোবৰ : প্ৰদূষণ হ্ৰাস কৰাৰ বাবে গুৱাহাটীত ই-বাছ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ নিগমে। আজি হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত উত্তৰ-পূব বৈদ্যুতিক ম’বিলিটী সমাৰোহত অংশগ্ৰহণ কৰি এই কথা জানিবলৈ দিয়ে ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে। ইতিমধ্যে পৰিবহণ নিগমৰ হাতত থকা ১৫খন বৈদ্যুতিক বাছ গুৱাহাটীত চলাচল কৰা হ’ব বুলি উল্লেখ কৰে। অহা ৪ নৱেম্বৰৰ পৰা গুৱাহাটীত এই বৈদ্যুতিক বাছসমূহ চলাচল কৰা হ’ব বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে। উল্লেখ্য যে কেন্দ্ৰৰ পৰা লাভ কৰা বৈদ্যুতিক বাছসমূহ চলাচল কৰাৰ বাবে এমাহ পূৰ্বৰ পৰাই পৰিবহণ নিগমে প্ৰস্তুতি চলাই আছিল আৰু ‘ব্ৰহ্মপুত্ৰ পুষ্কৰ’ৰ সময়ত এই বাছসমূহ চলাচল কৰাই ধাৰ্মিক পৰ্যটকসকলক বিভিন্ন স্থানলৈ অনা-নিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছিল।

প্ৰথম অৱস্থাত কামাখ্যা মন্দিৰলৈ এই বাছৰ সুবিধা প্ৰদান কৰাৰ বাবে পৰিবহণ নিগমে উদ্যোগ গ্ৰহণ কৰিছিল। আজিৰ অনুষ্ঠানত পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ৰ উপৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অসম ৰাজ্যিক পৰিবহণ নিগমে অনুষ্ঠিত কৰা সমাৰোহখনত উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰদূষণমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ৰাজ্যিক পৰিবহণ নিগমে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাজ্যত প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ভূমিকা সন্দৰ্ভত সভাখনত বিস্ত´ত আলোচনা অনুষ্ঠিত হয়।

উল্লেখ্য যে ৰাজ্যিক পৰিবহণ নিগমে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ই-বাছ চলাচল কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইতিমধ্যে প্ৰথম কনছাইনমেণ্ট হিচাপে লাভ কৰা ১৫খন বাছক সেৱাৰ বাবে সাজু কৰি তুলিছে পৰিবহণ নিগমে। অনাগত সময়ত আৰু অধিক বাছ লাভ কৰিব ৰাজ্যই। সেই অনুসৰি সৰ্বমুঠ এশখন ইলেকট্ৰিক বাছৰ বাবে ইতিমধ্যে সংশ্লিষ্ট কতৃÇপক্ষক পৰিবহণ নিগমে আবেদন জনাইছে আৰু শীঘ্ৰে বাকী বাছসমূহো লাভ কৰিব পৰিবহণ নিগমে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )