শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাজ্যত অব্যাহত কয়লা ছিণ্ডিকেট, নিশা খানাপাৰাত চি আই ডিৰ অভিযান

ৰাজ্যত অব্যাহত কয়লা ছিণ্ডিকেট, নিশা খানাপাৰাত চি আই ডিৰ অভিযান

বিহাৰলৈ গৈ থকা অৱস্থাত কয়লা ভৰ্তি ট্ৰাক জব্দ
এতিয়ালৈকে দাখিল নহ’ল কয়লা ছিণ্ডিকেট সন্দৰ্ভত চি আই ডিৰ শ্বাৰ্জশ্বীট

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ অক্টোবৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত সকলো প্ৰকাৰৰ ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ স্থিতি গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰি আৰক্ষীক ইয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছিল। কিন্তু এতিয়াও ৰাজ্যত একাংশ দুৰ্নীতিপৰায়ণ আৰক্ষী আৰু পৰিবহণ বিষয়াক মেনেজ কৰি অব্যাহত আছে কয়লাৰ ছিণ্ডিকেট। বিভিন্ন সময়ত বিৰোধীয়ে ৰাজ্যত কয়লা ছিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপন কৰি আহিছে যদিও শাসকীয় পক্ষই ৰাজ্যত কোনো ছিণ্ডিকেট নাই বুলি মন্তব্য কৰি আহিছে। লক্ষণীয় যে উজনি অসমৰ তিনিচুকীয়া, মাৰ্ঘেৰিটা, দিহিং-পাটকাইত কয়লা ছিণ্ডিকেট চলি থকা বুলি কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ধাৰাবাহিকভাৱে অভিযোগ উত্থাপন কৰাৰ পিছত কালি এন এছ ইউ আয়ে সংবাদমেল যোগে তথ্য সহকাৰে ৰাজ্যত চলি থকা কয়লা ছিণ্ডিকেট উদঙাই দিছিল। এনে অৱস্থাতে কালি নিশা চি আই ডিয়ে অভিযান চলাই খানাপাৰাৰ পৰা এ এছ-০১জেচি-৯০৭৭ নম্বৰৰ এখন কয়লাভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে চালক-হেণ্ডিমেনক আটক কৰে।

মেঘালয়ৰ বৰ্ণিহাটৰ পৰা কয়লা বোজাই কৰি বিহাৰলৈ গৈ আছিল ট্ৰাকখন। অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি আন দুখনমান ট্ৰাক পলাই সাৰে। লক্ষণীয় যে মেঘালয়ৰ পৰা ৰাজ্যৰ মাজেৰে কয়লা সৰবৰাহ অব্যাহত আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ একাংশ থানাৰ দুৰ্নীতিপৰায়ণ আৰক্ষীক মেনেজ কৰি কয়লা মাফিয়া চক্ৰই ছিণ্ডিকেট অব্যাহত ৰাখিছে আৰু ৰাজ্যৰ মাজেৰে লাখ লাখ টন কয়লা সৰবৰাহ কৰি আহিছে। ইপিনে চি আই ডিৰ হাতত এশতকৈও অধিক ট্ৰাক কালি নিশা গুৱাহাটীৰ মাজেৰে পাৰ হৈ যোৱাৰ তথ্য আছিল যদিও এখন ট্ৰাক জব্দ কৰাৰ পিছতে শতাধিক ট্ৰাক মেঘালয়ত বাহৰ পাতি ৰাজ্যত প্ৰৱেশ কৰাৰ পৰা বিৰত থাকে। ইপিনে বিগত দুটা বছৰ ধৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চি আই ডিয়ে চলোৱা কয়লা ছিণ্ডিকেটৰ তদন্তৰ গোচৰ পৰি থকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। ২০১৮ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চি আই ডিয়ে কয়লা ছিণ্ডিকেট সন্দৰ্ভত ৬/২০১৮ নং গোচৰ ৰুজু কৰি চক্ৰ বিষয়া, পৰিবহণ বিষয়া, কৰ বিষয়া আদি কৰি ১১জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। লগতে গ্ৰেপ্তাৰ কৰিছিল বেলতলাৰ কয়লা মাফিয়া কুলদীপ সিঙক।

কিন্তু বিগত দুটা বছৰে গ্ৰেপ্তাৰ কৰা চৰকাৰী বিষয়াৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা নাই চি আই ডিয়ে। চি আই ডিয়ে কয়লা ছিণ্ডিকেট সন্দৰ্ভত এতিয়ালৈকে চাৰ্জশ্বীট দাখিল নকৰা ঘটনাই এতিয়া সমগ্ৰ বিষয়টোক ৰহস্যৰ মাজলৈ ঠেলি দিছে। বিশ্বস্ত সূত্ৰৰ মতে চৰকাৰী বিষয়াৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিবলৈ হ’লে প্ৰথমতে বিভাগীয় অনুমতিৰ প্ৰয়োজন। কিন্তু গৃহ বিভাগৰ পৰা এতিয়ালৈকে চি আই ডিয়ে অনুমতি লাভ নকৰাৰ বাবেই কয়লা ছিণ্ডিকেটত হাত উজান দিয়া চৰকাৰী বিষয়াৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিব পৰা নাই তদন্তকাৰী চি আই ডিয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ স্থিতি গ্ৰহণ কৰাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীৰে দায়িত্বত থকা গৃহ বিভাগে কি কাৰণত এতিয়ালৈকে অনুমতি প্ৰদান কৰা নাই তাক লৈ এতিয়া সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )